DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

মঙলবাৰৰ পৰা ছিকিমৰ গেংটক চহৰত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 2:10 pm
sikkim-football-570x320
88
VIEWS
Share on FacebookShare on Twitter

সদৌ ছিকিম অনুসূচিত জাতি কল্যাণ সংস্থাই প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰা ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাখন মঙলবাৰে গেংটকৰ পালজৰ ষ্টেডিয়ামত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে শুভাৰম্ভণি হয়।

সমাজ কল্যাণ বিভাগৰ সহযোগত আয়োজন কৰা ফুটবল প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে ৰাজ্যখনৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰ বি চুব্বাই।

গেংটকত এনেধৰণৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাত মন্ত্ৰীগৰাকীয়ে আয়োজক সমিতিক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে ৰাজ্যৰ শিক্ষক-শিক্ষয়ত্ৰী সকলক ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ফুটবল খেলত নিজকে মনোনিৱেশ কৰিবলৈ অনুৰোধ জনায়।

প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ অধ্যক্ষ এছ বেৰেইলীয়ে কয় যে ড০ বি আৰ আম্বেদকাৰৰ জন্মবাৰ্ষিকী প্ৰত্যেক বছৰে গেংটকত আয়োজন কৰা হয় যদিও এইবাৰ খেলৰ মাধ্যমেৰে ৰাজ্যখনৰ যুৱ সমাজক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।

এই বছৰৰ পৰা প্ৰত্যেক বৰ্ষতে প্ৰতিযোগিতাখন আয়োজন কৰাৰ কথা জানিবলৈ দি আয়োজকে কয় যে এইবাৰৰ নকআউট পৰ্যায়ৰ খেলসমূহ ৯ এপ্ৰিললৈ চলিব আৰু প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ১৪ এপ্ৰিলত অনুষ্ঠিত হ’ব।

আনহাতে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন চামলিং, কমল থাতালৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ বহু ফুটবলাৰ উপস্থিত থাকিব বুলি আয়োজক সংস্থাই জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত ছিকিমৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিব আৰু বিজয়ী দলে নগদ এক লাখ আৰু বিজীত দলটোৱে লাভ কৰিব নগদ ৭০ হেজাৰ টকা।

আনহাতে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক পিণ্টছো চপেল ভূটীয়া, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অক্ষয় চাছডেৱা, গেংটক পৌৰ নিগমৰ অধ্যক্ষ আশীষ ৰয়ৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd