DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খানাপাৰা খেলপথাৰ : সোণোৱাললৈ এইবাৰ আহ্বান বিজেপি সাংসদ ৰমেন ডেকাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2018 6:21 pm
mp ramen deka
99
VIEWS
Share on FacebookShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন ধ্বংস কৰাক লৈ অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম বিজেপিয়ে পৰস্পৰক দোষাৰোপ কৰি থকাৰ মাজতে বিষয়টোক লৈ অসম চৰকাৰক ‘চিন্তা কৰিবলৈ’ আহ্বান জনাইছে বিজেপিৰ জ্যেষ্ঠ নেতা, সাংসদ ৰমেন ডেকাই।

ৰাজহুৱা প্ৰতিবাদ, ৰাজনৈতিক সমাৱেশ আদিৰ বাবে খেলপথাৰৰ পৰিৱৰ্তে আন এক স্থানৰ প্ৰয়োজনীয়তাৰ কথাও নৰ্থ ইষ্ট নাও-ৰ আগত বিজেপিৰ সাংসদজনে স্বীকাৰ কৰিছে।

‘তেনে এক ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে চিন্তা কৰিব’লৈ সোণোৱাল চৰকাৰক আহ্বান জনাই সাংসদ ৰমেন ডেকাই কয় ‘গণতন্ত্ৰত বিভিন্ন সভা-সমিতি, বিক্ষোভ-প্ৰতিবাদ আদিৰ বাবে এটা নিৰ্দিষ্ট স্থান লাগে।’

পূৰ্বে প্ৰাক্তন ৰঞ্জি খেলুৱৈ, ক্ৰীড়া সংগঠকৰ লগতে বিভিন্ন জাতীয় সংগঠনেও বিষয়টোত মুখ্য মন্ত্ৰী সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছিল।

অসমত ‘তেনে কোনো স্থান নাই’ বুলি উল্লেখ কৰি ডেকাই কয় যে গুৱাহাটীত দুইৰ পৰা তিনি লাখ মানুহ সমবেত হ’ব পৰা এখন ক্ষেত্ৰৰ অতি প্ৰয়োজন।

কলকাতাৰ এচপ্লেনেড, দিল্লীৰ ৰামলীলা ময়দান, মুম্বাইৰ শিৱাজী ময়দান আদি দেশৰ কেইবাখনো ৰাজহুৱা ক্ষেত্ৰৰ উদাহৰণ দি ৰমেন ডেকাই কয় ‘অসম চৰকাৰে তেনে এক স্থানৰ ব্যৱস্থা কৰিলে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰলৈ আৰু নোযোৱাকৈয়ে হ’ব’।

ৰাজহুৱা সমাৱেশৰ বাবে খেলপথাৰৰ পৰিৱৰ্তে আন এক স্থানৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব দোহাৰি সাংসদজনে কয় ‘সমাৱেশ আমি কৰিবই লাগিব, যিহেতু আমি গণতন্ত্ৰত আছো। গণতন্ত্ৰত যিকোনো কথা প্ৰক্ষেপ কৰিবলৈ এক ৰাজহুৱা স্থান লাগে।’

আনহাতে এক আৰ টি আই আবেদনত দিয়া উত্তৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে খেলপথাৰ ধ্বংসৰ বাবে অসম বিজেপিক জগৰীয়া কৰা সন্দৰ্ভত ডেকাই কয় ‘বিজেপিয়ে খেলপথাৰখন ধ্বংস কৰা নাই।’

খেলপথাৰখনত ‘বিভিন্ন চৰকাৰী অনুষ্ঠানৰ উপৰিও ৰাজনৈতিক আৰু অৰাজনৈতিক সভা অনুষ্ঠিত’ হোৱাৰ কথা উল্লেখ কৰি বিজেপি নেতাজনে ‘ইয়াত আমিয়েই কেৱল সভা পতা নাই। কংগ্ৰেছেক ধৰি আন ৰাজনৈতিক দলৰ সভা হৈছে। বিভিন্ন ৰাজহুৱা সভা হৈছে’ বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে অসমত স্থাপন হ’ব লগা ১৯ খন কেন্সাৰ চিকিৎসালয়ৰ ১৮ জুনত হ’ব লগা শুভাৰম্ভণি অনুষ্ঠানটোও এই খেলপথাৰতে অনুষ্ঠিত হ’ব।

ৰাজহুৱা সমাৱেশৰ বাবে গুৱাহাটীত খেলপথাৰৰ পৰিৱৰ্তে সুকীয়া স্থানৰ বাবে শাসকীয় দলৰ জ্যেষ্ঠ সাংসদজনেই অসম চৰকাৰক চিন্তা কৰিবলৈ আহ্বান জনোৱাৰ পিছত এতিয়া ‘গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী’ কৰিব খোজা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা লক্ষণীয় হ’ব।

গুৱাহাটীৰ এই বিশাল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা কাৰ্য্যসূচীসমূহৰ বাবে ধ্বংস হোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ, ক্ৰীড়া সংগঠক, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে এই সন্দৰ্ভত পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

বিভিন্ন ক্ৰীড়াৰ বিকাশৰ বাবে ১৯৭৭ চনত ৪৬.৬০ বিঘা এলেকাজুৰি এই বহুমুখী ক্ৰীড়া প্ৰকল্পটো স্থাপন কৰা হৈছিল।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd