• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে গুৱাহাটীত উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 12:11 pm
protest by students union
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলা বিশ্ববিদ্যালয় বিলুপ্তিৰ বাবে চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলিছে। যোৰহাটত বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলৰ মাজত উদ্‌গিৰণ হোৱা ক্ষোভৰ অগ্নিশিখা এতিয়া  বিয়পিছে ৰাজ্যৰ চুকে-কোণে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আৰু একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিয়াৰ বিপৰীতে ধ্বংস কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

Apply Now

যোৰহাটৰ মহিলা বিশ্ববিদ্যালয় কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাক লৈ গুৱাহাটী মহানগৰীতো উত্তাল প্ৰতিবাদ হৈ আছে। ঠায়ে ঠায়ে জ্বলিছে শিক্ষামন্ত্ৰীৰ পুত্তলিকা। শ্ৰেণীকোঠা এৰি হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ চৰকাৰক ধিক্কাৰ দি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। আছু, ছাত্ৰ-মুক্তি, যুৱ-ছাত্ৰ পৰিষদ, এছ এফ আই আদি বিভিন্ন ছাত্ৰ সংগঠনে পৃথকে পৃথকে অব্যাহত ৰাখিছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া।

বৃহস্পতিবাৰে এছ এফ আই, অসম ছাত্ৰ-যুৱ সন্মিলন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে গুৱাহাটী ক্লাৱৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিযায়। মহিলা বিশ্ববিদ্যালয়খনৰ মৰ্যাদা অটুট ৰাখিবলৈ সংগঠনকেইটাই দাবী জনায়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা আৰু মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিলৰ প্ৰতিবাদত অহা ২৬ মাৰ্চত জিলা আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব। সংগঠনটোৰ সভাপতি  পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

আনহাতে ডি এছ অ’ৰ গুৱাহাটী মহানগৰী জিলা সমিতিয়েও চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কালি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল। জিলা সমিতিৰ আহ্বায়ক পল্লৱ পেগুৱে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে মহিলা বিশ্ববিদ্যালয়খনক কাৰিকৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিব বিছৰা কাৰ্যক কোনো পদ্ধে মানি লোৱা নহ’ব।

উল্লেখযোগ্য যে নাৰী সবলীকৰণ, বেটী বচাও বেটী পঢ়াও’ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ শ্ল’গান পৰিপন্থী নীতি গ্ৰহণ কৰা ৰাজ্যৰ শিক্ষা বিভাগক সকলোৱে একেমুখে গৰিহণা দিছে। বিশেষকৈ  মহিলা বিশ্ববিদ্যালয়খনৰ বিষয়টোক লৈ ৰাজ্যৰ সমুদায় নাৰী শক্তি জাগ্ৰত হোৱাটো অসমৰ সমাজৰ বাবে এক ইতিবাচক দিশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd