• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ হৈ স্বৰ্ণ জয় : জামাইকা, আমেৰিকাৰ দৰে আগশাৰীৰ দেশৰ প্ৰতিযোগীক পাত্তাই নিদিলে অসমৰ হিমা দাসে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2018 1:36 am

1 min read

Hima_das

ফাইল ফটো

76
VIEWS
Share on FacebookShare on Twitter

জামাইকা, আমেৰিকাৰ দৰে দীৰ্ঘদিন ধৰি বিশ্বলৈ বাঘা বাঘা স্প্ৰিণ্টাৰৰ উপহাৰ দি অহা দেশৰ প্ৰতিযোগীক ছেৰ পেলাই বিশ্বৰ ট্ৰেক ইভেণ্টত অসমৰ এখন ভিতৰুৱা গাৱঁৰ হিমা দাসে অতিকৈ বিৰল ইতিহাস ৰচনা কৰিলে আজি।

ফিনলেণ্ডৰ টেম্পেৰিত চলি থকা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে শীৰ্ষস্থান দখল কৰি হিমাই এই গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ হ’ল এই বৃহৎ প্ৰতিযোগিতাখনৰ ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় এথলীট। ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা অনূৰ্ধ্ব-২০ এই কঠিত প্ৰতিযোগিতাখনত এতিয়ালৈকে ভাৰতৰ কোনো দৌৰবিদ সফল হ’ব পৰা নাছিল।

নগাৱঁৰ ধিং অঞ্চলৰ এই প্ৰতিভাশালী উদীয়মান দৌৰবিদগৰাকী পূৰ্বেও কমনৱেল্থ গেইমছৰ দৰে প্ৰতিযোগিতা প্ৰশংসনীয় প্ৰদৰ্শন আগ বঢ়াইছিল। হিমাই আজি পদক পোৱাটোৰ ক্ষেত্ৰত এক প্ৰকাৰৰ নিশ্চিত হৈ আছিল ভাৰতীয় শিবিৰ। কাৰণ হীটছ আৰু ছেমি ফাইনেলত  তেওঁ আছিল সকলোৰে আগত। ছেমি ফাইনেলত তেওঁৰ সময় মান আছিল ৫১.৩২ ছেকেণ্ড, যিটো আন প্ৰতিযোগীৰ পৰা ভালেমান ব্যৱধান আছিল।

প্ৰতিযোগিতাখনত ৰোমানিয়াৰ আণ্ড্ৰে মিকলছে ৫২.০৭ ছেকেণ্ডেৰে ৰূপ আৰু আমেৰিকাৰ টেইলৰ মনছনে ৫২.২৮ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক পায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd