সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱৰা অসম আৰক্ষী হায় হায়, অলাফা (স্বাঃ)ই অপহৰণ কৰা দীননাথ উপাধ্যায়ৰ মুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ, বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়া মুৰ্দাবাদ আদি শ্ল’গানেৰে আজি প্ৰতিবাদী জনতাই কঁপাই তোলে জাগুনৰ উদয়পুৰ। গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় উদয়পুৰবাসী ৰাইজ আজি দলে-বলে ওলাই আহি এইদৰে অঞ্চলটোৰ ব্যক্তি গোপাল ওৰফে দীননাথ উপাধ্যায়ক আলফাৰ দ্বাৰা কৰা অপহৰণৰ আৰু ইয়াৰ আঁৰৰ ষড়যন্ত্ৰ তথা আৰক্ষীৰ অকৰ্মণ্যতাৰ প্ৰতিবাদ কৰে।
প্ৰতিবাদকাৰীসকলে ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটো আজি প্ৰায় তিনি ঘণ্টা ধৰি ৩নং উদয়পুৰত অৱৰোধ কৰি ৰাখে। ফলত বহু সময় ধৰি যানজঁটৰো সৃষ্টি হোৱাৰ লগতে অসম-অৰুণাচললৈ আহ-যাহ কৰা যাত্ৰীসকল দুৰ্ভোগৰ সন্মুখীন হয়। পুৱা ১০-৩০ বজাৰ পৰাই এই কাৰ্য্যসূচী লোৱা হৈছিল।
উল্লেখযোগ্য যে যোৱা ৮ জুনত আলফা (স্বাঃ)ই অপহৰণ কৰি নিয়া দীননাথ উপাধ্যায়ে আলফা (স্বাঃ)ৰ কেম্পৰ পৰা প্ৰচাৰিত এটা ভিডিঅ’ত স্বীকাৰোক্তি দিয়া দেখা গৈছিল। এই ভিডিঅ’টোত দীননাথে স্বীকাৰ কৰিছে যে তেওঁক মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াই চোৰাংচোৱাগিৰি কৰিবলৈ বাধ্য কৰিছিল।
এই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতে বিধায়ক ভাস্কৰ শৰ্মা আৰু দীননাথে চাকৰি কৰা ক্ষুদ্ৰ চাহ বাগিচাখনৰ মালিক তথা বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে টিৰাপ জাগুন গোৰ্খা ছাত্ৰ সন্থা তথা স্থানীয় লোক আৰু দীননাথ পৰিয়ালৰ লোকসকলে কালি জাগুনস্থিত বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াৰ বাসগৃহৰ সন্মুখতো দীননাথৰ মুক্তি ব্যৱস্থা কৰাৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ সময়ত জাগুন আৰক্ষীৰ উপস্থিতিত বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াই প্ৰতিবাদী ৰাইজক কালি আশ্বাস প্ৰদান কৰিছিল যে দীননাথ উপাধ্যায়ৰ মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।
কিন্তু এই পৰ্য্যন্ত দীননাথৰ কোনো শুংসূত্ৰ নোপোৱাত তথা বিষয়টোৰ কোনো অগ্ৰগতি নেদেখাত আজিও পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী লোৱা হয়। আনহাতে ৰাধা চেতিয়াই বৰ্তমানলৈকে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে।
আনহাতে আজিৰ প্ৰতিবাদকাৰীসকলে আৰু পৰিয়ালৰ লোকে আৰক্ষীৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে অতি সোনকালে অপহৃত দীননাথক মুকলি কৰি আনিবলৈ দাবী জনায়। ১২ ঘণ্টাৰ ভিতৰত দীননাথৰ মুক্তি ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসন তীব্ৰ জংগী আন্দোলনৰ মুখামুখি হ’ব বুলি সকীয়াই দিয়ে।