DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰিমগঞ্জত এন আৰ চিৰ কামত ব্যস্ত থকাৰ অজুহাতত শিক্ষকে বন্ধ ৰাখিছে বিদ্যালয়

শিৱাশিষ চক্ৰবৰ্তী by শিৱাশিষ চক্ৰবৰ্তী
April 1, 2018 1:27 pm
SchoolClosedforNRC
87
VIEWS
Share on FacebookShare on Twitter

যি সময়ত কৰিমগঞ্জৰ আহমদ আলী নামৰ এজন প্ৰাক্তন ৰিক্সা চালকে শিক্ষাৰ প্ৰসাৰৰ বাবে বিদ্যালয় স্থাপনেৰে দেশৰ মনোযোগ আকৰ্ষণ কৰিছে সেই সময়তে জিলাখনৰ এখন বিদ্যালয়ৰ শিক্ষকে এন আৰ চিৰ কামত ব্যস্ত থকাৰ অজুহাতত বন্ধ ৰাখিছে পাঠদান।

জানিব পৰামতে জিলাখনৰ ৰাতাবাৰীৰ ১১৬৬ আহমেদাবাদ এল পি স্কুলখন আজি ভালেদিন ধৰি বন্ধ হৈ আছে। বিগত কিছু মাহ ধৰি ছেগা-চোৰোকাকৈহে পাঠ দান কৰা হৈছে বিদ্যালয়খনত। ইয়াৰ ফলত বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ক্ষতি হোৱাৰ লগতে এই কথাই অতি উদ্বিগ্ন কৰি তুলিছে অভিভাৱকসকলকো।

অভিভাৱকসকলে জনোৱামতে প্ৰধান শিক্ষক অনুপ কাইৰি আৰু সহ শিক্ষয়িত্ৰী ঝুমৰা বেগম, দুয়োজনে বিভিন্ন অজুহাতত বিদ্যালয়লৈ অহাৰ পৰা বিৰত থাকে। অনুপ কাইৰিয়ে নিজে এন আৰ চিৰ কামত লাগিব লগীয়া হৈছে বুলি অজুহাত দেখুওৱাৰ বিপৰীতে ঝুমৰা বেগমো বিভিন্ন অজুহাতত বিদ্যালয়লৈ নাহে।

স্থানীয় লোকসকলে বিদ্যালয়খনৰ এনে অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে শিক্ষা বিভাগৰ স্থানীয় বিষয়াকো অৱগত কৰিছে। তাৰ পিছতো কোনো সুফল পোৱা নাই।

আনহাতে বিষয়টোত হস্তক্ষেপ বিচাৰি আৰু বিদ্যালয়খনত যাতে নিয়মীয়াকৈ পাঠদান কৰা হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই স্থানীয় লোকে জিলাৰ উপায়ুক্তক লগ কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে স্থানীয় লোকসকলে।

স্মাৰকপত্ৰখনত অভিভাৱকসকলে লগতে অভিযোগ কৰে যে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো বিদ্যালয়খনে অনিয়ম কৰি আহিছে। স্থানীয় লোকৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু উপসভাপতিয়েও উপায়ুক্তক শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই আহিছে। তাৰ পিছতো এই পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

Recent News

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd