DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষমা নোখোজালৈকে বন্ধ থাকিব মুকেশ হুণ্ডাইৰ শ্ব’ৰূম : জাতীয় দল-সংগঠনক কৰ্তৃপক্ষৰ লিখিত প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 4:57 pm
MukeshHundai

আজি বন্ধ ৰখা হয় গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ শ্ব'ৰূমটো।

119
VIEWS
Share on FacebookShare on Twitter

কৰ্মচাৰীক অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই ক্ষমা নোখোজালৈকে বন্ধ থাকিব মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ। আজি এই কথা নিশ্চিত কৰিছে জাতীয় দল-সংগঠনৰ সৈতে মুকেশ হুণ্ডাই কৰ্তৃপক্ষৰ এখন চুক্তি পত্ৰই।

৪ জুলাইত মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই প্ৰতিষ্ঠানটোৰ এজন জ্যেষ্ঠ কৰ্মচাৰীক কাণত ধৰাই অপদস্থ কৰা জঘন্য ঘটনাটোৱে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত আজি ঘটনাটো সন্দৰ্ভত মুকেশ হুণ্ডাইৰ শ্ব’ৰূমৰ মালিকপক্ষৰে লাচিত সেনা, উন্নয়ন পৰিষদ, অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অখিল গগৈৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত এই চুক্তিপত্ৰখনত চহী কৰে কৰ্তৃপক্ষই।

বৈঠকত ঋষভ হিম্মৎসিংকাক তেওঁৰ এই নিন্দনীয় আচৰণৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তোলা হৈছিল। হুণ্ডাই কৰ্তৃপক্ষই এই দাবী মানি লয় বুলি জানিব পৰা গৈছে।

ঋষভ হিম্মৎসিংকাই সংবাদমেল দি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিব বুলি হুণ্ডাইৰ জেনেৰেল মেনেজাৰ (ছেইলছ) ধীৰাজ দাস কাশ্যপে এখন চুক্তিপত্ৰত চহী কৰে।

চুক্তিপত্ৰ মতে, যেতিয়ালৈকে এই ঋষভ হিম্মৎসিংকাই সংবাদ মাধ্যম যোগে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ ৰূম আৰু ছাৰ্ভিছ চেণ্টাৰ বন্ধ থাকিব বুলিও চুক্তি হয়।

“আমাৰ স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই এখন সংবাদমেল আয়োজন কৰি অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষম খুজিব।  যেতিয়ালৈকে তেখেতে তেখেতৰ এই কৃতকৰ্মৰ বাবে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা নুখুজিব তেতিয়ালৈকে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ ৰূম আৰু ছাৰ্ভিছ চেণ্টাৰ দুয়োটাই বন্ধ থাকিব। বন্ধৰ সময়ছোৱাত সকলো কৰ্মচাৰীয়ে তেখেতসকলৰ ন্যায্য দৰমহাসহ ছুটী লাভ কৰিব।…”

Agreement_MukeshHundai
মুকেশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰে বিভিন্ন দল-সংগঠনৰ সৈতে কৰা চুক্তিপত্ৰখন।

কৃষক মুক্তিৰ নেতা অখিল গগৈ আৰু সদৌ অসম উন্নয়ন পৰিষদ, লাচিত সেনা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে এই চুক্তি কৰে। এই চুক্তিপত্ৰৰ প্ৰতিলিপি জাতীয় দল-সংগঠনৰ লগতে জিলা প্ৰশাসনলৈও প্ৰেৰণ কৰা বুলি হুণ্ডাইৰ কৰ্তৃপক্ষই কয়।

এই বন্ধৰ সময়ছোৱা কৰ্মচাৰীসকলে ছুটী হিচাপে পাব। কৰ্মচাৰীসকলে ছুটীৰ সময়ছোৱাত সম্পূৰ্ণ দৰমহাও লাভ কৰিব। তাৰোপৰি কোনো কৰ্মচাৰীক ভৱিষ্যতে দুৰ্ব্যৱহাৰ কৰা নহ’ব বুলিও চুক্তিত চহী কৰে মুকেশ হুণ্ডাই কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে ৪ জুলাইত মুকেশ হুণ্ডাইৰ এজন জ্যেষ্ঠ কৰ্মচাৰীক প্ৰতিষ্ঠানটোৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কাণত ধৰাই অপদস্থ কৰি ঘৃণনীয় আচৰণ প্ৰদৰ্শন কৰিছিল, যাৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ সৰ্বত্ৰে দেখা গৈছিল।

আজি গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ সন্মুখত কেইবাটাও দল-সংগঠনে এই ঘটনাটোৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে লগতে ঋষভ হিম্মৎসিংকাৰ পৰা লিখিত ক্ষমা প্ৰাৰ্থনা দাবী কৰে। প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা দেখা যায়।

ঘটনাটোৰ প্ৰতিবাদ কৰিছে অৰ্কিড ইণ্ডিয়া নামৰ সংগঠনটোৱেও। কৰ্তৃপক্ষই ক্ষমা নোখোজা পৰ্য্যন্ত মুকেশ হুণ্ডাইক বৰ্জনৰ আহ্বান জনাইছে সংগঠনটোৱে।

আনহাতে কালি ঘটনা সন্দৰ্ভত তিনিটাকৈ গোচৰ ৰুজু হৈছে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে। অৱশ্যে হিম্মৎসিংকাক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই।

আজি প্ৰতিষ্ঠানটোৰ সন্মুথত যথেষ্ট সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক থকাৰ লগতে প্ৰতিষ্ঠানটো বন্ধ থকা দেখা গৈছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd