• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰাং চিকাৰীৰ ওপৰত চকু ৰখাৰ বাবে আৰু ৩খন ড্ৰ’ন ব্যৱহাৰ কৰিব বন বিভাগে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2018 6:53 pm

2 min read

Entrance-of-Kaziranga-National-Park
85
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান মাথোঁ এখন ড্ৰোনেৰে চোৰাংচিকাৰীৰ গতি-বিধিৰ ওপৰত নজৰ ৰাখি আছে কাজিৰঙাৰ বন বিভাগে। কাজিৰঙাৰ নিচিনা এটা সুবৃহৎ আৰু দুৰ্গম এলেকাত এখন ড্ৰোন পৰ্যাপ্ত নহয়। সেয়েহে চোৰাং চিকাৰীৰ ওপৰত নিৰীক্ষণৰ বাবে আৰু ৩খন ড্ৰোনৰ বাবে নিবিদা আহ্বান কৰিছে বন বিভাগে।

দ্য টেলিগ্ৰাফ কাকতক বন বিভাগৰ সূত্ৰ এটাই দিয়া এটা সাক্ষাৎকাৰত  কোৱা হৈছে যে দিন-ৰাতিৰ সকলো সময়তে কাজিৰঙাত নিৰীক্ষণ কৰাৰ বাবে দিন-ৰাতি ফটো তুলিব পৰা ক্ষমতাসম্পন্ন ড্ৰোন বিচাৰি বিভাগটোৱে ইতিমধ্যে নিবিদা আহ্বান কৰিছে।

বিভাগটোৱে এনেধৰণৰ আৰু তিনিখন ড্ৰোন বিছাৰিছে যাতে অভয়াৰণ্যখনৰ চাৰিওটা ৰেঞ্জতে নিৰীক্ষণ কটকটীয়া কৰিব পৰা যায়।

এনে ধৰণৰ  ড্ৰোন এখনৰ খৰছ হৈছে প্ৰায় ১০ লাখ টকা আৰু বন বিভাগক অতি কমেও আৰু তিনিখন ড্ৰোনৰ প্ৰয়োজন।

এগৰাকী বন বিষয়াই প্ৰকাশ কৰা মতে এই ড্ৰোনকেইখনে উচ্চ গুণসম্পন্ন ফটো তুলিবলৈ সক্ষম হ’ব যি সমূহৰ দ্বাৰা আকাশমাৰ্গৰ পৰা জৰীপ কৰা আৰু অভয়াৰণ্যখনৰ ভিতৰত আৰু বাহিৰত জীৱ জন্তুৰ গতি বিধি পৰ্যৱেক্ষণ কৰিব পৰা যাব।লগতে ইয়াৰ সহায়ত অভয়াৰণ্যখন পাৰ হৈ চৰিবলৈ যোৱা গঁড়কো নিৰীক্ষণ কৰিব পৰা যাব।

এজন বিষয়াই জানিবলৈ দিয়া মতে ঘাইকৈ চোৰাং চিকাৰীৰ গতি বিধিৰ ওপৰত নজৰ ৰখাৰ বাবে এই ড্ৰোনসমূহ ব্যৱহাৰ কৰা হব।

উল্লেখ্য যে ২০১৬ আৰু ২০১৭ চনত হত্যা কৰা ৩২টা গঁড়ৰ ভিতৰত কাজিৰঙাতেই আছিল ২৫টা। ইয়াৰে ৪টা ওৰাং অভয়াৰণ্যত, দুটা মানস আভয়াৰণ্যত আৰু ১টা বিশ্বনাথ জিলাত হত্যা কৰা হৈছিল।

বন বিষয়াজনে আৰু জানিবলৈ দিছে যে দীৰ্ঘ দূৰত্বৰ আকাশী নিৰীক্ষণ ক্ষমতাসম্পন্ন আৰু দিন আৰু ৰাতি পটো তুলিব পৰা ক্ষমতাস্পন্ন এই ড্ৰোনসমূহ বাৰিষা কালত যেতিয়া অভয়াৰণ্যখনৰ অধিকভাগ ঠায়েই জলমগ্ন হৈ পৰে তসেই সময়ত জীৱ জন্তুৰ গতি বিধি নিৰীক্ষণ কৰাৰলবাবে অত্যন্ত সহায়ক হ’ব।

বিগত বৰ্ষৰ বানপানীত আৰক্ষী বিভাগৰ পৰা দুখন ড্ৰোন ভাড়া কৰি আনি জীৱ জন্তুৰ গতি বিধি নজৰত ৰাখিছিল। গম পোবা গৈছিল যে অধিক সংখ্যক জন্তু ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ পাৰ হৈ কাৰ্বি আংলঙৰ ওখ ঠাইলৈ গুছি গৈছিল।

চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে বৰ্তমান অভয়াৰণ্যখনত উচ্চ ক্ষমতাসম্পন্ন অপ্টিকেল আৰু তাপীয় (থাৰ্মেল) প্ৰতিচ্ছবি তুলিব পৰা সাতটা বৈদ্যুতিন নেত্ৰ ব্যৱস্থা স্থাপন কৰা হৈছে।

বচোৰাং চিকাৰীৰ সৈতে ভালদৰে মোকাবিলা কৰাৰ বাবে বনৰক্ষীসকলকো ইনছাছ ৰাইফল, ছেল্ফ ল’ডিং ৰাইফল, ঘাতক ৰাইফল, ৯মি:মি: পিষ্টল, ১২ ব’ৰৰ পাম্প একশ্যন বন্দুক আদি দিয়া হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd