• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাইনী কাণ্ড বিৰোধী বিধেয়কত ৰাষ্ট্ৰপতিৰ অনুমোদন : অসমৰ সামাজিক কৰ্মীৰ আদৰণি

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
July 16, 2018 2:46 pm
witch-hunting-570x320

ডাইনী কাণ্ড বিৰোধী সামাজিক কৰ্মী দিব্যজ্যোতি শইকীয়াৰ ফাইল ফটো। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ডাইনী হত্যা (নিষিদ্ধ, প্ৰতিৰোধ আৰু সুৰক্ষা) বিধেয়ক, ২০১৫’ অসম অসম বিধান সভাই গৃহীত কৰাৰ দুবছৰতকৈয়ো অধিক সময় পাৰ হৈ যোৱাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বিধেয়কখন আইনলৈ পৰিণত কৰাৰ বাবে অনুমোদন জনাইছে।

জানিব পৰা মতে ৰাষ্ট্ৰপতিয়ে যোৱা ১৩ জনুত বিধেয়কখনত স্বাক্ষৰ কৰিছিল আৰু আইনখন ৰূপায়নৰ বাবে এক অসম গেজেট নটিফিকেশ্যনৰ অপেক্ষাত আছে।

Apply Now

অসমৰ ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত ২০১৫ চনৰ ডিচেম্বৰত বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছিল।

ভাৰতীয় দণ্ডবিধিৰ সৈতে কেইটামান বিষয়ত সংঘাত হোৱাৰ বাবে বিধেয়কখনত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন হৈছিল।

আইনখনক আদৰণি জনাই ডাইনী কাণ্ডৰ বিৰুদ্ধে অভিযান চলাই অহা সামাজিক কৰ্মী দিব্যজ্যোতি শইকীয়াই নৰ্থইষ্ট নাওক তামিলনাডুৰ পৰা টেলিফোন যোগে জনায় যে যদিওবা ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু মহাৰাষ্ট্ৰত ডাইনী-হত্যা বিৰোধী পৃথক আইন আছে, অসমৰ আইনখন এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত অক্ষমণীয় অপৰাধ হিচাপে গণ্য কৰা, জামিন বিহীন অপৰাধ আদি ব্যৱস্থা সন্নিৱিষ্ট এখন শক্তিশালী আইন হ’ব।

২০০৯ চনৰে পৰা শইকীয়াই এই আইনখনৰ বাবে সংগ্ৰাম কৰি আহিছিল।

‘’ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ হ’কে কাম কৰি থকাৰ সময়তে মই এনেকুৱা বহু ঘটনাৰ সৈতে মুখামুখি হৈছিলো য’ত মহিলাক ডাইনী সজাই নিৰ্যাতন চলোৱাৰ লগতে হত্যা পৰ্যন্ত কৰা হৈছে। আৰক্ষীয়ে অন্ধবিশ্বাস আৰু ইয়াৰ অনুশীলনৰ ক্ষেত্ৰত অসহায় হৈ পৰিছিল কিয়নো ইয়াৰ বাবে আইনত কোনো ব্যৱস্থা নাছিল। তেওঁলোকে এইবোৰক গণ হিংসা আৰু হত্যা হিচাপে ধৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত অনা উচিত,’’-শইকীয়াই কয়।

শইকীয়াই লগতে কয় যে তেওঁ আইনখনৰ বিষয়টোত লাগি পৰিছিল আৰু ২০১৪ চনৰ অক্টোবৰত এটা সপ্তাহত দুবাৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি এখন পৃথক আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে যুক্তি দাঙি ধৰিছিল আৰু বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰাত চৰকাৰক সহায় কৰিছিল।

এগৰাকী ব্যক্তিক ডাইনী বুলি অভিহিত কৰা বা চিনাক্ত কৰাৰ বাবে আইনখনত সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে ৫ লাখ টকালৈকে জৰিমনাৰ ব্যৱস্থা ৰখা হৈছে।

ডাইনীৰ নামত কোনোবাই হত্যা কৰিলে এয়া ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।

আনহাতে, এগৰাকী ব্যক্তিক ডাইনী হিচাপে অভিহিত কৰি নিৰ্যাতন চলালে, অপমানিত কৰিলে বা অভিযোগ আনিলে যাৱজ্জীৱন কাৰদণ্ডৰ লগতে ৫ লাখ পৰ্যন্ত জৰিমনা হ’ব পাৰে।

আইনখনত উল্লেখ আছে যে আৰক্ষীৰ প্ৰতিবেদন দাখিলৰ এবছৰৰ ভিতৰত এনে ধৰণৰ ঘটনাৰ বিচাৰৰ বাবে চৰকাৰে অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতক এখন বিশেষ আদালত হিচাপে ৰাখিব।

আইনখনত লগতে ডাইনী কাণ্ডৰ বিষয়ে ৰাইজক শিক্ষিত কৰি তুলিবলৈ বেচৰকাৰী সংস্থা আৰু নাগৰিক সমাজৰ সহযোগত প্ৰশাসন তথা আৰক্ষীয়ে গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে।

witch-hunting-300x157
প্ৰতিনিধিত্বমূলক ফটো

আইনখনে ৰাজ্যখনত বৃদ্ধি পোৱা গণ হিংসাৰ ঘটনাসমূহ ৰোধক কৰিব বুলি আশা কৰা হৈছে।

২০১৫ চনত সেই সময়ৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰকিবুল হুছেইনে সদনত জনাইছিল যে ২০১০ চনৰ পৰা গোটেই অসমত ডাইনীৰ নামত সংঘটিত ঘটনাত কমেও ৭৭ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ৬০ জন লোক আহত হৈছিল।

ৰাজ্য বিধানসভাত এপ্ৰিলত ঘোষণা কৰা হৈছিল যে ২০০৬ চনৰ পৰা ডাইনীৰ সন্দেহত আক্ৰমণৰ ফলত ৮০ গৰাকী লোকৰ মৃত্যু হৈছিল।

২০১৩ চনত অধিবক্তা ৰাজীৱ কলিতাই ২০০২ চনৰ পৰা কমেও ১৭ খন জিলাত এনে আক্ৰমণৰ ঘটনাত ১৩০ জন লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি এখন ডাইনী হত্যা বিৰোধী আইন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল।

দিব্যজ্যোতি শইকীয়াই কয় যে আৰক্ষীয়ে এতিয়া এনেধৰণৰ ঘটনাৰ মোকাবিলা কৰিবলৈ যথেষ্ট সাহস পাব আৰু ইয়াত থকা ব্যৱস্থাসমূহে সম্ভৱত: ডাইনীৰ নামত সংঘটিত এনেধৰণৰ অপৰাধ ৰোধ কৰাত সহায় কৰিব।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd