• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীননাথ উপাধ্যায়ক মুকলি কৰি অনাৰ দাবীত জাগুনত ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 18, 2018 5:29 pm
DeenanathUpadhya

জাগুনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দীননাথৰ মুক্তি দাবী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱৰা অসম আৰক্ষী হায় হায়, অলাফা (স্বাঃ)ই অপহৰণ কৰা দীননাথ উপাধ্যায়ৰ মুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ, বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়া মুৰ্দাবাদ আদি শ্ল’গানেৰে আজি প্ৰতিবাদী জনতাই কঁপাই তোলে জাগুনৰ উদয়পুৰ। গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় উদয়পুৰবাসী ৰাইজ আজি দলে-বলে ওলাই আহি এইদৰে অঞ্চলটোৰ ব্যক্তি গোপাল ওৰফে দীননাথ উপাধ্যায়ক আলফাৰ দ্বাৰা কৰা অপহৰণৰ আৰু ইয়াৰ আঁৰৰ ষড়যন্ত্ৰ তথা আৰক্ষীৰ অকৰ্মণ্যতাৰ প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰীসকলে ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথটো আজি প্ৰায় তিনি ঘণ্টা ধৰি ৩নং উদয়পুৰত অৱৰোধ কৰি ৰাখে। ফলত বহু সময় ধৰি যানজঁটৰো সৃষ্টি হোৱাৰ লগতে অসম-অৰুণাচললৈ আহ-যাহ কৰা যাত্ৰীসকল দুৰ্ভোগৰ সন্মুখীন হয়। পুৱা ১০-৩০ বজাৰ পৰাই এই কাৰ্য্যসূচী লোৱা হৈছিল।

Apply Now

উল্লেখযোগ্য যে যোৱা ৮ জুনত আলফা (স্বাঃ)ই অপহৰণ কৰি নিয়া দীননাথ উপাধ্যায়ে আলফা (স্বাঃ)ৰ কেম্পৰ পৰা প্ৰচাৰিত এটা ভিডিঅ’ত স্বীকাৰোক্তি দিয়া দেখা গৈছিল। এই ভিডিঅ’টোত দীননাথে স্বীকাৰ কৰিছে যে তেওঁক মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াই চোৰাংচোৱাগিৰি কৰিবলৈ বাধ্য কৰিছিল।

এই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতে বিধায়ক ভাস্কৰ শৰ্মা আৰু দীননাথে চাকৰি কৰা ক্ষুদ্ৰ চাহ বাগিচাখনৰ মালিক তথা বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে টিৰাপ জাগুন গোৰ্খা ছাত্ৰ সন্থা তথা স্থানীয় লোক আৰু দীননাথ পৰিয়ালৰ লোকসকলে কালি জাগুনস্থিত বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াৰ বাসগৃহৰ সন্মুখতো দীননাথৰ মুক্তি ব্যৱস্থা কৰাৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ সময়ত জাগুন আৰক্ষীৰ উপস্থিতিত বিতৰ্কিত ব্যৱসায়ী ৰাধা চেতিয়াই প্ৰতিবাদী ৰাইজক কালি আশ্বাস প্ৰদান কৰিছিল যে দীননাথ উপাধ্যায়ৰ মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।

কিন্তু এই পৰ্য্যন্ত দীননাথৰ কোনো শুংসূত্ৰ নোপোৱাত তথা বিষয়টোৰ কোনো অগ্ৰগতি নেদেখাত আজিও পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী লোৱা হয়। আনহাতে ৰাধা চেতিয়াই বৰ্তমানলৈকে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে।

আনহাতে আজিৰ প্ৰতিবাদকাৰীসকলে আৰু পৰিয়ালৰ লোকে আৰক্ষীৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে অতি সোনকালে অপহৃত দীননাথক মুকলি কৰি আনিবলৈ দাবী জনায়। ১২ ঘণ্টাৰ ভিতৰত দীননাথৰ মুক্তি ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসন তীব্ৰ জংগী আন্দোলনৰ মুখামুখি হ’ব বুলি সকীয়াই দিয়ে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd