DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰণিগুদামত পথৰ কদৰ্যময় ৰূপে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ প্ৰকৃত প্ৰতিচ্ছবি

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
July 11, 2018 4:58 pm
চামগুৰি পথ
102
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ চূডা়ন্ত অৱহেলাত সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি বঢ়মপুৰৰ  অন্তর্গত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ  এটা গুৰুত্বপূৰ্ণ পথত সৃষ্টি হোৱা কদৰ্যময় ৰূপে উদঙাইছে পৰিবৰ্তনকামী চৰকাৰৰ প্ৰকৃত প্ৰতিচ্ছবি।

জানিব পৰা মতে, পুৰণিগুদাম চলচলিৰ নিকটৱর্তী জলাহ গাঁৱৰ পৰা বঢ়মপুৰ বামুনী সংযোগী পথটোৰ দুৰৱস্থাই দীৰ্ঘ দিনৰে পৰা স্থানীয় ৰাইজক জীয়াতু ভোগাই আহিছে ৷ বিগত দুটা বছৰে উক্ত পথৰে অহা যোৱা কৰিব লগীয়া পথচাৰী তথা পশুধনো দুৰ্ঘটনাত পতিত হ‘ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

জলাহ গাঁৱৰ একাংশ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি দুবছৰ পূৰ্বেই বৰ্তমানৰ উক্ত জৰাজীৰ্ণ পথটো এমজিএনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ ১৭ লাখ টকা আৱন্টন দিয়া হৈছিল যদিও ৰহস্যজনক কাৰণত প্ৰায়  দুই লাখ টকাৰ কাম কৰিয়েই নিৰ্মীয়মান পথচোৱাৰ কাম আধাতে বন্ধ কৰি দিয়া হৈছিল৷

ঠিকাদাৰৰূপী এগৰাকী স্থানীয় বিজেপি নেতাই উক্ত আঁচনিৰ সমস্ত ধন আত্মসাৎ কৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ বঢ়মপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মিত্ৰজোঁট চৰকাৰত থকাৰ সময়তে বিভাগীয় কৰ্তৃপক্ষৰ ছত্ৰছায়াত ঠিকাদাৰৰূপী এজন স্থানীয় বিজেপি নেতাই সমষ্টিটোৰ উক্ত গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়নৰ নামত আৱন্টিত ধন আত্মসাৎ কৰা ঘটনাত ৰাইজে অসন্তষ্টি ব্যক্ত কৰিছে।

এই বিষয়ত উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দুৰ্নীতিগ্ৰস্ত উক্ত নেতা আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় ৰাইজে আজি শাওনৰ পথাৰ সদৃশ বোকাময় পথৰ ওপৰত ভুঁই ৰুই প্ৰতিবাদ সাৱ্যস্ত দেখা যায়।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd