DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা বঙালী বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2018 7:20 am
07-05-18-Guwahati-Public-hearing-JPC-30-570x320-1-570x320

প্ৰতিনিধিত্বমূলক ফটো

148
VIEWS
Share on FacebookShare on Twitter

হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ মুকলিকৈ বিৰোধিতা কৰিছে ৰাজ্যখনৰ একাংশ বঙালী বুদ্ধিজীৱী আৰু বিশিষ্ট নাগৰিকে।

সমগ্ৰ অসমতে বিতৰ্কিত বিধেয়কখনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ৰাজ্যখনৰ একাংশ বঙালী সম্প্ৰদায়ৰ বুদ্ধিজীৱী, চিন্তাবিদ আৰু শিক্ষাবিদে বিধেয়কখনৰ বিৰোধিতা কৰিছে।

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰি তেওঁলোকে এন আৰ চিত সকলো ভাৰতীয় নাগৰিকৰে নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনাইছে।

বুদ্ধিজীৱী তথা বিশিষ্ট নাগৰিকসকলে লগতে ডিটেনশ্যন কেম্পত আটক কৰি ৰখা প্ৰায় ডেৰ লক্ষাধিক লোকৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ বাবেও দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বঙালী বুদ্ধিজীৱীকেইজনে দীৰ্ঘকাল ধৰি অসমত সৃষ্টি হৈ অহা বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে আগ্ৰহ ব্যক্ত কৰিছে। বিবৃতিটোত তেওঁলোকে বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ হেতু সকলো ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰকাশ কৰাৰ বাবে মত আগবঢ়াইছে।

বিশিষ্ট বঙালী নাগৰিকসকলে অসম চুক্তিৰ আধাৰত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিদেশীক বহিস্কাৰ কৰাৰ সপক্ষে মত ব্যক্ত কৰিছে। অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীকে অসমৰ পৰা বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে।

অসমৰ সমূহ জনগোষ্ঠী অসমীয়া-বঙালী, হিন্দু-মুছলমান, জনজাতীয়-অজনজাতীয় সকলোৱে অসম চুক্তিক মানি লৈছে। সাধাৰণভাৱে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাতো ইয়াক স্বীকাৰ কৰা হৈছে। সকলো ৰাজনৈতিক দলেও আনকি এই সময়সীমা মানি লৈছে। তেনে ক্ষেত্ৰত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ জৰিয়তে অসমৰ জনসাধাৰণৰ মাজত গঢ়ি উঠা ঐক্যমতক নস্যাৎ কৰিব বিচৰা হৈছে। সেয়ে হ’লে অসমত যুগ যুগ ধৰি শান্তি-সম্প্ৰীতিৰে বাস কৰি অহা লোকসকলৰ মাজত অসূয়া-অপ্ৰীতি, বিভেদ আৰু বিদ্বেষৰ সৃষ্টি হ’ব। আনহাতে, ভাৰতীয় সংবিধানৰ মৰ্মবস্তুৰো ই পৰিপন্থী। গিতকে অনতিপলমে বিধেয়কখন প্ৰত্যাহাৰ কৰা উচিত বুলি বুদ্ধিজীৱীসকলে মত পোষণ কৰে।

প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ স্থিতি প্ৰকাশ কৰা বুদ্ধিজীৱী, চিন্তাবিদ আৰু শিক্ষাবিদসকল হ’ল- ড০ জ্যোতিৰ্ময় জানা, অধ্যাপক অমল কান্তি ৰাহা, ডাঃ সুজিত কুমাৰ চক্ৰৱৰ্তী, দেৱীপ্ৰসাদ সিনহা, উদয়ন বিশ্বাস, কিৰন শংকৰ, মৃদুল গুপ্ত, অধ্যাপক মানিক কৰ, অধ্যাপক সুশান্ত কৰ, চাৰ্বাক, সঞ্জয় চক্ৰৱৰ্তী, ডাঃ অমৃতলাল সাহা, ডাঃ অনীতা সাহা, তুষাৰ কান্তি সাহা, বিশ্বজিৎ চক্ৰৱৰ্তী, গৌতম ভট্টাচাৰ্য, পৰিতোষ তালুকদাৰ, শক্তিময় কাঞ্জিলাল, সমীৰ মুখাৰ্জী, ৰজনীকান্ত ভট্টাচাৰ্য, ৰত্নদীপ ভট্টাচাৰ্য, শৈবাল কান্তি দাস, শিৱ শংকৰ দাস, দেৱযানী চৌধুৰী, পাৰ্থ ঘোষ, পাৰিজাত ঘোষ, ৰত্নদ্বীপ পুৰকায়স্থ, কমলেশ গুপ্ত, ত্ৰিদীপ দাসগুপ্ত, পাৰ্থ সাৰথি বিশ্বাস, উজ্জল ভৌমিক আৰু হৰিসাধন চক্ৰৱৰ্তী।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd