• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ আঁচনিসমূহ শ্ল’গানতে সীমাবদ্ধ, খৰচ কৰিব নোৱাৰা ধন আজি ঘূৰি যাব : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 31, 2018 4:43 pm
Tarun Gogoi Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বাৰিষা আহিল, ৰাস্তা-পথৰ মেৰামতি নহ’ল, মথাউৰি  মেৰামতি আৰু নিৰ্মাণ নহ’ল, আজিৰ পিছত বাজেটত লোৱা আঁচনিৰ খৰচ নোহোৱা ধন আজি পুনৰ ঘূৰি যাব।‘

আজি এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ ব্যৰ্থতা সন্দৰ্ভত এই মন্তব্য কৰে।

Apply Now

সংবাদমেলত গগৈয়ে কয় যে উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰি লোৱা কামৰ চাৰি ভাগৰ এক অংশও সম্পূৰ্ণ হোৱা নাই। তেওঁ সন্দেহ প্ৰকাশ কৰি কয়, ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বৰ্তমানো শোচনীয় হৈ আছে যদিও সেয়া মেৰামতিৰ ব্যৱস্থা চৰকাৰে নকৰিলে। বাকী গাঁৱলীয়া পথৰ কথা নকওঁৱেই।‘

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মাৰ্চ মাহৰ শেষ দিনটোত খৰচ নোহোৱা আঁচনিৰ ধন ঘূৰি যাব বুলি মন্তব্য কৰি কয়, ‘বহুসংখ্যক ঠিকাদাৰে আমাক ঠিকাৰ কাম নোপোৱা বুলি অভিযোগ তুলিছে। পূৰ্বৰ আঁচনিৰ ধনো বৰ্তমানলৈকে তেওঁলোকে লাভ কৰা নাই। আনকি মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টিতে কোনো উন্নয়নমূলক কাম হোৱা নাই।‘

ইয়াৰোপৰি গগৈয়ে কয় ‘কাগজ-পত্ৰত কামবোৰ ঠিকেই হৈছে, শ্ল’গানতো কাম ঠিকেই হৈছে। কিন্তু প্ৰকৃততে ফিল্ডত কি কাম হৈছে তাৰ নমুনা দেখুৱাওক।‘

‘মাজুলী-যোৰহাট সংযোগী দলংৰ কামো আৰম্ভণি হোৱা নাই। সেই দলংখনৰ উদ্বোধনী অনুষ্ঠান দুবছৰৰ আগতেই গাডকাৰিয়ে কৰিছিল। এনেকৈ কামৰ আৰম্ভণি নকৰাকৈ উদ্বোধনী অনুষ্ঠান পতা চৰকাৰ আমি দেখা নাই। এইখনেই প্ৰথম চৰকাৰ যি মুখেৰে কয় এটা আৰু কাম কৰে বেলেগ এটা।‘ আক্ৰমণাত্মক গগৈয়ে কয়।

আনহাতে চৰকাৰৰ অংশীদাৰ তথা বিজেপিৰ মিত্ৰদল অগপক আক্ৰমণ কৰি গগৈয়ে কয়, ‘অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰাৰ পিছতো আঞ্চলিকতাৰ কথা কোৱা অগপ দল চুপ-চাপ আছে। অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৱে বিশেষ ৰাজ্যৰ মৰ্য্যাদা নোপোৱাৰ বাবে বিজেপি দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে, কিন্তু ১৯৬৯ চনৰ পৰা লাভ কৰি অহা বিশেষ ৰাজ্যৰ মৰ্য্যাদাটো কৰ্তন কৰাৰ পিছতো অগপ দলটো বিজেপিৰ সৈতে মিত্ৰতাত থকাটো চৰম লজ্জাজনক কথা।‘

আনহাতে সংবাদমেলত গগৈয়ে ৰাজ্যখনত সঘনাই সংঘটিত হৈ থকা নাৰী নিৰ্য্যাতন সন্দৰ্ভত কয় ‘এনেধৰণৰ নাৰীজনিত অপৰাধ সঘনাই সংঘটিত হৈ থকাটোৱে ৰাজ্য চৰকাৰৰ গৃহ বিভাগটোৱে আইন-শৃংখলাজনিত পৰিস্থিতি ৰক্ষা কৰাত যে চৰম বিফল হৈছে সেই কথাকে প্ৰমাণ কৰিছে। এইখন চৰকাৰৰ দিনতে প্ৰায় ২৯,০০০টা নাৰী নিৰ্য্যাতনৰ ঘটনা সংঘটিত হৈছে। তাৰে প্ৰায় ৩০০০ টা ধৰ্ষণৰ ঘটনা। ৩০০০ ধৰ্ষণ অপৰাধৰ গোচৰত অভিযুক্তসকলৰ ১৭০০জনহে বৰ্তমানলৈকে গ্ৰেপ্তাৰ হৈছে। তাৰে মাত্ৰ ৭৬জনেহে শাস্তি পাইছে।‘

ইয়াৰোপৰি ফাষ্ট ট্ৰেক আদালতৰ প্ৰসংগটো উত্থাপন কৰি গগৈয়ে কয়, ‘ফাষ্ট ট্ৰেক আদালত ঘটনাটো হোৱাৰ পিছতহে হ’ব, কিন্তু তাৰ পূৰ্বে ধৰ্ষণৰ ঘটনাটো নোহোৱা কৰিব লাগিব। আৰক্ষী থানাত নিযুক্তি দিয়া আৰক্ষী বিষয়াসকলে ধৰ্ষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা ল’ব লাগিব। যদি সেই বিষয়াসকল অপৰাধজনিত ঘটনা ৰোধত বিফল হয় তেন্তে চৰকাৰীভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’ব লাগিব।‘

গগৈয়ে ৰাজ্য চৰকাৰক ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন এখন প্ৰণয়ন কৰাৰ বাবে আহ্বান জনায়। লগতে তেওঁ নাৰীজনিত অপৰাধ ৰোধৰ বাবে আৰক্ষী বিভাগত বিশেষ শাখা এটা মুকলি কৰাৰ বাবেও গৃহ বিভাগক দাবী জনায়।

আনহাতে সেই একেখন সংবাদমেলতে গগৈয়ে পুনৰ মহিলা বিশ্ববিদ্যালয় প্ৰসংগ টানি আনি অগপ-বিজেপিৰ প্ৰতি প্ৰশ্ন তুলি কয়, ‘কিয় বিজেপি-অগপই মহিলা বিশ্ববিদ্যালয়খন থাকিব লাগে নে নাই তাৰ এটা সঠিক স্থিতি প্ৰদান কৰা নাই? কিয় তেওঁলোকে নীৰৱ ভূমিকা পালন কৰিছে? তেওঁলোকে নিমাতী কইনাৰ ভাও জুৰিছে।‘

আনহাতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে মহিলা বিশ্ববিদ্যালয় বন্ধ নোহোৱা বুলি ঘোষণা কৰাৰ প্ৰসংগত গগৈয়ে মন্তব্য দি কয়, ‘বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাতকৈ ঘোষণা কৰক যে স্থায়ীভাৱে এগৰাকী উপাচাৰ্য্য নিযুক্তি দিম।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd