• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্য টেলিগ্ৰাফৰ দ্বাৰা ‘অসম শ্ৰেষ্ঠ বঁটা’ প্ৰদান অনুষ্ঠান

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 18, 2018 10:05 pm

2 min read

দ্য টেলিগ্ৰাফৰ দ্বাৰা ‘অসম শ্ৰেষ্ঠ বঁটা’ প্ৰদান অনুষ্ঠান
190
VIEWS
Share on FacebookShare on Twitter

আজি মহানগৰীৰ টাজ ভিভান্তা হোটেলত দ্য টেলিগ্ৰাফ বাতৰি কাকতৰ উদ্যোগত ‘অসম শ্ৰেষ্ঠ বঁটা প্ৰদান’ শীৰ্ষক এক সম্বৰ্ধনা  অনুষ্ঠানৰ আয়োজন কৰা হয়।

ভাৰতীয় তেল নিগম, অসমৰ কাৰ্যবাহী বিষয়া দীপাংকৰ ৰয়ে উদ্বোধনী ভাষণ প্ৰদান কৰাৰ পিছতে আৰম্ভ হোৱা সম্বৰ্ধনা অনুষ্ঠানটোত অসমৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সুদীৰ্ঘ জীৱন সংগীত, নৃত্য, অভিনয় তথা অন্যান্য কলাৰ সৈতে নিজকে জড়িত ৰাখি অসমীয়া সংস্কৃতিলৈ অৰিহনা যোগোৱা শিল্পী সকলক দ্যা টেলিগ্ৰাফ বাতৰি কাকতে অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰে।

চলচ্চিত্ৰ জগতৰ লগত ওতপ্ৰোতভাৱে জড়িত অভিনেতা নিপন গোস্বামীক প্ৰথমে ‘অসম শ্ৰেষ্ঠ বঁটা’ প্ৰদান কৰে। পিয়লি ফুকন চলচ্চিত্ৰত সৰু ল’ৰাৰ চৰিত্ৰ এটাৰে অভিনয় জীৱন আৰম্ভ কৰা নিপন গোস্বামী উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা যায়। লগতে তেওঁ টেলিগ্ৰাফ বাতৰি কাকতক কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াৰ পিছতে ১৯৬০ চনৰে পৰা ভ্ৰাম্যমান নাট্যজগতৰ লগত ওতপ্ৰোতভাৱে জড়িত কৃষ্ণ ৰয়ক এই বঁটা প্ৰদান কৰা হয়। জানিব পৰা মতে ৩৭ বছৰত ১৪০ খন নাটক পৰিচালনা কৰা কৃষ্ণ ৰয়ে বৰ্তমান ভ্ৰাম্যমান জগতৰ প্ৰযোজক তথা পৰিচালক হিচাপে কৰ্মৰত। সাহিত্যৰ ক্ষেত্ৰত ওৰেতো জীৱন নিজকে জড়িত কৰি ৰখা বিশিষ্টা সাহিত্যিক লক্ষ্যহীৰা দাসকো টেলিগ্ৰাফ বাতৰি কাকত তৰফৰ পৰা অসম শ্ৰেষ্ঠ বঁটাৰে বিভূষিত কৰা হয়। লক্ষ্যহীৰা দাসৰ পিছত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ড০ কিশোৰী মোহন পাঠক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্টা শিক্ষাবিদ পাঠক প্ৰথমজন উপাচাৰ্যা আছিল তেজপুৰ বিশ্ব বিদ্যালয়ৰ।

ইয়াৰ পিছত বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জীক এই বঁটা প্ৰদান কৰা হয়। সংগীত জগতত তেওঁৰ যি অহোপুৰুষাৰ্থ তাৰ বাবেই এই বঁটা প্ৰদান কৰা হয়।

ইয়াৰ পিছত সংগীত নাটক একাডেমী বঁটা প্ৰাপক যতীন গোস্বামীক সত্ৰীয়া সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ বাবে অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। জানিব পৰা মতে তেওঁ বৰ্তমানলৈকে ১২০ খনৰো অধিক নৃত্যনাটিকা ৰচনা কৰিছে। তেওঁ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটাও পাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত বিখ্যাত চিত্ৰকৰ পুলক গগৈক এই বঁটা প্ৰদান কৰা হয়।

মহানগৰীৰ মাতৃ মন্দিৰ আমৰ এটা শিশু সেৱাশ্ৰমৰ স্বত্তাধিকাৰী বি পি শৰতক এই অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। জৃগল ট্ৰেভেলছ অব ইণ্ডিয়াৰ সৈতে জড়িত আশিস ফুকন আৰু জাহ্নৱী ফুকনক পৰ্যটন ক্ষেত্ৰলৈ যুগুটোৱা অৰিহণাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। পৰম্পৰাগত সাজপাৰ ডিজাইন কৰা শুৱালকুচিৰ ডিজাইনাৰ পায়েল চৰ্দাৰক এই বঁটা প্ৰদান কৰা হয়। এই বঁটা বিতৰণী সবাত কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য আৰু জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।

 

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd