• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পি এফ ই স্পৰ্টছ মেনেজমেন্টে উন্নত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰিলে তিনিগৰাকী বেডমিণ্টন খেলুৱৈক

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , January 8, 2018 8:21 pm

2 min read

পি এফ ই স্পৰ্টছ মেনেজমেন্টে উন্নত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰিলে তিনিগৰাকী বেডমিণ্টন খেলুৱৈক

উন্নত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত তিনিগৰাকী বেডমিণ্টন খেলুৱৈ

121
VIEWS
Share on FacebookShare on Twitter

প্ৰফেশ্যনেল ফাৰ ইষ্ট  স্পৰ্টছ মেনেজমেন্টে (পি এফ ই) সদৌ অসম চাব্-জুনিয়ৰ বেডমিণ্টন বৃত্তি প্ৰতিযোগিতাৰ পৰা তিনিগৰাকী অতি সম্ভাৱনাপূৰ্ণ খেলুৱৈক নিৰ্বাচিত কৰিছে আৰু শীঘ্ৰেই খেলুৱৈসকলৰ সৈতে এবছৰৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ এখন চুক্তিত স্বাক্ষৰ কৰিব।

ডিব্ৰুগড় ইণ্ডোৰ ষ্টেডিয়ামত সাংবাদিকৰ আগত পিএফই স্প’ৰ্টছ মেনেজমেন্টৰ প্ৰতিষ্ঠাপক স্বত্ত্বাধিকাৰী প্ৰীতম দাসে কয়,’’ তিনিদিনীয়া কাৰ্যসূচীৰ পৰা আমি তিনিগৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছো আৰু অসমৰ বাহিৰত বেডমিণ্টনৰ উন্নত প্ৰশিক্ষণৰ বাবে আমি তেওঁলোকক বিত্তীয় সাহায্য আগবঢ়াম। প্ৰথমবাৰৰ বাবে অসমত এনেধৰণৰ প্ৰচেষ্টা লোৱা হৈছে।‘’ তেওঁ কয় যে তেওঁলোকে ডিব্ৰুগড়ত ভাল সঁহাৰি লাভ কৰিছে আৰু এই তিনিদিনীয়া প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ পৰা মুঠতে ৩১৮ গৰাকী প্ৰতিশ্ৰুতিসম্পন্ন বেডমিণ্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

‘’ আমি নিৰ্বাচিত কৰা খেলুৱৈ কেইগৰাকী হৈছে ক্ৰমে যোৰহাটৰ অভিকা বৰগোহাই (১১ৰ অনুৰ্দ্ধৰ), লখিমপুৰৰ যশদীপ গগৈ (১৩ ৰ অনুৰ্দ্ধৰ) আৰু ডিব্ৰুগড়ৰ ইশাৰাণী বৰুৱা (১৫ ৰ অনুৰ্দ্ধৰ)। আমি শীঘ্ৰেই তেওঁলোকৰ সৈতে এবছৰৰ বাবে চুক্তিত স্বাক্ষৰ কৰিম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে তেওঁলোকক সা-সুবিধা আগবঢ়াম। তেওঁলোকৰ তিনিওজনৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনৰ সম্ভাৱনা আছে,’’-দাসে জনায়। তেওঁ লগতে জনায় যে তেওঁলোকৰ উদ্দেশ্য হৈছে প্ৰতিভাৰ সন্ধান কৰি তাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সঠিকভাৱে প্ৰস্তুত কৰি তোলা।

৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে ডিব্ৰুগড় জিলা সংস্থাৰ সহযোগত।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd