DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিত চলি আছে ৭০৯ কোটি টকাৰ ব্যাপক কেলেংকাৰী : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2018 7:08 pm
IMG_20180307_180221
89
VIEWS
Share on FacebookShare on Twitter

“দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা বিজেপি চৰকাৰৰ দিনতে এটাৰ পিছত অন্য এটা দুৰ্নীতি চলি আছে। দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিৰ অধীনত চলি থকা কামত ৭০৯ কোটি টকাৰ কেলেংকাৰী চলি থকা বুলি আমাৰ হাতত তথ্য আহি পৰিছে,”- আজি এখন সংবাদমেল যোগে এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁৰ মতে “এই কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীৰ সমপৰ্যায়ৰ।”

কৃষক নেতা গৰাকীয়ে কৰা অভিযোগ অনুসৰি “জি ডি এল-বেইজিং ছাউণ্ড এনভাইৰ’মেন্ট ইঞ্জিনিয়াৰিং যুগল কিশোৰ মহন্তৰ জইন্ট ভেন্সাৰে দাখিল কৰা নিবিদা ভাৰসাম্যহীন তথা আগভাৰী(frontloaded)।”

এই সন্দৰ্ভত নেতাজনে বিস্তৃত বাখ্যা আগবঢ়াই কয় “জে ডি এল বি এচ ই ই চি এল জে কে এমে দাখিল কৰা নিবিদাৰ ৭ টা আইটেমৰ মূল্য নিৰ্ধাৰিত মূল্যতকৈ ৫০ শতাংশ বেছি বুলি অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্য্যসূচীৰ ক্ৰয় বিশেষজ্ঞ অমিতাভ বসু সৰকাৰৰ প্ৰতিবেদনত স্পষ্টৰূপত উল্লেখ আছে। এই ৭ টা আইটেমৰ মূল্য ৭০৯ কোটি টকাৰ ৬৮.৯৪ শতাংশ। সেয়েহে এই নিবিদাক ভাৰসাম্যহীন বুলি চিহ্নিত কৰা হৈছে।”

লক্ষ্যণীয় যে কৃষক নেতাজনে এই কেলেংকাৰীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁৰ মতে “জে ডি এল বি এচ ই ই চি এল জে কে এমৰ জইন্ট ভেন্সাৰে বাৰেপতি বিসংগতিপূৰ্ণ তথা আগভাৰী নিবিদা দাখিল কৰা বুলি উল্লেখ কৰি থকাৰ পিছতো তথা এই নিবিদা বাতিল কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতো মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াই এই কোম্পানীটোক কামৰ ঠিকা প্ৰদান কৰি ব্যাপক কেলেংকাৰী কৰিছে।”

সেয়েহে কৃষক নেতাজনে আজিৰ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায়।

আজিৰ সংবাদমেলত তেওঁ গুৱাহাটীৰ উন্নয়ন বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজ হাতে লিখা চিঠিৰ প্ৰতিলিপি প্ৰদৰ্শন কৰি কয় “এই চিঠি প্ৰেৰণৰ জৰিয়তে চতুৰ মন্ত্ৰীজনে ষড়যন্ত্ৰমূলকভাবে মুখ্যমন্ত্ৰীকো সাঙোৰ খুৱাই ল’লে। মন্ত্ৰী হিমন্তই প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ কৰা, আইনী জটিলতাৰ পৰা আঁতৰি থকা আৰু আটাইতকৈ যোগ্য প্ৰতিষ্ঠানক নিয়োগ কৰিব লাগে বুলি ২ ছেপ্তেম্বৰ ২০১৭ ত এই চিঠি দি মুখ্যমন্ত্ৰীকো কেলেংকাৰীৰ সৈতে সাঙুৰিলে।

তাৎপৰ্যপূৰ্ণভাৱে লুই বাৰ্জাৰ কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰাৰ পিছতো চতুৰ মন্ত্ৰীজনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাঙোৰ খুৱাইছিল বুলিও অখিলে মন্তব্য কৰে।

কৃষক নেতাজনে জানিব দিয়া অনুসৰি “২০১৭ চনৰ ২৭ অক্টোবৰত হিমন্ত বিশ্ব, অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, প্ৰধান সচিব ৰবি কোটা আৰু প্ৰকল্প সঞ্চালক পৱন কুমাৰৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত সিদ্ধান্ত হৈছিল যে নিবিদা সন্দৰ্ভত  চুড়ান্ত সিদ্ধান্ত গ্ৰহণৰ মঞ্চ হ’ল এম্পাৱাৰ্ড কমিটী। এই সিদ্ধান্তত মুখ্য মন্ত্ৰীয়ে স্বাক্ষৰ প্ৰদান কৰিছিল। এনেদৰেই কৌশলগতভাবে তেওঁলোকে জে ডি এল বি এচ ই ই চি এল জে কে এমক কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।”

আনহাতে ৰাজনৈতিক ক্ষমতাক কেন্দ্ৰ কৰি দুয়োজনৰে মাজত বিপৰীত স্থিতি থকা বুলি সদৰি কৰি তেওঁ কয় “দুৰ্নীতিৰ ক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই মিত্ৰ ৰূপে অবস্থান গ্ৰহণ কৰিছে।”

তদুপৰি নেতাজনে এই কেলেংকাৰীৰ বাবে চি বি আইৰ তদন্ত কৰিবলৈ দাবী জনায়।

Recent News

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd