• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখা খোল খালে অসম সত্ৰ মহাসভাৰ : হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কক দিলে সমৰ্থন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2018 11:09 pm

2 min read

Citizenship Amendment Bill, 2016
251
VIEWS
Share on FacebookShare on Twitter

বহু চৰ্চিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীৰ কালি নতুন দিল্লীত হোৱা শুনানি অসমৰ প্ৰায় সকলো দল-সংগঠন অসমীয়া জাতিৰ পক্ষত থিয় দি বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে অসম সত্ৰ মহাসভা নামৰ সংগঠনটোৱে এই বিধেয়কখনৰ পক্ষত থিয় দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে দেশৰ সংবিধানৰ অন্যতম বৈশিষ্ট্য ধৰ্ম নিৰপেক্ষতাক ভৰিৰে মোহাৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ বাট মুকলি কৰি চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দু নাগৰিকক নাগৰিকত্ব দিবলৈ সংবিধান সংশোধন কৰিবৰ বাবে অনা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ ক্ষেত্ৰত নিজৰ নিজৰ মত দিবলৈ এই সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটীয়ে অসমৰ নিৰ্বাচিত দল-সংগঠনক দিল্লীলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ ভিতৰত আন আন সংগঠনৰ লগতে অসম সত্ৰ মহাসভাও আছিল।

কালি অনুষ্ঠিত এই শুনানিত অসমৰ প্ৰায় সকলো সংগঠনে স্পষ্টভাৱে এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ ফলত অসমীয়া জাতিয়ে সন্মুখীন হ’ব পৰা ভয়ংকৰ ভৱিষ্যতৰ কথা কয় যদিও সত্ৰ মহাসভাই বিধেয়কখনত আপত্তি কৰা নাই বুলি জানিব পৰা গৈছে।

নিজকে অসমীয়া জাতিৰ সংস্কৃতিৰ ৰক্ষক বুলি কোৱা তথা অসমীয়া সমাজ জীৱনৰ সদাস্মৰণীয়, পূজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু চিন্তাধাৰাৰে পৰিচালিত বুলি দাবী কৰা সংগঠনটোৰ এই জাতিদ্ৰোহী কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে।

মন কৰিব লগীয়া যে অসম সত্ৰ মহাসভাৰ এই জাতিদ্ৰোহী ভূমিকা পোহৰলৈ অহাৰ পিছতে সংগঠনটোৰ নেতৃবৃন্দই এই কথা অস্বীকাৰ কৰিব বিচৰা দেখা গৈছে। সংগঠনটোৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকে বিধেয়কখনৰ সমৰ্থন বা বিৰোধিতা একো কৰা নাই। অসম সত্ৰ মহাসভাক প্ৰতিনিধিত্ব কৰি শুনানিলৈ যোৱা প্ৰতিনিধিৰ সৈতে মঙলবাৰে সাংবাদিকে যোগাযোগ কৰাত সাধাৰণ সম্পাদক কুসুম মহন্তই  কয় যে অসম সত্ৰ মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাও কৰা নাই, সমৰ্থনো কৰা নাই। বৰং তেওঁলোকে অসমৰ সত্ৰ সংস্কৃতিৰ সুৰক্ষা সম্পৰ্কে মুঠতে ১৪ দফীয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।

কিন্তু সচেতন নাগৰিকসকলে প্ৰশ্ন কৰিছে যে বিৰোধিতা নকৰা মানেই জানো সমৰ্থন কৰা নহয়। বিৰোধিতা নকৰি বিধেয়কখন গৃহীত কৰাৰ বাট কৌশলেৰে খোলা ৰখাৰ ব্যৱস্থা কৰা নাই জানো? আনহাতে এই শুনানিৰ উদ্দেশ্য অসমৰ সত্ৰ সংস্কৃতিৰ সুৰক্ষা হয় নে বা এই যুটীয়া কমিটীখনৰ সৈতে অসমৰ সত্ৰ সংস্কৃতিৰ সুৰক্ষাৰ কি সম্পৰ্ক আছে বুলি প্ৰশ্ন কৰিছে। তেওঁলোকে শুনানিত লোৱা ভূমিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখি তেওঁলোকে এইদৰে বাগি দিব বিচৰা নাই নে বুলিও প্ৰশ্ন কৰিছে বহুতে।

জানিব পৰা মতে, অসমীয়া জাতিৰ পৰিচয়ৰ সন্ধিক্ষণত সত্ৰ মহাসভাৰ এই স্থিতিয়ে ৰাজ্যৰ বৌদ্ধিক তথা সামাজিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। ভিতৰত এটা স্থিতি লৈ বাহিৰত আন এটা পৃথক স্থিতি ল’ব খোজাটোৱেও সত্ৰ মহাসভাৰ দুমুখীয়া চৰিত্ৰক প্ৰকট কৰিছে লগতে শাসকীয় পক্ষৰ সৈতে থকা সুসম্পৰ্কৰ কথাটোতো সন্দেহ ঘনীভূত কৰিছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd