• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় জনতা দলৰ বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে লতাশিল থানাত গোচৰ ৰুজু

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , January 3, 2018 9:16 pm

2 min read

Shiladitya Dev

ফাইল ফটো

131
VIEWS
Share on FacebookShare on Twitter

আজি লতাশিল আৰক্ষীয়ে হোজাই সমষ্টিৰ ভাৰতীয় জনতা দলৰ বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। অন আৰ চিৰ খচৰাৰ বিষয়ত উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগৰ বিপৰীতে এই গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জনায়। আৰক্ষীয়ে জনোৱা মতে বিধায়কজনৰ বিৰুদ্ধে গোচৰ দিয়ে গৰীয়া-মৰীয়া দেশী যুৱ পৰিষদ আৰু কৃষক শ্ৰমিক কল্যাণ পৰিষদে গোচৰ দিছে। বিধায়কজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 295-A অনুচ্ছেদৰ অধীনত (ধৰ্মীয় উত্তেজনা বিয়পোৱাৰ বাবে উদ্দেশ্য প্ৰণোদিত আৰু বিদ্বেষমূলক আচৰণ) no-01/2018 নম্বৰৰ গোচৰ ৰুজু কৰা হয়।

উল্লেখযোগ্য যে যোৱা সোমবাৰে বিধায়ক শিলাদিত্য দেবে কৈছিল যে এন আৰ চিত সন্দেহযুক্ত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়কজনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।

‘এনেকুৱা আপত্তিকৰ মন্তব্য কৰা বাবে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ এন আৰ চি সম্পৰ্কীয় নিৰ্দেশনাৰ পৰিপন্থী।’ এইদৰে কয় কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে।

একেদৰে গৰীয়া-মৰীয়া দেশী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ এজাহাৰত কয় যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে চলি থকা এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ওপৰত আপত্তিজনক আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছে।

আনহাতে বিৰোধী দল এ আই য়ু ডি এফেও বিজেপিৰ বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহতো বিধায়ক শিলাদিত্য দেবে আপত্তিজনক তথা সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে কৰিমগঞ্জ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এজন লোকে তেওঁৰ বিৰুদ্ধো গোচৰ দিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd