• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিখ্যাত ‘জুজাইনি’ উপন্যাসৰ স্ৰষ্টা তথা বড়ো সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীৰ মৃত্যু

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 17, 2018 12:22 pm

2 min read

পত্নীৰ সৈতে মুছাহাৰী
123
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইবামাহৰ পৰা শাৰিৰীক অসুস্থতাত ভুগি থকা বড়ো সাহিত্য সমাজৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বিখ্যাত জুজাইনি উপন্যাসৰ স্ৰষ্টা চিত্তৰঞ্জন মুছাহাৰী(৭৫)য়ে নিয়তিৰ নিষ্ঠুৰ সত্য মৃত্যুক আকোৱালি লয় মঙলবাৰে নিশা ১১ মান বজাত। বিশিষ্ট সাহিত্যিক তথা উপন্যাসিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বি টি এ ডি অঞ্চল। সাহিত্যিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলী দিয়াৰ উদ্দেশ্যেৰে আজি বি টি এ ডিত অৰ্ধ চুটী ঘোষণা কৰিছে প্ৰশাসনে।

সাহিত্যিক পেঞ্চনাৰ তথা প্ৰথম চামেশ্বৰী আৰু প্ৰমোদ ব্ৰহ্ম সাহিত্য পুৰস্কাৰ প্ৰাপ্ত উপন্যাসিক মুছাহাৰী বিগত ডেৰবছৰে শাৰিৰীক অসুস্থাতাৰ বাবে শয্যাশায়ী হৈ আছিল। জানিব পৰা অনুসৰি মৃত্যুৰ সময়লৈকে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে গভীৰ আৰ্থিক সংকটত ভুগি আছিল আৰু চৰকাৰ প্ৰশাসন তথা কোনো লোকৰে পৰা সহায় লাভ নকৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।।

উল্লেখযোগ্য যে মুছাহাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমত ৬৫ খনতকৈও অধিক উপন্যাস লিখি সাহিত্যৰ ভড়াল টনকীয়াল কৰি থৈ গৈছে। তদুপৰি তেওঁৰ প্ৰথম বড়ো উপন্যাস জুজাইনি পিছলৈ বিশ্ববিদ্যালয়ৰ বড়ো(এম আই এল) পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হৈছিল।

বিটিচি প্ৰশাসনে সাহিত্যিকগৰাকীক সৰ্বোচ্চ প্ৰমোদ বড়ো সাহিত্য সন্মানেৰে সন্মানিত কৰিছিল। এই বঁটাত নগদ দুই লাখ টকা সহিতে প্ৰশস্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ উপৰি বড়ো সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বড়ো সাহিত্য সভাই প্ৰদান কৰা প্ৰথম চামেশ্বৰী সাহিত্য পুৰস্কাৰো মুছাহাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল।

১৯৪৫ চনত কোকৰাঝাৰ জিলাৰ বেলগুৰি গাৱঁত জন্মগ্ৰহণ কৰিছিল চিত্তৰঞ্জন মুছাহাৰী। সৰু কালৰে পৰা সাহিত্য চৰ্চাত আগ্ৰহী মুছাহাৰীয়ে ২০১৫ চনত প্ৰবন বনগয়াৰী পুৰস্কাৰ আৰু ৰংচাৰ সাহিত্য পুৰস্কাৰো পাবলৈও সক্ষম হৈছিল।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd