• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয়াৰ সাজেৰে পিয়াঁজৰ মালা পিন্ধি ৰাজপথত কংগ্ৰেছী ববিতা

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 6, 2018 5:01 pm

2 min read

c2ce4ab0-5d9b-480a-bc5f-20a5721287d6
103
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ শাসনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৰ্তমান গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে এসময়ত পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এইক্ষেত্ৰত তেওঁৰ সৈতে সহযোগিতা কৰিছিল প্ৰশান্ত ফুকনে।

আজি তাৰে এক অনুৰূপ দৃশ্য দেখা পোৱা গ’ল গুৱাহাটী জিলা কংগ্ৰেছে মূল্য বৃদ্ধি ৰোধৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত।

উল্লেখ্য যে গুৱাহাটীৰ মেঘদূত ভবনৰ সন্মুখত গুৱাহাটী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই পিয়াঁজৰ মালা আৰু বেঙেনাৰে মালা পিন্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি এখন ঠেলাত পেট্ৰ’লবিহীন বাইক এখন উঠাই লৈ তাত এডাল ফুলৰ মালা আঁৰি ঠেলি-ঠেলি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে।

হাস্যকৰভাবে বিজেপিয়ে বিৰোধী ভূমিকা গ্ৰহণ কৰাৰ সময়ত গৰুগাড়ীত চিলিণ্ডাৰ বান্ধি প্ৰতিবাদ কৰাৰ লেখীয়া আজি কংগ্ৰেছেও এখন ৰথত ৰন্ধন গেছৰ চিলিণ্ডাৰ শাক-পাচলি বান্ধি লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

06-06-18 Guwahati- Congress Protest (6)

উল্লেখযোগ্য যে পেট্ৰ’ল ডিজেলৰ দৈনিক মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে অভিনৱ ধৰণে ৰন্ধন গেছৰ চিলিণ্ডাৰ, বন্ধাকবি, জিকা, লাউ ইত্যাদি চাঙিত উঠাই লৈ মোদী চৰকাৰৰ শ্মশান যাত্ৰাও কৰে গুৱাহাটী জিলা কংগ্ৰেছে।

উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে নৰ্থ ইষ্ট নাওক কয়, ‘নৰেন্দ্ৰ মোদীৰ নিচিনা মিছলীয়া প্ৰধান মন্ত্ৰী কোনো দিনে দেখা নাই, এওঁক যিমান সোনকালে গাদীৰ পৰা অঁতৰাব পাৰে সিমানে দেশৰ ৰাইজৰ কাৰণে মঙ্গল।‘

ইয়াৰোপৰি মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া সমগ্ৰ প্ৰতিশ্ৰুতিৰ ওলোটাটোহে কৰা বুলি কংগ্ৰেছী নেত্ৰী ববিতা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী অকন বৰাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়, ‘মোদীয়ে দিয়া আশ্বাসৰ ফল দেশবাসীয়ে ৪ বছৰ পাৰ হৈ যোৱাৰ পাছতো নাপালে। খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা পৰিবৰ্তন ৰাইজে বিচৰা নাছিল।‘

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd