• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিত চলি আছে ৭০৯ কোটি টকাৰ ব্যাপক কেলেংকাৰী : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2018 7:08 pm
IMG_20180307_180221
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা বিজেপি চৰকাৰৰ দিনতে এটাৰ পিছত অন্য এটা দুৰ্নীতি চলি আছে। দক্ষিণ পূব গুৱাহাটীৰ পানী যোগান আঁচনিৰ অধীনত চলি থকা কামত ৭০৯ কোটি টকাৰ কেলেংকাৰী চলি থকা বুলি আমাৰ হাতত তথ্য আহি পৰিছে,”- আজি এখন সংবাদমেল যোগে এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁৰ মতে “এই কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীৰ সমপৰ্যায়ৰ।”

Apply Now

কৃষক নেতা গৰাকীয়ে কৰা অভিযোগ অনুসৰি “জি ডি এল-বেইজিং ছাউণ্ড এনভাইৰ’মেন্ট ইঞ্জিনিয়াৰিং যুগল কিশোৰ মহন্তৰ জইন্ট ভেন্সাৰে দাখিল কৰা নিবিদা ভাৰসাম্যহীন তথা আগভাৰী(frontloaded)।”

এই সন্দৰ্ভত নেতাজনে বিস্তৃত বাখ্যা আগবঢ়াই কয় “জে ডি এল বি এচ ই ই চি এল জে কে এমে দাখিল কৰা নিবিদাৰ ৭ টা আইটেমৰ মূল্য নিৰ্ধাৰিত মূল্যতকৈ ৫০ শতাংশ বেছি বুলি অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্য্যসূচীৰ ক্ৰয় বিশেষজ্ঞ অমিতাভ বসু সৰকাৰৰ প্ৰতিবেদনত স্পষ্টৰূপত উল্লেখ আছে। এই ৭ টা আইটেমৰ মূল্য ৭০৯ কোটি টকাৰ ৬৮.৯৪ শতাংশ। সেয়েহে এই নিবিদাক ভাৰসাম্যহীন বুলি চিহ্নিত কৰা হৈছে।”

লক্ষ্যণীয় যে কৃষক নেতাজনে এই কেলেংকাৰীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁৰ মতে “জে ডি এল বি এচ ই ই চি এল জে কে এমৰ জইন্ট ভেন্সাৰে বাৰেপতি বিসংগতিপূৰ্ণ তথা আগভাৰী নিবিদা দাখিল কৰা বুলি উল্লেখ কৰি থকাৰ পিছতো তথা এই নিবিদা বাতিল কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতো মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াই এই কোম্পানীটোক কামৰ ঠিকা প্ৰদান কৰি ব্যাপক কেলেংকাৰী কৰিছে।”

সেয়েহে কৃষক নেতাজনে আজিৰ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায়।

আজিৰ সংবাদমেলত তেওঁ গুৱাহাটীৰ উন্নয়ন বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজ হাতে লিখা চিঠিৰ প্ৰতিলিপি প্ৰদৰ্শন কৰি কয় “এই চিঠি প্ৰেৰণৰ জৰিয়তে চতুৰ মন্ত্ৰীজনে ষড়যন্ত্ৰমূলকভাবে মুখ্যমন্ত্ৰীকো সাঙোৰ খুৱাই ল’লে। মন্ত্ৰী হিমন্তই প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ কৰা, আইনী জটিলতাৰ পৰা আঁতৰি থকা আৰু আটাইতকৈ যোগ্য প্ৰতিষ্ঠানক নিয়োগ কৰিব লাগে বুলি ২ ছেপ্তেম্বৰ ২০১৭ ত এই চিঠি দি মুখ্যমন্ত্ৰীকো কেলেংকাৰীৰ সৈতে সাঙুৰিলে।

তাৎপৰ্যপূৰ্ণভাৱে লুই বাৰ্জাৰ কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰাৰ পিছতো চতুৰ মন্ত্ৰীজনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাঙোৰ খুৱাইছিল বুলিও অখিলে মন্তব্য কৰে।

কৃষক নেতাজনে জানিব দিয়া অনুসৰি “২০১৭ চনৰ ২৭ অক্টোবৰত হিমন্ত বিশ্ব, অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, প্ৰধান সচিব ৰবি কোটা আৰু প্ৰকল্প সঞ্চালক পৱন কুমাৰৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত সিদ্ধান্ত হৈছিল যে নিবিদা সন্দৰ্ভত  চুড়ান্ত সিদ্ধান্ত গ্ৰহণৰ মঞ্চ হ’ল এম্পাৱাৰ্ড কমিটী। এই সিদ্ধান্তত মুখ্য মন্ত্ৰীয়ে স্বাক্ষৰ প্ৰদান কৰিছিল। এনেদৰেই কৌশলগতভাবে তেওঁলোকে জে ডি এল বি এচ ই ই চি এল জে কে এমক কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।”

আনহাতে ৰাজনৈতিক ক্ষমতাক কেন্দ্ৰ কৰি দুয়োজনৰে মাজত বিপৰীত স্থিতি থকা বুলি সদৰি কৰি তেওঁ কয় “দুৰ্নীতিৰ ক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই মিত্ৰ ৰূপে অবস্থান গ্ৰহণ কৰিছে।”

তদুপৰি নেতাজনে এই কেলেংকাৰীৰ বাবে চি বি আইৰ তদন্ত কৰিবলৈ দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd