• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ হ’ল ঋষভ হিম্মৎসিংকাৰ নতুন ঠিকনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 8, 2018 11:26 pm

2 min read

HimmatSinka

দিচপুৰ আৰক্ষী থানাত মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকা।

81
VIEWS
Share on FacebookShare on Twitter

প্ৰতিষ্ঠানৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক আজি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্তজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

দিচপুৰ আৰক্ষীয়ে জনোৱামতে হিম্মৎসিংকাক তেওঁৰ বিৰুদ্ধে থানাখনত ৰুজু হোৱা দুটা গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে এটা ঘটনাৰ পিছদিনা, অৰ্থাৎ ৫ জুলাইত অৰ্কিড ইণ্ডিয়াই (No 1864/18) দিয়া আৰু আনহাটো গোচৰ (No 1894/18) ভুক্তভোগী কমল দাসে ৭ জুলাইত দিয়া।

জানিব পৰামতে অভিযুক্ত হিম্মৎসিংকাই শ্বিলঙৰ পৰা আহি থকাৰ পথত গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ দিচাং নামৰ ৰিজ’ৰ্টখনত প্ৰৱেশ কৰিছিল। এই কথা গম পায় আৰক্ষী তৎপৰতাৰে হিম্মৎসিংকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সোণাপুৰস্থিত দিচাং নামৰ উক্ত ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী হ’ল দিলীপ গগৈ।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নিন্দনীয় ঘটনাটোৰ মূল অভিযুক্ত হিম্মৎসিংকাক ধৰিব নোৱৰা বাবে আৰক্ষীক সমালোচনা কৰিছিল বিভিন্ন সংবাদ মাধ্যমে।

আনহাতে ৰিজ’ৰ্টখনৰ কৰ্তৃপক্ষই হিম্মৎসিংকাক আশ্ৰয় দিয়াৰ কথাটো অস্বীকাৰ কৰিছে। ৰিজ’ৰ্টখনৰ এজন কৰ্মচাৰীয়ে নৰ্থ-ইষ্ট নাওক হিম্মৎসিংকা তেওঁলোকৰ তাত কফি খাবৰ বাবেহে প্ৰৱেশ কৰিছিল বুলি জানিবলৈ দিয়ে। কৰ্মচাৰীজনে কয় যে হিম্মৎসিংকাই ক’ৰ পৰা আহি তেওঁলোকৰ তাত সোমাইছিল তেওঁলোকে নাজানে।

উল্লেখযোগ্য যে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইত কৰ্মৰত এজন কৰ্মচাৰীক স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই সামান্য দোষতে কাণত ধৰাই আঁঠু কঢ়াই থৈছিল। ইয়াৰ ভিডিঅ’ আৰু আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কথাটো সকলোৰে মাজত প্ৰচাৰ হৈ যায় আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনাটো ৰাজহুৱা হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈছিল দিচপুৰ থানাত।

Recent News

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd