DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে গুৱাহাটীত উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 12:11 pm
protest by students union
105
VIEWS
Share on FacebookShare on Twitter

মহিলা বিশ্ববিদ্যালয় বিলুপ্তিৰ বাবে চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলিছে। যোৰহাটত বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলৰ মাজত উদ্‌গিৰণ হোৱা ক্ষোভৰ অগ্নিশিখা এতিয়া  বিয়পিছে ৰাজ্যৰ চুকে-কোণে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিয়াৰ বিপৰীতে ধ্বংস কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

যোৰহাটৰ মহিলা বিশ্ববিদ্যালয় কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাক লৈ গুৱাহাটী মহানগৰীতো উত্তাল প্ৰতিবাদ হৈ আছে। ঠায়ে ঠায়ে জ্বলিছে শিক্ষামন্ত্ৰীৰ পুত্তলিকা। শ্ৰেণীকোঠা এৰি হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ চৰকাৰক ধিক্কাৰ দি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। আছু, ছাত্ৰ-মুক্তি, যুৱ-ছাত্ৰ পৰিষদ, এছ এফ আই আদি বিভিন্ন ছাত্ৰ সংগঠনে পৃথকে পৃথকে অব্যাহত ৰাখিছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া।

বৃহস্পতিবাৰে এছ এফ আই, অসম ছাত্ৰ-যুৱ সন্মিলন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে গুৱাহাটী ক্লাৱৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিযায়। মহিলা বিশ্ববিদ্যালয়খনৰ মৰ্যাদা অটুট ৰাখিবলৈ সংগঠনকেইটাই দাবী জনায়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা আৰু মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিলৰ প্ৰতিবাদত অহা ২৬ মাৰ্চত জিলা আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব। সংগঠনটোৰ সভাপতি  পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

আনহাতে ডি এছ অ’ৰ গুৱাহাটী মহানগৰী জিলা সমিতিয়েও চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কালি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল। জিলা সমিতিৰ আহ্বায়ক পল্লৱ পেগুৱে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে মহিলা বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিব বিছৰা কাৰ্যক কোনো পদ্ধে মানি লোৱা নহ’ব।

উল্লেখযোগ্য যে নাৰী সবলীকৰণ, বেটী বচাও বেটী পঢ়াও’ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ শ্ল’গান পৰিপন্থী নীতি গ্ৰহণ কৰা ৰাজ্যৰ শিক্ষা বিভাগক সকলোৱে একেমুখে গৰিহণা দিছে। বিশেষকৈ  মহিলা বিশ্ববিদ্যালয়খনৰ বিষয়টোক লৈ ৰাজ্যৰ সমুদায় নাৰী শক্তি জাগ্ৰত হোৱাটো অসমৰ সমাজৰ বাবে এক ইতিবাচক দিশ।

Recent News

Jasprit Bumrah

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd