• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্মীয় যোগসূত্ৰতাৰ বাবে ‘শ্বহীদ’ শব্দ ত্যাগ আলফা (স্বাঃ)ৰ; অসমৰ জনগোষ্ঠীয় কথনৰ অধিক অৰ্থব্যঞ্জক শব্দৰ সন্ধান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 20, 2018 7:08 pm

2 min read

ulfa (I)
172
VIEWS
Share on FacebookShare on Twitter

আলফা (স্বাধীন)ৰ হৈ ৰণত পৰাসকলৰ ক্ষেত্ৰত ‘শ্বহীদ’ অভিধা আৰু ব্যৱহাৰ নকৰে সংগঠনটোৱে। ‘শ্বহীদ’ৰ সলনি অসমৰ থলুৱা জনগোষ্ঠীৰ কথনত থকা অধিক অৰ্থব্যঞ্জক শব্দৰ সন্ধান কৰিছে আলফা (স্বাঃ)এ।

আৰৱী মূলৰ ‘শ্বহীদ’ শব্দটোৰ ইছলাম ধৰ্মীয় যোগসূত্ৰতা থকাৰ বাবে বহুদিন পূৰ্বেই শব্দটো ত্যাগ কৰি ‘শ্বহীদ’ৰ সলনি ‘অমৰ মৃতক’ শব্দটো ব্যৱহাৰ কৰি আহিছে বুলি এক প্ৰে’ছ বিবৃতিযোগে জনাইছে সংগঠনটোৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক মে’জৰ অৰুণোদয় অসমে।

‘অমৰ মৃতক’ শব্দতকৈ অধিক অৰ্থব্যঞ্জক অসমৰ জনগোষ্ঠীয় কথনত থকা ‘শব্দক অসমীয়া ভাষালৈ উপহাৰ দি নিজৰ ভাষাৰ লগতে অসমীয়া ভাষাকো’ ‘টনকিয়াল’ কৰিব বুলি আলফা (স্বাঃ)এ আশা প্ৰকাশ কৰিছে।

‘ধৰ্মক প্ৰতিষ্ঠা আৰু ৰক্ষা কৰি মৃত্যু বৰণ কৰি আল্লা তথা ইছলামৰ শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰা’ জনক ‘শ্বহীদ’ বোলা হয় বুলি উল্লেখ কৰি আলফা (স্বাঃ)ৰ বিবৃতিত কোৱা হৈছে ‘ধৰ্মৰ সৈতে এই অকাট্য সংযোগটো আমি বুজি উঠাৰ লগে লগে, আমি আমাৰ ‘শ্বহীদ দিৱস’ৰ নাম পৰিৱৰ্তন কৰি ‘অমৰ মৃতক দিৱস’ কৰিছিলো।’

‘অসমৰ অমৰ মৃত বীৰ সন্তানসকল’ক অতীতত শ্বহীদ শব্দৰে কৰা ‘অন্যায় নামকৰণৰ বাবে ক্ষমা বিচাৰি’ এটা গীতো সংগঠনটোৱে প্ৰচাৰ কৰিছিল যদিও ‘সীমিত প্ৰচাৰ অথবা অস্পষ্টতাৰ বাবে বিষয়টো লৈ জনসমাজ অন্ধকাৰতে থাকিল’ বুলিও জনাই সংগঠনটোৱে।

দীননাথ ওৰফে গোপাল উপাধ্যায় নামৰ অপহৃত ব্যক্তিজনৰ ‘স্বীকাৰোক্তি’ৰ আলফা (স্বাঃ) নিৰ্মিত ভিডিঅ’ বাৰ্তা এটাক লৈ ‘আইছিছৰ দৰে ভিডিঅ’ জাৰি আলফা (স্বাঃ)ৰ’ বুলি দিৱাই৩৬৫ নামৰ অসমীয়া বাতৰি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিত আপত্তি দৰ্শাই আলফা (স্বাঃ) ‘জাত-পাত, ধৰ্ম আদি অবিজ্ঞানিক চিন্তা-চৰ্চাৰ ঊৰ্ধ্বত’ বুলি দাবী কৰি সংগঠনটোৱে এই বিবৃতি জাৰি কৰিছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd