DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

কমনৱেলথ গেমছত সোণালী ইতিহাস ৰচা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুক অভিনন্দন মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

চভাপতি চামম by চভাপতি চামম
April 6, 2018 11:28 am
chanu-266x200
63
VIEWS
Share on FacebookShare on Twitter

অষ্টেলিয়াৰ গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেমছ ২০১৮ত মণিপুৰৰ ভাৰত্তোলক ছাইখম মীৰাবাই চানুৱে ৪৮ কেজি শাখাত অভিলেখ ভংগ কৰি দেশৰ হৈ প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে খেলুৱৈগৰাকীক শুভেচ্ছা প্ৰদান কৰে।

উল্লেখ্য যে চানুৱে প্ৰতিযোগিতাখনত নিজৰ ১৯৪ কেজি উত্তোলনৰ অভিলেখ ভংগ কৰাৰ উপৰি প্ৰতিযোগিতাখনৰ পূৰ্বৰ অভিলেখ ১৭৫ কেজিৰো অভিলেখ ভংগ কৰি ১৯৬ কেজি ভাৰোত্তোলনেৰে দেশৰ হৈ প্ৰথমটো স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

মুখ্য মন্ত্ৰীয়ে শুভেচ্ছা বাৰ্তাত কয় যে বিশ্ববিজয়ী ভাৰোত্তোলকগৰাকীয়ে এনেদৰে ভৱিষ্যতেও যাতে উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি মণিপুৰ তথা দেশৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ বাবে কামনা কৰিলো।

আনহাতে মণিপুৰৰ নিৰ্মাণ মন্ত্ৰী টিএইচ বিশ্বজিতে ভাৰোত্তোলকগৰাকীৰ সাফল্যত কয়, ‘মীৰাবাইৰ এই সাফল্যই মণিপুৰৰ ক্ৰীড়া জগতলৈ এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। কিয়নো তেওঁৰ পৰা অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ আন মহিলাসকলো ক্ৰীড়া জগতলৈ আগ্ৰহী হ’ব’।

ইয়াৰ উপৰি ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিঅ’য়েও ছানুক শুভেচ্ছা প্ৰদান কৰি কয়, ‘মীৰাবাই ছানুৱে কেবল ভাৰত বা মণিপুৰলৈ গৌৰৱ কঢ়িয়াই অনা নহয় তেওঁ সমগ্ৰ কমনৱেল্থ গেমছ প্ৰতিযোগিতাখনলৈও গৌৰৱ কঢ়িয়াই আনিছে’।

৪৮ কেজি শাখাত অভিলেখ ভংগ কৰি দেশৰ হৈ প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা মণিপুৰৰ ভাৰোত্তোলক ছাইখম মীৰাবাই চানুক ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী নেমছা কিপগেনেও অভিনন্দন জ্ঞাপন কৰে।

আনহাতে মীৰাবাই ছানুৰ মাতৃ টম্বিয়ে (৫৫) কন্যাৰ এই সাফল্যত আত্মহাৰা হৈ পৰে আৰু সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱাত অভিনন্দন জ্ঞাপন কৰে।

Recent News

Tejashwi Yadav

দেশত একনায়কত্ববাদ চলিছে নেকি! বিজপিক বাক্যবাণ তেজস্বী যাদৱৰ

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

Rani Mukerji visits Kamakhya

৪৫ বছৰত বলীউডৰ ‘ৰাণী’: কামাখ্যাত ল’লে আশীৰ্বাদ

Biswajit Hazarika murder case

বিশ্বজিৎ হাজৰিকা অপহৰণ-হত্যাকাণ্ড গোচৰ: বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd