• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখা খোল খালে অসম সত্ৰ মহাসভাৰ : হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কক দিলে সমৰ্থন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2018 11:09 pm
Citizenship Amendment Bill, 2016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু চৰ্চিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীৰ কালি নতুন দিল্লীত হোৱা শুনানি অসমৰ প্ৰায় সকলো দল-সংগঠন অসমীয়া জাতিৰ পক্ষত থিয় দি বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে অসম সত্ৰ মহাসভা নামৰ সংগঠনটোৱে এই বিধেয়কখনৰ পক্ষত থিয় দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে দেশৰ সংবিধানৰ অন্যতম বৈশিষ্ট্য ধৰ্ম নিৰপেক্ষতাক ভৰিৰে মোহাৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ বাট মুকলি কৰি চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা হিন্দু নাগৰিকক নাগৰিকত্ব দিবলৈ সংবিধান সংশোধন কৰিবৰ বাবে অনা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ ক্ষেত্ৰত নিজৰ নিজৰ মত দিবলৈ এই সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটীয়ে অসমৰ নিৰ্বাচিত দল-সংগঠনক দিল্লীলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ ভিতৰত আন আন সংগঠনৰ লগতে অসম সত্ৰ মহাসভাও আছিল।

Apply Now

কালি অনুষ্ঠিত এই শুনানিত অসমৰ প্ৰায় সকলো সংগঠনে স্পষ্টভাৱে এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ ফলত অসমীয়া জাতিয়ে সন্মুখীন হ’ব পৰা ভয়ংকৰ ভৱিষ্যতৰ কথা কয় যদিও সত্ৰ মহাসভাই বিধেয়কখনত আপত্তি কৰা নাই বুলি জানিব পৰা গৈছে।

নিজকে অসমীয়া জাতিৰ সংস্কৃতিৰ ৰক্ষক বুলি কোৱা তথা অসমীয়া সমাজ জীৱনৰ সদাস্মৰণীয়, পূজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু চিন্তাধাৰাৰে পৰিচালিত বুলি দাবী কৰা সংগঠনটোৰ এই জাতিদ্ৰোহী কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে।

মন কৰিব লগীয়া যে অসম সত্ৰ মহাসভাৰ এই জাতিদ্ৰোহী ভূমিকা পোহৰলৈ অহাৰ পিছতে সংগঠনটোৰ নেতৃবৃন্দই এই কথা অস্বীকাৰ কৰিব বিচৰা দেখা গৈছে। সংগঠনটোৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকে বিধেয়কখনৰ সমৰ্থন বা বিৰোধিতা একো কৰা নাই। অসম সত্ৰ মহাসভাক প্ৰতিনিধিত্ব কৰি শুনানিলৈ যোৱা প্ৰতিনিধিৰ সৈতে মঙলবাৰে সাংবাদিকে যোগাযোগ কৰাত সাধাৰণ সম্পাদক কুসুম মহন্তই  কয় যে অসম সত্ৰ মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাও কৰা নাই, সমৰ্থনো কৰা নাই। বৰং তেওঁলোকে অসমৰ সত্ৰ সংস্কৃতিৰ সুৰক্ষা সম্পৰ্কে মুঠতে ১৪ দফীয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।

কিন্তু সচেতন নাগৰিকসকলে প্ৰশ্ন কৰিছে যে বিৰোধিতা নকৰা মানেই জানো সমৰ্থন কৰা নহয়। বিৰোধিতা নকৰি বিধেয়কখন গৃহীত কৰাৰ বাট কৌশলেৰে খোলা ৰখাৰ ব্যৱস্থা কৰা নাই জানো? আনহাতে এই শুনানিৰ উদ্দেশ্য অসমৰ সত্ৰ সংস্কৃতিৰ সুৰক্ষা হয় নে বা এই যুটীয়া কমিটীখনৰ সৈতে অসমৰ সত্ৰ সংস্কৃতিৰ সুৰক্ষাৰ কি সম্পৰ্ক আছে বুলি প্ৰশ্ন কৰিছে। তেওঁলোকে শুনানিত লোৱা ভূমিকাৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখি তেওঁলোকে এইদৰে বাগি দিব বিচৰা নাই নে বুলিও প্ৰশ্ন কৰিছে বহুতে।

জানিব পৰা মতে, অসমীয়া জাতিৰ পৰিচয়ৰ সন্ধিক্ষণত সত্ৰ মহাসভাৰ এই স্থিতিয়ে ৰাজ্যৰ বৌদ্ধিক তথা সামাজিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। ভিতৰত এটা স্থিতি লৈ বাহিৰত আন এটা পৃথক স্থিতি ল’ব খোজাটোৱেও সত্ৰ মহাসভাৰ দুমুখীয়া চৰিত্ৰক প্ৰকট কৰিছে লগতে শাসকীয় পক্ষৰ সৈতে থকা সুসম্পৰ্কৰ কথাটোতো সন্দেহ ঘনীভূত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd