• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰা খেলপথাৰ : সোণোৱাললৈ এইবাৰ আহ্বান বিজেপি সাংসদ ৰমেন ডেকাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2018 6:21 pm
mp ramen deka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন ধ্বংস কৰাক লৈ অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম বিজেপিয়ে পৰস্পৰক দোষাৰোপ কৰি থকাৰ মাজতে বিষয়টোক লৈ অসম চৰকাৰক ‘চিন্তা কৰিবলৈ’ আহ্বান জনাইছে বিজেপিৰ জ্যেষ্ঠ নেতা, সাংসদ ৰমেন ডেকাই।

ৰাজহুৱা প্ৰতিবাদ, ৰাজনৈতিক সমাৱেশ আদিৰ বাবে খেলপথাৰৰ পৰিৱৰ্তে আন এক স্থানৰ প্ৰয়োজনীয়তাৰ কথাও নৰ্থ ইষ্ট নাও-ৰ আগত বিজেপিৰ সাংসদজনে স্বীকাৰ কৰিছে।

Apply Now

‘তেনে এক ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে চিন্তা কৰিব’লৈ সোণোৱাল চৰকাৰক আহ্বান জনাই সাংসদ ৰমেন ডেকাই কয় ‘গণতন্ত্ৰত বিভিন্ন সভা-সমিতি, বিক্ষোভ-প্ৰতিবাদ আদিৰ বাবে এটা নিৰ্দিষ্ট স্থান লাগে।’

পূৰ্বে প্ৰাক্তন ৰঞ্জি খেলুৱৈ, ক্ৰীড়া সংগঠকৰ লগতে বিভিন্ন জাতীয় সংগঠনেও বিষয়টোত মুখ্য মন্ত্ৰী সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছিল।

অসমত ‘তেনে কোনো স্থান নাই’ বুলি উল্লেখ কৰি ডেকাই কয় যে গুৱাহাটীত দুইৰ পৰা তিনি লাখ মানুহ সমবেত হ’ব পৰা এখন ক্ষেত্ৰৰ অতি প্ৰয়োজন।

কলকাতাৰ এচপ্লেনেড, দিল্লীৰ ৰামলীলা ময়দান, মুম্বাইৰ শিৱাজী ময়দান আদি দেশৰ কেইবাখনো ৰাজহুৱা ক্ষেত্ৰৰ উদাহৰণ দি ৰমেন ডেকাই কয় ‘অসম চৰকাৰে তেনে এক স্থানৰ ব্যৱস্থা কৰিলে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰলৈ আৰু নোযোৱাকৈয়ে হ’ব’।

ৰাজহুৱা সমাৱেশৰ বাবে খেলপথাৰৰ পৰিৱৰ্তে আন এক স্থানৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব দোহাৰি সাংসদজনে কয় ‘সমাৱেশ আমি কৰিবই লাগিব, যিহেতু আমি গণতন্ত্ৰত আছো। গণতন্ত্ৰত যিকোনো কথা প্ৰক্ষেপ কৰিবলৈ এক ৰাজহুৱা স্থান লাগে।’

আনহাতে এক আৰ টি আই আবেদনত দিয়া উত্তৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে খেলপথাৰ ধ্বংসৰ বাবে অসম বিজেপিক জগৰীয়া কৰা সন্দৰ্ভত ডেকাই কয় ‘বিজেপিয়ে খেলপথাৰখন ধ্বংস কৰা নাই।’

খেলপথাৰখনত ‘বিভিন্ন চৰকাৰী অনুষ্ঠানৰ উপৰিও ৰাজনৈতিক আৰু অৰাজনৈতিক সভা অনুষ্ঠিত’ হোৱাৰ কথা উল্লেখ কৰি বিজেপি নেতাজনে ‘ইয়াত আমিয়েই কেৱল সভা পতা নাই। কংগ্ৰেছেক ধৰি আন ৰাজনৈতিক দলৰ সভা হৈছে। বিভিন্ন ৰাজহুৱা সভা হৈছে’ বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে অসমত স্থাপন হ’ব লগা ১৯ খন কেন্সাৰ চিকিৎসালয়ৰ ১৮ জুনত হ’ব লগা শুভাৰম্ভণি অনুষ্ঠানটোও এই খেলপথাৰতে অনুষ্ঠিত হ’ব।

ৰাজহুৱা সমাৱেশৰ বাবে গুৱাহাটীত খেলপথাৰৰ পৰিৱৰ্তে সুকীয়া স্থানৰ বাবে শাসকীয় দলৰ জ্যেষ্ঠ সাংসদজনেই অসম চৰকাৰক চিন্তা কৰিবলৈ আহ্বান জনোৱাৰ পিছত এতিয়া ‘গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী’ কৰিব খোজা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা লক্ষণীয় হ’ব।

গুৱাহাটীৰ এই বিশাল আৰু অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰখন ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা কাৰ্য্যসূচীসমূহৰ বাবে ধ্বংস হোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ, ক্ৰীড়া সংগঠক, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে এই সন্দৰ্ভত পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

বিভিন্ন ক্ৰীড়াৰ বিকাশৰ বাবে ১৯৭৭ চনত ৪৬.৬০ বিঘা এলেকাজুৰি এই বহুমুখী ক্ৰীড়া প্ৰকল্পটো স্থাপন কৰা হৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd