• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা বালি মাফিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 4:29 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ(গ্ৰাম্য) জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী বালি মাফিয়াই হত্যাৰ চেষ্টা কৰা কথা পোহৰলৈ অহাৰ পাছতেই এতিয়া দক্ষিণ কামৰূপ অঞ্চলত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখ্য যে অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা ছয়গাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত মঙলবাৰে চলোৱা এক অভিযানৰ সময়তে বালি মাফিয়াই বিষয়াগৰাকীক হত্যা কৰাৰ চেষ্টা চলায়।

Apply Now

মনকৰিবলগীয়া যে মঙলবাৰে নিশা চোৰাংভাবে কঢ়িয়াই নিয়া বালি ভৰ্তী ট্ৰাক এখনৰ সম্ভেদ পায় ভাৰপ্ৰাপ্ত আৰক্ষী বৰুৱাই ৰখাবলৈ দিয়াত ট্ৰাকখনৰ চালকজনে সেই আদেশ অবজ্ঞা কৰি আৰক্ষীৰ পৰা পলায়ন কৰে। বিষয়াগৰাকীয়ে চন্দিকা গেটলৈকে পিছা কৰে যদিও ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম নহ’ল।

প্ৰণিধানযোগ্য যে সেই ট্ৰাকখন কৰায়ত্ত কৰিবলৈ চেষ্টা চলায় থাকোতে বিপৰীত দিশৰ পৰা অহা AS25AC791 নম্বৰৰ আন এখন ট্ৰাকে আৰক্ষী বিষয়া পাটোৱাৰীক মহটিয়াই নিয়াৰ চেষ্টা কৰে।  কিন্তু সেই সময়তে আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক বচাবলৈ সক্ষম হোৱাৰ লগতে ট্ৰাকখনৰ সৈতে চালকগৰাকীকো কৰায়ত্ত কৰে। মঙলবাৰে নিশা প্ৰায় ৯.৩০মান বজাত সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা ট্ৰাকখনৰ চালকগৰাকীক তদন্ত চলোৱাৰ পাছতে এক ভয়ংকৰ তথ্য পোহৰলৈ আহে। দক্ষিণ কামৰূপ অঞ্চলত অবৈধ বালিখনন চলাই অহা মাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষী বিষয়াগৰাকীক প্ৰাণে মৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি আৰক্ষীৰ তদন্তত উল্লেখ কৰে ট্ৰাক চালকগৰাকীয়ে।

এই সন্দৰ্ভত আৰক্ষী বিষয়া পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, ‘ বালি মাফিয়াৰ নিৰ্দেশতে ট্ৰাক চালকগৰাকীয়ে মোক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি তদন্তত চালকগৰাকীয়ে প্ৰকাশ কৰে’।

ইতিমধ্যে আৰক্ষীৰ জিন্মাত থকা ট্ৰাক চালকগৰাকীক ছয়গাঁৱৰ আলাউদ্দিন বুলি চিনাক্ত কৰিছে। আৰু ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ছয়গাঁও আৰক্ষীয়ে।

উল্লেখ্য যে ৰাজ্যত বৃদ্ধি পোৱা বালি মাফিয়াৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদনৰ মজিয়াত বুধবাৰে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদেও অনুৰোধ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd