DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসাংবিধানিক ভাষাৰে সমালোচনা কৰাৰ অধিকাৰ ৰিপুন বৰাৰ নাই : মেঘনা হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 9, 2018 10:56 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

122
VIEWS
Share on FacebookShare on Twitter

‘জনসাধাৰণৰ বিপুল সমৰ্থন, আস্থাৰ ভোটত জয়ী হৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পদ অলংকৃত কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসংসদীয় ভাষাৰে সমালোচনা কৰাৰ অধিকাৰ ৰিপুণ বৰাৰ নাই।’ -এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মেঘনা হাজৰিকাই।

অবশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই কি অসংসদীয় ভাষাৰে নৰেন্দ্ৰ মোদীক সমালোচনা কৰিলে সেই কথা নিৰ্দিষ্টকৈ কোৱা নাই বিজ্ঞপ্তিখনত।

তদুপৰি তেওঁ প্ৰেছ বিবৃতিটোত উল্লেখ কৰে, ‘কংগ্ৰেছ দলৰ মিথ্যাচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবেই দেশৰ জনসাধাৰণে ত্যাগ কৰিছে। সাধাৰণ জনতাই কংগ্ৰেছৰ কাৰ্য্য-কলাপবোৰ ভালদৰে বুজি পাইছে।’

আনহাতে, মুখপাত্ৰগৰাকীয়ে মোদী চৰকাৰক প্ৰশংসা কৰি বিজ্ঞপ্তিখনত কয় যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ জনকল্যাণমুখী কাৰ্য্য-কলাপবোৰ তথা আঁচনিসমূহ দেখি কংগ্ৰেছ দলৰ থৰকাচুটি হেৰাইছে। সেয়েহে যিহকে পাই তিহকে বলকিবলৈ আৰম্ভ কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত মুখপাত্ৰগৰাকীয়ে সদৰী কৰা অনুসৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ হাতত লৈয়ে ভাৰতৰ প্ৰতিজন নাগৰিকে সম-অধিকাৰ, সম বিকাশৰ সুবিধা দিছে। জনসাধাৰণৰ বিকাশৰ বাবে ‘সবকা সাথ সবকা বিকাশ’ এই মূল মন্ত্ৰৰে কাম কৰি আহিছে।‘

অন্যহাতেদি প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক ছোনিয়া গান্ধীৰ বুটাম টিপা ৰবটৰ সৈতে তুলনা কৰি কয় যে ড০ মনমোহন সিঙৰ নেতৃত্বক দেশৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ তুলনা নিশ্চয় ভাৰতৰ জনসাধাৰণে কৰিব বা কৰিছে।

বিজেপি মুখপাত্ৰ মেঘনা হাজৰিকাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়,  ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰমাণ কৰক অনুসূচিত জাতি-জনজাতিৰ মন্ত্ৰী-সাংসদৰ মুখ বন্ধ কৰি ৰখা কথাটো। কংগ্ৰেছে য’তে-ত’তে যি-টি কথা কোৱা আৰম্ভ কৰিছে, তেওঁলোকৰ কথাবোৰ তথ্যবিহীন।‘

আনহাতে ৰিপুণ বৰাই উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি-জনজাতিৰ সন্দৰ্ভত প্ৰদান কৰা ৰায়ক লৈ  অহা ১২ এপ্ৰিলত বিজেপি দলৰ সমগ্ৰ দেশভিত্তিক অনশন ৰখাটো সাপ হৈ খুঁটা আৰু বেজ হৈ জৰা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি মুখপাত্ৰ হাজৰিকাই কয়, ‘এইটো তেনেকুৱা কথা নহয়। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমস্যাসমূহ সাপ হৈ খুঁটা বেজ হৈ জৰা কথা নহয়, কোনো জাতি-জনজাতি সমস্যাৰ সন্মুখীন হ’লে দলৰ ফালৰ পৰা প্ৰতিবাদ কৰাটো আমাৰ দায়িত্ব। ভাৰতীয় জনতা পাৰ্টী জনসাধাৰণৰ সমৰ্থনত গঠন হোৱা দল, গতিকে অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ যি ৰায় দিছে তাৰ ভিত্তিতহে এই অনশন কাৰ্য্যসূচী ৰখা হৈছে। কংগ্ৰেছে কোনো কথাৰে যুক্তিসংগতভাবে প্ৰমাণ কৰিব নোৱাৰে তথা প্ৰত্যুত্তৰ দিব নোৱাৰে বাবে যি-টি বলকি থাকে।‘

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd