• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ স্বাৰ্থত কৰ্মচাৰীক ভয়-ভাবুকি নিদিব : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে সৰৱ কৰ্মচাৰী পৰিষদ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2018 8:50 am
শিক্ষামন্ত্ৰী
102
VIEWS
Share on FacebookShare on Twitter

নিজৰ পছন্দৰ বিষয়াক বদলি কৰাৰ নিমিত্তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্ই ভয়-ভাবুকিৰে ফাইলৰ নথিৰ টোকাৰ পৃষ্ঠা সলনি কৰাৰ দৰে কাৰ্যও সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতা আৰু সম্পাদক ফকৰুদ্দিন আহমেদে এটা বিবৃতিত প্ৰকাশ কৰিছে যে- ‘’মন্ত্ৰীয়ে নিজৰ বিভাগৰ অধীনস্থ বিষয়া-কৰ্মচাৰীক য’তে ত’তে বদলি কৰাৰ ক্ষমতা আছে, তাৰ বাবে নথিৰ টোকাৰ পৃষ্ঠা সলনি কৰি নিজৰ পছন্দৰ বিষয়াক স্থলাভিষিক্ত কৰাৰ বাবে বাধ্য কৰাব নালাগে। তেনে কাৰ্য কৰিবলৈ গৈ এগৰাকী নিম্ন বৰ্গৰ কৰ্মচাৰীক নিজ কাৰ্যালয়লৈ মাতি নি দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিজৰ সংযম হেৰুৱাই তাৎক্ষনিকভাৱে চাকৰিৰ পৰা  নিলম্বন কৰিবলৈ দিয়া গৰিহনাৰ যোগ্য।‘’

বিবতিটোত উল্লেখ কৰা অনুসৰি নগাঁৱত শিক্ষা বিভাগৰ ইনস্পেক্টিং অডিটৰ  হিচাপে কৰ্মৰত নাছিৰ হুছেইনক শিৱসাগৰলৈ বদলিৰ বাবে তেওঁৰ মাতৃয়ে জনোৱা এখন আবেদন মন্ত্ৰী ভট্টাচাৰ্যই বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু একে সময়তে শক্তি মন্ত্ৰী তপন গগৈয়ে ইনস্পেক্টিং অডিটৰ হিচাপে মঙলদৈত কৰ্মৰত সুকৃতি বৰগোঁহাইক শিৱসাগৰলৈ বদলিৰ বাবে এটি টোকা বিভাগলৈ প্ৰেৰণ কৰিছিল।

বিভাগটোৰ জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিয়ে নিয়ম অনুসৰি দুয়োখন আবেদন নথিভুক্ত কৰি উচ্চ পৰ্যায়ত সিদ্ধান্তৰ বাবে ফাইল সাজু কৰে। ইয়াৰ পিছত উপ সচিবৰ পৰা আয়ুক্ত সচিব পৰ্যায়লৈকে বিবেচনা কৰাৰ অন্তত বৰগোঁহাইক বদলি কৰাৰ বাবে অনুমোদন বিচাৰি মন্ত্ৰীলৈ ফাইল প্ৰেৰণ কৰা হয়।

ফাইল পোৱাৰ পিছত মন্ত্ৰী ভট্টাচাৰ্যই তেওঁ বদলি বিচৰা নাছিৰ হুছেইনৰ পৰিৱৰ্তে মন্ত্ৰী তপন গগৈয়ে বিচৰা সুকৃতি বৰগোঁহাইৰ বদলিৰ পোষকতা কৰাত ক্ষুব্ধ হৈ পৰে।

পৰিষদৰ বিবৃতিত উল্লেখ কৰা অনুসৰি শিক্ষামন্ত্ৰীৰ পছন্দৰ বিষয়াজনক বদলিৰ বাবে নথিত টোকা নিদিয়াত ক্ষুব্ধ হৈ জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক চন্দন কাকতিক কাৰ্যালয়লৈ মাতি নি অকথ্য কথাৰে গালি গালাজ কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বন কৰিবলৈ সচিবালয় প্ৰশাসন বিভাগক নিৰ্দেশ দিয়ে।

পৰিষদে উল্লেখ কৰে যে মন্ত্ৰী ভট্টাচাৰ্যই হুছেইনৰ মাতৃৰ আবেদনখন বিবেচনাৰ বাবে নিদি বদলি কৰা হওক বুলি স্পষ্ট কৰি দিলে এনে অবাঞ্চিত পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন। পৰিষদে লগতে কয় যে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পৰিষদে কেতিয়াও বিৰোধিতা কৰা নাই আৰু আগলৈও নকৰে। কিন্তু বিষয়া কৰ্মচাৰীক ভয়-ভাবুকি দি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিলে অনাগত দিনত প্ৰশাসনত নেতিবাচক প্ৰভাৱ পৰিব বুলি পৰিষদে সকীয়াই দিয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd