• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত হয় প্ৰকৃতি সজাগতা শিবিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 22, 2018 12:58 pm

2 min read

Representative image Of Manas National Park
148
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ গ্ৰীণ হাৰ্ট নেইচ্যাৰ ক্লাবৰ উদ্যোগত মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত পাচঁদিনীয়া কাৰ্যসূচীৰে এটা প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়।

গ্ৰীণ হাৰ্ট নেইচ্যাৰ ক্লাবক শিবিৰটো অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াই বন বিভাগ আৰু বি টি চি প্ৰশাসনে।

অনুষ্ঠানটো শুভউদ্বোধন কৰে বি টি চিৰ শিক্ষা সঞ্চালক আৰ এছ বৰগয়াৰীয়ে। চিৰাং জিলাৰ বিদ্যালয় পৰিদৰ্শক জয়পাল ব্ৰহ্ম, হাল্টুগাঁও মণ্ডলৰ মাণ্ডলিক বন বিষয়া, চিমবৰগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে বিভিন্ন সন্মানীয় লোক শিবিৰটোত উপস্থিত থাকে।

ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত প্ৰকৃতি শিবিৰটোত কোকৰাধাৰ, চিৰাং, বাকসা আৰু ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়ণৰত ৬৭ গৰকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এছ বৰগয়াৰীয়ে প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠানত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী তথা যুৱ সমাজৰ উপস্থিতি দেখি উৎফুল্লিত হোৱা দেখা যায়। তেওঁ এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি সম্পৰ্কে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিব বুলিও মন্তব্য কৰে।

তেওঁ নিজৰ ভাষণ প্ৰসংগত এই শিবিৰৰ গুৰুত্ব সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে ভবিষৎ প্ৰজন্মক প্ৰকৃতি সংৰক্ষণ তথা সুৰক্ষাৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আৰু অধিক এনেধৰণৰ শিবিৰৰ আয়োজন কৰাৰ প্ৰয়োজন।

ভবিষ্যতত এনেধৰণৰ প্ৰকৃতি সজাগতামূলক অনুষ্ঠান আৰু যুৱ সমাজৰ মাজত সংৰক্ষণ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ বাবে সঞ্চালকগৰাকীয়ে নিজৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰা দেখা যায়।

আনহাতে গ্ৰীণ হাৰ্ট নেইচ্যাৰ ক্লাবৰ অধ্যক্ষ বাবলু দেয়ে কয় যে প্ৰত্যেক বছৰে প্ৰকৃতি সম্পৰ্কীয় এনেধৰণৰ সজাগতা অনুষ্ঠান আয়োজন কৰা উত্তৰ-পূবৰ এইটোৱে একমাত্ৰ সংগঠন।

সজাগতামূলক শিবিৰটো সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে সংগঠনটোৰ ফালৰ পৰা অধ্যক্ষই ধন্যবাদ জ্ঞাপন কৰে।

Recent News

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd