যি সময়ত কৰিমগঞ্জৰ আহমদ আলী নামৰ এজন প্ৰাক্তন ৰিক্সা চালকে শিক্ষাৰ প্ৰসাৰৰ বাবে বিদ্যালয় স্থাপনেৰে দেশৰ মনোযোগ আকৰ্ষণ কৰিছে সেই সময়তে জিলাখনৰ এখন বিদ্যালয়ৰ শিক্ষকে এন আৰ চিৰ কামত ব্যস্ত থকাৰ অজুহাতত বন্ধ ৰাখিছে পাঠদান।
জানিব পৰামতে জিলাখনৰ ৰাতাবাৰীৰ ১১৬৬ আহমেদাবাদ এল পি স্কুলখন আজি ভালেদিন ধৰি বন্ধ হৈ আছে। বিগত কিছু মাহ ধৰি ছেগা-চোৰোকাকৈহে পাঠ দান কৰা হৈছে বিদ্যালয়খনত। ইয়াৰ ফলত বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ক্ষতি হোৱাৰ লগতে এই কথাই অতি উদ্বিগ্ন কৰি তুলিছে অভিভাৱকসকলকো।
অভিভাৱকসকলে জনোৱামতে প্ৰধান শিক্ষক অনুপ কাইৰি আৰু সহ শিক্ষয়িত্ৰী ঝুমৰা বেগম, দুয়োজনে বিভিন্ন অজুহাতত বিদ্যালয়লৈ অহাৰ পৰা বিৰত থাকে। অনুপ কাইৰিয়ে নিজে এন আৰ চিৰ কামত লাগিব লগীয়া হৈছে বুলি অজুহাত দেখুওৱাৰ বিপৰীতে ঝুমৰা বেগমো বিভিন্ন অজুহাতত বিদ্যালয়লৈ নাহে।
স্থানীয় লোকসকলে বিদ্যালয়খনৰ এনে অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে শিক্ষা বিভাগৰ স্থানীয় বিষয়াকো অৱগত কৰিছে। তাৰ পিছতো কোনো সুফল পোৱা নাই।
আনহাতে বিষয়টোত হস্তক্ষেপ বিচাৰি আৰু বিদ্যালয়খনত যাতে নিয়মীয়াকৈ পাঠদান কৰা হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই স্থানীয় লোকে জিলাৰ উপায়ুক্তক লগ কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে স্থানীয় লোকসকলে।
স্মাৰকপত্ৰখনত অভিভাৱকসকলে লগতে অভিযোগ কৰে যে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো বিদ্যালয়খনে অনিয়ম কৰি আহিছে। স্থানীয় লোকৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আৰু উপসভাপতিয়েও উপায়ুক্তক শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই আহিছে। তাৰ পিছতো এই পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।