• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ আগশাৰীৰ ব্ৰেণ্ড আমূলৰ বিজ্ঞাপনত ভাৰত গৌৰৱ হিমাৰ সাফল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2018 12:38 pm
আমূলৰ বিজ্ঞাপনত হিমা
357
VIEWS
Share on FacebookShare on Twitter

দেশৰে প্ৰথম দৌৰবিদৰূপে ৪০০ মিটাৰ দৌৰত বিশ্ব চেম্পিয়নৰ খিতাপেৰে ইতিহাস ৰচনা কৰাৰ পিছতে অসম কন্যা হিমাৰ সাফল্যক লৈ সমগ্ৰ দেশতে উছাহ পৰিলক্ষিত হৈছে।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে শচীন তেন্দুলকাৰ, অমিতাভ বচ্চনৰ দৰে প্ৰখ্যাত তাৰকাই ভূয়সী প্ৰশংসা কৰা হিমা দাসক দেশৰ সকলো শ্ৰেণীৰ লোকে অভিনন্দন জনাইছে।

ইয়াৰ পিছতে দেশৰ বাণিজ্যিক ক্ষেত্ৰখনতো হিমাৰ সাফল্যই প্ৰভাৱ বিস্তাৰ কৰিছে। দেশৰ আগশাৰীৰ ব্ৰেণ্ড আমূলেও এইবাৰ হিমা দাসৰ সফলতাক লৈ প্ৰকাশ কৰিলে নতুন বিজ্ঞাপন।

কোম্পানীটোৱে ‘দাস পে দছ’ শ্ল’গানেৰে মুকলি কৰিলে নিজৰ এই বিজ্ঞাপন। হিমাৰ জনপ্ৰিয়তাই  এতিয়া আন ক্ৰীড়া তাৰকা বা চিত্ৰ তাৰকাকো ম্লান কৰি পেলাইছে। আমূলৰ এই নতুন বিজ্ঞাপনে ভাৰতৰ দৌৰৰ ৰাণী হিমাৰ সফলতাক তুলি ধৰিবলৈ তাৎক্ষনিকভাৱে সঁহাৰি জনোৱাটোৱে খেলুৱৈগৰাকীৰ দেশৰ ক্ৰীড়া জগতত পেলোৱা প্ৰভাৱৰ কথাকে সূচাইছে।

উল্লেখযোগ্য যে শুকুৰবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেদৰৰূপে ঘোষণা কৰিছে। হিমা দাসক ৰাজ্যিক মৰ্য্যাদাৰে সন্মান জনোৱাৰ লগতে নগদ ধনেৰেও তেওঁক পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

হিমা দাসৰ স্বৰ্ণ জয়ক ‘বিৰল কৃতিত্ব’ আৰু ‘অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ’ৰূপে অভিহিত কৰি মুখ্য মন্ত্ৰী সোণোৱালে ‘ভাৰতৰ এইগৰাকী নতুন দৌৰৰ ৰাণীয়ে জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া সমাগত এছিয়ান গে’মছটো স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যবাসীক গৌৰৱান্বিত’ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd