DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, April 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডি পি এছৰ শিক্ষয়িত্ৰীৰ আত্মহত্যা : আৰক্ষীয়ে অনুসন্ধানৰ বাবে নিজৰ হাতলৈ নিলে ম’বাইল, লেপটপ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
January 28, 2018 9:18 am
hanging_death
89
VIEWS
Share on FacebookShare on Twitter
ডিগবৈ দিল্লী পাব্লিক স্কুলৰ পদাৰ্থবিজ্ঞানৰ শিক্ষয়িত্ৰী মাধুৰিমা গগৈৰ আত্মহত্যাৰ ঘটনাৰ এতিয়াও একো মোৰ পোৱা নাই আৰক্ষীয়ে। এটা সূত্ৰই জনোৱা মতে আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ কোৱাৰ্টাৰত (108 B -II) প্ৰাথমিক অনুসন্ধান কৰাৰ পিছত ম’বাইল আৰু লেপটপ নিজৰ জিম্মাত লৈছে। ম’বাইল কল ডিটেইল আৰু লেপটপৰ তথ্যই শিক্ষয়িত্ৰীগৰাকীৰ শেহতীয়া সংযোগবোৰ আৰু মানসিক স্থিতি সম্পৰ্কে কিছু অনুমানৰ ভিত্তি দিব পাৰে বুলি আৰক্ষীয়ে এইবোৰ নিজৰ জিম্মাত লৈছে।
আনহাতে আজি পুৱাই আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে। মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ পৰিয়ালৰ লোকে গুৱাহাটীৰ জু তিনি আলিৰ ঘৰলৈ নি গুৱাহাটীতে মৃতদেহটো সৎকাৰ কৰাৰ কথা। শিক্ষয়িত্ৰীগৰাকীৰ স্বামী তথা বৰ্তমান শিৱসাগৰত কৰ্মৰত সহকাৰী কৰ আয়ুক্ত প্ৰদীপ গগৈ কালিয়ে ডিগবৈত আহি উপস্থিত হৈছেহি। আনহাতে দিল্লীত অধ্যয়নৰত তেওঁলোকৰ পুত্ৰ তাৰ পৰা আহি আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কালি ডিগবৈ দিল্লী পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী মাধুৰিমা গগৈৰ (৪৮) আত্মহত্যাই তৈল নগৰীখনৰ লগতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তেওঁক তেওঁৰ কোৱাৰ্টাৰৰ শোৱনি কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। দক্ষ শিক্ষয়িত্ৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই লৈ এতিয়াও সকলো পক্ষ মোৰ নোহোৱা অৱস্থাত আছে।
আনহাতে এটা সূত্ৰই দাবী কৰিছে যে ডিগবৈ দিল্লী পাব্লিক স্কুলৰ বৰ্তমানৰ অৱস্থা অতি বেয়া পৰিস্থিতিৰ মাজেৰে গতি কৰিছে। ইয়াক লৈ বহুতো শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰিছে। মেনেজমেণ্টে এক প্ৰকাৰৰ স্বৈৰাচাৰী মনোভাবেৰে কাম কৰি আহিছে বুলিও সূত্ৰটোৱে দাবী কৰিছে। কিছু মাহৰ পূৰ্বে ডিগবৈ দিল্লী পাব্লিক স্কুলৰ মেনেজমেণ্টে তদানীন্তন অধ্যক্ষক বিভিন্ন হাৰাশাস্তি কৰি (কোৱাৰ্টাৰৰ বিজুলী সংযোগ কটাকে ধৰি) স্কুলখন ত্যাগ কৰিবলৈ বাধ্য কৰিছিল বুলি তথ্য পোৱা গৈছে।
বিদ্যালয়খনৰ এনে পৰিস্থিতিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক হতাশাৰ সৃষ্টি কৰিলেও কেৱল সেই কাৰণতেই এগৰাকী দক্ষ শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰাটো বিশ্বাসযোগ্য নহয়। কিন্তু আন কোনো সহজ অনুমেয় কাৰণো দেখা পোৱা নাযায়। তেনেস্থলত শিক্ষয়িত্ৰী গৰাকীৰ আত্মহত্যাৰ ঘটনাই সংশ্লিষ্ট সকলো পক্ষকে ৰহস্যত ৰাখিছে।

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd