• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নমিতা দলে কলিতাৰ আত্মহত্যাৰ ঘটনাত আৰক্ষী বিষয়াৰ নাম জড়িত কৰাতো উদ্দেশ্য প্ৰণোদিত : বোকাখাত আৰক্ষী

উত্তম শইকীয়া by উত্তম শইকীয়া
May 11, 2018 2:35 pm
maxresdefault-28

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই বৃহস্পতিবাৰে আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদ মেল যোগে বোকাখাতৰ কল্যাণ আশ্ৰমৰ চৌহদত নমিতা দলে কলিতা নামৰ এগৰাকী মহিলাই কৰা আত্মহত্যাৰ লগত মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়া জড়িত নহয় বুলি স্পষ্ট কৰে ৷

মহিলা গৰাকীৰ আত্মহত্যাৰ পিছত বিগত কেইদিন ধৰি দুটা মান সংগঠনে বোকাখাতত কেতবোৰ প্ৰতিবাদী কাৰ্যসুচী লৈ ঘটনাটোক এক পৰিকল্পিত হত্যা কাণ্ড বুলি কৈ মহকুমা আৰক্ষী বিষয়াকো ঘটনাৰ সৈতে জড়িত কৰিব বিচাৰিছিল ৷

Apply Now

সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে জনায় যে মহিলা গৰাকীয়ে আত্মহত্যা কৰাৰ সবিশেষ আৰু মৃত মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন  প্ৰদৰ্শন কৰি ঘটনাতো এক আত্মহত্যা বুলি জনায় ৷ বোকাখাত আৰক্ষীয়ে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা সংগ্ৰহ কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত আত্মহত্যাৰ কথাহে চিকিৎসকে উল্লেখ কৰিছে বুলি জনোৱাৰ লগতে ৰিপৰ্টোত বলাৎকাৰৰ কোনো চিন নাই বুলিও সাংবাদিকৰ আগত স্পষ্ট কৰে ৷

এই ঘটনাত মহকুমা আৰক্ষী বিষয়াগৰাকীক মিছাই জড়িত কৰা হৈছে ৷ এই আত্মহত্যাৰ লগত মহকুমা আৰক্ষী বিষয়াগৰাকী কোনো কাৰণতে জড়িত নহয় বুলি তেওঁ অৱগত কৰে৷

উল্লেখ্য যে বোকাখাতত অসম সেৱা সমিতিৰ তত্বাৱধানত পৰিচালিত কল্যাণ আশ্ৰমত যোৱা দুবছৰ ধৰি বোকাখাত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে কাৰ্যালয়ৰ লগতে পৰিয়ালসহ ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছে ৷ কল্যাণ আশ্ৰমৰ চৌহদৰ চকীদাৰ হিচাপে ১৯৯১ চনৰ পৰা মৃত নমিতা কলিতা নামৰ মহিলা গৰাকীৰ স্বামী নৃপেন কলিতাইও পৰিয়ালসহ বসবাস কৰি আহিছে ৷

মহকুমা আৰক্ষী বিষয়াগৰাকীৰ লগত থকা গৃহৰক্ষী জোৱান মিন্টু কুমাৰ নাথৰ লগত নৃপেন কলিতাৰ মৃত পত্নী নমিতা দলে কলিতাৰ দীৰ্ঘ দিন ধৰি এক অবৈধ সম্পৰ্ক আছিল ৷ ৫ মে’ৰ বিয়লি নমিতাৰ আত্মহত্যাৰ পাছত স্বামী নৃপেন কলিতাই গৃহৰক্ষী জোৱান মিন্টু কুমাৰ নাথে পত্নী নমিতাক বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ আনি বোকাখাত থানাত এজাহাৰ দাখিল কৰিছিল।

নৃপেন কলিতাৰ এজাহাৰৰ ভিত্তিতে বোকাখাত আৰক্ষীয়ে মিন্টু কুমাৰ নাথক ৬ মে’ৰ নিশা তেজপুৰৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ আগত মিন্টু কুমাৰ নাথে নমিতাৰ লগত থকা অবৈধ সম্পৰ্কৰ কথা স্বীকাৰ কৰে ৷ কিন্তু নমিতাৰ স্বামীয়ে কৰা অভিযোগ মতে তেওঁ নমিতাক হত্যা কৰা নাই বুলিও জনায় ৷ কিন্তু আত্মহত্যাৰ দিনা দিনৰ ভাগত নমিতাৰ ঘৰলৈ গৈছিল বুলিও স্বীকাৰ কৰিছে ৷

গ্ৰেপ্তাৰৰ পিছত বোকাখাত আৰক্ষীয়ে যোৱা ৭ মে’ত অভিযুক্ত মিন্টুক আদালতত হাজিৰ কৰোৱাৰ পাছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷ এই ঘটনাৰ লগত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ো জড়িত থকাৰ অভিযোগ আনি  টি এম পি কে, এম এম কে আৰু জীপাল নামৰ এটা সংগঠনে নমিতাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ আনি কল্যাণ আশ্ৰমত থকা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ পাছত সমগ্ৰ ঘটনাটো অন্য ৰূপত এখন ব্যক্তিগত বাতৰি কাকতত প্ৰকাশ পায় ৷ বৃহস্পতি বাৰে সংবাদ মেলত বোকাখাত আৰক্ষীয়ে স্থানীয় সকলো সাংবাদিকক ঘটনাৰ সবিশেষ অৱগত কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd