• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ড ফুটবল আইকন তালিমেৰেন আওৰ প্ৰতিচ্ছবি উন্মোচনেৰে আৰম্ভ জন্মশতবাৰ্ষিকী

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , January 30, 2018 7:25 pm

2 min read

Governor P.B Acharya unveiling the portrait of Dr. TAo
83
VIEWS
Share on FacebookShare on Twitter

তালিমেৰেন আওৰ জন্ম হৈছিল তাহানিৰ অবিভক্ত অসমৰ নাগা পাৰ্বত্য জিলাৰ চাংকিত ১৯১৮ চনৰ ২৮ জানুৱাৰিত। তালিমেৰেন আও অলিম্পিক খেললৈ যোৱা ভাৰতীয় দলৰ প্ৰথমজন অধিনায়ক হোৱাৰ উপৰি অলিম্পিকত প্ৰতিনিধিত্ব কৰা নাগালেণ্ডৰ প্ৰথমজন খেলুৱৈ। এই মহান খেলুৱৈগৰাকীৰ বছৰযোৰা জন্মশতবাৰ্ষিকি উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই কহিমাস্থিত ৰাজভৱনত প্ৰতিচ্ছবি উন্মোচন কৰে।

প্ৰতিচ্ছবি উন্মোচন কৰাৰ পিছতে ৰাজ্যপালগৰাকীয়ে নিজৰ মত ব্যক্ত কৰি কয় যে নাগালেণ্ড ফুটবলৰ আইকনৰ জন্ম শতবাৰ্ষিকিত উপস্থিত থাকি মই নিজে বহু আনন্দিত। তদুপৰি আও অকল পঢ়া-শুণাতে পাৰদৰ্শী নহয় খেল-ধেমালীতো দৃঢ় প্ৰৱণতা দেখুৱাইছিল।

আৱে পঢ়া জীৱনত পাবলৈ সক্ষম হোৱা বঁটা সমূহৰ কথাও ৰাজ্যপাল আচাৰ্যই উল্লেখ কৰে। ১৯৩৭ চনত অনুষ্ঠিত হোৱা আন্ত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা, কটন কলেজৰ পৰা একেৰাহে তিনিবাৰ ব্যক্তিগত চেম্পিয়ন হোৱাৰ উপৰি ১৯৪৬ আৰু ৪৭ চনত কেলকাটা বিশ্ববিদ্যালয়ৰ পৰাও দুবাৰকৈ এথলেটিকছত ব্যক্তিগত চেম্পিয়ন হৈছিল।

আৱে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকলৈ যোৱা ভাৰতীয় ফুটবল দলৰ নেতৃত্ব দিয়াৰ উপৰি অলিম্পিকত ভাৰতীয় দলৰ ধ্বজাবাহক আছিল। আৱে ফুটবলাৰ আৰু চিকিৎসক হিচাপে সমাজলৈ আগবঢ়োৱা অৱদান যথেষ্ট প্ৰশংসনীয় বুলি ৰাজ্যপাল আচাৰ্যই মন্তব্য প্ৰকাশ কৰে।

আৱে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান আগবঢ়াই খেল, শিক্ষা আৰু বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে অন্যান্য বিষয়ত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাজভৱনে বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে।

ইয়াৰ উপৰি ডাঃ টি আওক নিজৰ জীৱনত আগবাঢ়ি যোৱাৰ বাবে পৰিয়ালৰ লোকে যথেষ্ট সহায় কৰিছে সেয়েহে পৰিয়ালৰ লোককো ৰাজ্যপালগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত আওৰ পৰিয়ালবৰ্গৰ হৈ পুত্ৰ ইণ্ডিয়ান’বা টলী উপস্থিত থাকে। পুত্ৰই দেউতাকৰ জন্ম শতবাৰ্ষিকিত সকলোৱে স্মৰণ কৰা বা সন্মান প্ৰদৰ্শন কৰাৰ বাবে আটাইলে ধন্যবাদ জনায়।

আওৰ পুত্ৰই বিশ্বাসেৰে কয় যে দেউতাকে ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৰিহনা তথা লাভ কৰা সফলতা সমূহৰ এক নিদৰ্শন হ’ব যুৱ সমাজলৈ।

জন্মশতবাৰ্ষিকি উপলক্ষে ডাঃ টি আওৰ ওপৰত নিৰ্মান কৰা তথ্য চিত্ৰ এখনো প্ৰদৰ্শন কৰিছে নাগালেণ্ডৰ তথ্য আৰু জনসংযোগ বিভাগে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd