DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিন দুপৰতে কোকৰাঝাৰত মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে ২.৫৭ লাখ টকা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 13, 2018 11:56 am
loot-570x320

প্রতিনিধিত্বমূলক চিত্র

88
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাছত আন এটা ডকাইতি কাণ্ড। ঠিক সেইদৰে বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰৰ মাজ মজিয়াতো তেনে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়।

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা বিটিচিৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বাসগৃহৰ সন্মুখৰ পৰাই বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা ২.৫৭ লাখ টকা লুটি নিয়া কাৰ্যই এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কালি দিনৰ ভাগত দতমা আৰক্ষী থানাৰ অন্তৰ্গত চৰাগাঁৱৰ প্ৰয়াত আব্দুল হামিদৰ পত্নী মঞ্জিলা খাতুনে কোকৰাঝাৰ ষ্টেট বেংক শাখাৰ পৰা ২,২০,০০০ টকা উলিয়াইছিল। আৰু টকা উলিওৱাৰ পাছতে মঞ্জিলা খাতুনে ভায়েকৰ লগত মটৰ চাইকেলেৰে ঘৰলৈ আহি আছিল। তেনে সময়তে বাইকেৰে অহা দুৰ্বৃত্তই টকাৰ বেগটো কাঢ়ি লৈ যায়।

এই ঘটনাত মহিলাগৰাকী বাইকৰ পরা পৰি যায় আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। লগে লগে মহিলাগৰাকীক এম আৰ এম হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তী কৰোৱা হয়।

সাংবাদিকে মহিলাগৰাকীৰ ভাতৃ মহম্মদ আজম আলীৰ পৰা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সন্দৰ্ভত জানিব বিচৰাত তেওঁ কয় যে এল আই চিৰ প্ৰিমিয়াম দিয়াৰ উদ্দেশ্যেই বেংকৰ পৰা ২ লাখ ২০ হাজাৰ টকা উলিয়াইছিল। তাৰোপৰি খাতুমে ঘৰৰ পৰাই ৩৭ হাজাৰ টকা আনিছিল। গোটেই মিলি ২ লাখ ৫৭ হাজাৰ টকা দুৰ্বৃত্তই লুটি লৈ যায়।

ইয়াৰ উপৰি মহিলাগৰাকীৰ ভাতৃয়ে ডকাইতি কাণ্ড সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে উপায়ুক্তৰ বাসগৃহৰ সন্মুখতে সংঘটিত হোৱা এনে ঘটনাই বিটিচিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপকে উদঙোৱা পৰিলক্ষিত হৈছে। এই ঘটনাক চহৰখনৰ লোকে দুৰ্ভাজনক আখ্যা দিয়াৰ লগতে অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী তোলে।

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd