গুৱাহাটী মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰৰ এটা ঘৰৰ পৰা আজি এজন ২০ বছৰীয়া যুৱকৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয়। উদ্ধাৰ হোৱা যুৱকজনক আৰক্ষীয়ে ৰাতুল হাজৰিকা বুলি চিনাক্ত কৰিছে।
আনহাতে যুৱকজনৰ মৃত্যুৰ ঘটনাটো আত্মহত্যা নে হত্যা সেয়া বৰ্তামানলৈকে জানিব পৰা হোৱা নাই।
প্ৰাপ্ত তথ্য মতে যুৱক জনৰ দুয়োটা ভৰি বান্ধি থোৱা আৰু ঘৰৰ চিলিঙত ওলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
ইফালে পৰিয়ালৰ লোকে এই ঘটনা প্ৰেমজনিত আৰু এই প্ৰেমজনিত কাৰণতে যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি জানিবলৈ দিয়ে।
জানিব পৰা মতে ৰাতুল হাজৰিকা নামৰ যুৱকজনে এখন চাহৰ দোকান দিছিল আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল।
ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।