• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা সকলক উদ্যোগমুখী কৰি তুলিবলৈ ২৯-৩০ জানুৱাৰীত মহিলা উদ্যোগী সমাৱৰ্তন

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 25, 2018 10:23 pm

2 min read

প্ৰতিনিধিত্বমূলক ফটো
216
VIEWS
Share on FacebookShare on Twitter

বিশ্বায়নৰ যুগত বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও অৰিহণা যোগাই অহা পৰিলক্ষিত হৈছে। ঔদ্যোগিক খণ্ডতো পুৰুষৰ সৈতে সমানে খোজ মিলাই মহিলাসকলে যোগদান কৰি আহিছে। সেই উদ্দেশ্যে অহা ২৯-৩০ জানুৱাৰীত ভাৰতীয় উদ্যমিত প্ৰতিষ্ঠান(আই আই ই) ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত মহিলাসকলক ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে এখনি উদ্যোগী সমাৱৰ্তন আয়োজন কৰা হ’ব বুলি সংস্থাৰ সভাপতি মনোজ কুমাৰ দাসে আজি এক সংবাদমেল যোগে সদৰী কৰে।

আজিৰ সংবাদমেলত তেওঁ জানিবলৈ দিয়া মতে বিশ্বৰ উদ্যোগীসকলৰ ভিতৰত এক তৃতীয়াংশই হৈছে মহিলা। তৎস্বত্বেও মহিলাসকল উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এই প্ৰত্যাহ্বান সমূহৰ ভিতৰত ধাৰণা সৃষ্টি, ঋণৰ সুবিধা, বজাৰ সংযোগীকৰণ আৰু সময় ব্যৱস্থাপনা বুলি তেওঁ আজিৰ সংবাদমেলত উল্লেখ কৰে। আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনেকুৱাধৰণৰ সমাৱৰ্তন অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

লক্ষণীয় যে চি আই আইৰ মূৰব্বী ড০ পৰ্ণা বৰুৱাই আজিৰ সংবাদমেলত জানিবলৈ দিয়া অনুসৰি নতুন খণ্ড আৰু সম্ভাৱনীয়াসমূহ উদ্ভাৱনৰ বাবে মহিলা উদ্যোগীসকলক তেওঁলোকে এখন মঞ্চ দিয়াৰ বাবে প্ৰয়াস কৰিছে। মহিলা উদ্যোগী সকলে কেনেধৰণৰ সুবিধা সমূহ লাভ কৰিব পাৰে সেই বিষয়ে অৱগত কৰোৱাৰ বাবে বেংকাৰৰ এখন বৈঠকো আয়োজন কৰিব বুলি আজিৰ সংবাদমেলত সদৰী কৰে।

ড০ বৰুৱাই উল্লেখ কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলা উদ্যোগী সকলক এখন মঞ্চত একত্ৰিত কৰোৱাৰ বাবে এই মহিলা সমাৱৰ্তনৰ আয়োজন কৰিছে যাতে এগৰাকী মহিলাই আন এগৰাকী মহিলাৰে বাৰ্তালাপ কৰি উদ্যোগ স্থাপনৰ বাবে নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিব পাৰে।

উল্লেখ্য যে এই সমাৱৰ্তনৰ মুখ্য উদ্দেশ্য চাৰিটা : বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত ন-ন ধাৰণা উদ্ভাৱন কৰা, ব্যৱসায়িক ধাৰণা বৃদ্ধি কৰা, ব্যৱসায়িক পৰিকল্পনাৰ উদ্দেশ্যসমূহ নিৰীক্ষণ কৰা আৰু নেটৱৰ্ক সৃষ্টি কৰা। এই কথা জানিবলৈ দিয়ে সংস্থাৰ মুৰব্বী ড০ বৰুৱাই। এই সমাবৰ্তনৰ সময়তে বিভিন্ন শিতানৰ ওপৰত বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব।

এই সমাৱৰ্তন খনত এছিয়ান ৱ’মেন এন্টাৰপ্ৰিনিয়ৰ অধ্যক্ষা বিনীতা বিমভেট, উদ্যোগী নিশা বৰা, আই আই এম শ্বিলং ব’ৰ্ড অৱ গৱৰ্নেন্স ছ’চাইটীৰ সদস্য অতুল কুলকাৰ্নি, এল টি এ একাডেমীৰ সঞ্চালক বিজু নায়াৰে বিভিন্ন দিশৰ উপৰত প্ৰশিক্ষণ আগবঢ়াব।

এই সমাৱৰ্তনখন আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ পৰা সাহায্য লাভ কৰাৰ কথা জানিবলৈ দিয়ে সংস্থাৰ সভাপতি মনোজ কুমাৰ দাসে। আনহাতে তেওঁ জানিবলৈ দিয়া মতে ২৯ জানুৱাৰীৰ বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্যোগী মহিলাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। লগতে এই অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ উপস্থিত থাকিব।

Recent News

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd