• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাহৰণিৰ গৰ্ভত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2017 10:24 pm

2 min read

পাহৰণিৰ গৰ্ভত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি
951
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৬ জুলাইত এক ঘোষণাৰ জৰিয়তে কেন্দ্ৰীয় পথ  যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুসৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৬০০ কিলোমিটাৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। এই খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা সৃষ্টি হোৱা বানপানীৰ এক স্থায়ী সমাধান কৰা হ’ব। লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰক ব্যৱসায়িকভাৱে লাভজনক কৰি তোলা হ’ব। লগতে অসমৰ বাবে নদীখনক আশীৰ্বাদস্বৰূপ কৰি তোলা হ’ব। মন্ত্ৰীজনৰ ঘোষণাত এইটো কোৱা হৈছিল যে বাৰিষাৰ অন্ত পৰিলেই অহা ছেপ্তেম্বৰতে এই খনন কাৰ্য্য আৰম্ভ হ’ব।

অসমৰ ৰাইজে এইটো এক সুখবৰ হিচাপে গণ্য কৰিলেও এতিয়া বাৰিষা শেষ হোৱাৰ কেইবা মাহ পাৰ হৈ যোৱাৰ পিছতো কামৰ কোনো উমঘাম নোপোৱাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ প্ৰতিশ্ৰুতিক লৈ অসমীয়া মানুহ এক আশাত বন্দী হৈ আছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীজনে নিজৰ প্ৰতিশ্ৰুতিক পাহৰণিৰ গৰ্ভত এৰি দিয়াৰ দৰে হৈছে। কাৰণ অসমত ফেব্ৰুৱাৰিৰ শেষৰ ফালে এই খৰালিৰ বতৰ শেষ হ’ব আৰু তাৰ পিছত কাম আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাথাকিব। তাৰ পিছৰ বছৰত আহিব লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ অজুহাততো কাম স্থগিত হোৱাৰ সম্ভাৱনাই বেছি।

গাডকাৰিয়ে ঘোষণা কৰিছিল যে একে সময়তে ছটা স্থানত খান্দি থকা হ’ব আৰু গোটেই নদীখনৰ পৰিসৰৰ ভিতৰত নিম্নতম ৪৫ মিটাৰকৈ গভীৰতা বৰ্তাই ৰখা হ’ব।

‘প্ৰকল্পটো এতিয়াও আলোচনাৰ স্তৰতে আছে আৰু আমি এতিয়াও ড্ৰেজাৰকেইখন অসম পোৱাহি নাই।’ আজি এন ই নাওক অসম জলসম্পদ বিভাগৰ সচিব ৰাজেন্দ্ৰ প্ৰসাদ দাসে এইদৰে জনায়। তেওঁ কয় যে অসমৰ পৰা ছখন ড্ৰেজাৰ বিচৰা হৈছে।

তেওঁ কয় যে খননে নদীখনৰ পানী বহন কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাৰ লগতে নৌ পৰিবহণ ব্যৱস্থাটো উন্নত কৰিব। লগতে বাৰিষাৰ সময়ছোৱাত বানপানীৰ প্ৰকোপ হ্ৰাস কৰিব।

যদিও নমামি বৰাক উৎসৱৰ সময়তে বৰাক নদীৰ খনন আৰম্ভ কৰা হৈছিল, ব্ৰহ্মপুত্ৰৰ খননৰ বাবে পুঁজি অথবা ড্ৰেজাৰ কোনোটোকে পোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।

যিহেতু পিছৰটো বাৰিষা আৰম্ভ হ’বলৈ বৰ বেছি কেইমাহ নাই, এই পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ খননৰ প্ৰতিশ্ৰুতি অপূৰ্ণ হৈ ৰোৱাৰে সম্ভাৱনা বেছি আছে।

 

Recent News

WhatsApp Image 2021-03-07 at 10.50.13 AM

জোনবাইৰ দেশলৈ বিনা খৰচতে যোৱাৰ সুযোগ! চাওক, কোনে দিছে এই অ’ফাৰ…

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd