DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত মাকে ৰে’লত তুলি যোৱা যুৱতীৰ ২০ মিনিট পিছতে মৃতদেহ উদ্ধাৰ শিমলুগুৰিত

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
July 11, 2018 1:44 pm
radha kumari assam agricultural university student found dead in train
162
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছ ৰে’লৰ শৌচালয়ত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰৰ শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত আজি ১০ জুলাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

গোলাঘাটৰ ফৰকাটিঙলৈ বুলি শিৱসাগৰ ষ্টে’শ্যনত ৰে’লখনত উঠাৰ ২০ মিনিটৰ ভিতৰত দিন দুপৰতে এনেদৰে এগৰাকী যুৱতীক হত্যা কৰি যোৱাটোৱে ৰে’লৰ সুৰক্ষা বিশেষকৈ নাৰীৰ সুৰক্ষাৰ বিষয়টোক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত পুৱা ৮.১৫ বজাত আহি পোৱা ৰে’লখনত উদ্ধাৰ হোৱা দেহটো অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ বুলি চিনাক্ত কৰা হৈছে।

তিনিচুকীয়াৰ পৰা ৰে’লৱে’ সুৰক্ষা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে শিৱসাগৰ যুৱতীগৰাকীয়ে গোলাঘাটৰ ফৰকাটিঙলৈ বুলি যাত্ৰা কৰিছিল আৰু মাকে ৰাধাক শিৱসাগৰ ষ্টে’শ্যনত আগবঢ়াই থৈ গৈছিলহি। ‘শিৱসাগৰ ষ্টে’শ্যনত যদি ছোৱালীগৰাকীয়ে পুৱা ৭.৫৫ বজাত ৰে’লখনত উঠিছিল, তেন্তে শিমলুগুৰি ষ্টে’শ্যনত ৮.১৫ বজাত আহি পোৱা ৰে’লখনত মাত্ৰ ২০ মিনিটৰ ভিতৰতে হত্যাকাণ্ডটো সংঘটিত হৈছিল,’ তেওঁ কয়।

ডিঙিত এখন গামোচা মেৰ খাই থকাৰ ফলত যুৱতীগৰাকীক ডিঙি চেপি মৰা বুলি সন্দেহ কৰা হৈছে।

মৰণোত্তৰ প্ৰতিবেদন এতিয়াও পোৱা হোৱা নাই বাবে ঘটনাটোৰ কিদৰে সংঘটিত হৈছে জানিব পৰা হোৱা নাই।

ৰাধা থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ ১২ নং ছাত্ৰী নিৱাসৰ ৱাৰ্দেন পূৰ্ণিমা দাসে সংবাদ মাধ্যমক জনোৱা মতে মৃত ৰাধা পঢ়া-শুনাত ভাল, শান্ত আৰু বুদ্ধিমতী আছিল।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিএচচি ২য় ষান্মাষিকৰ ছাত্ৰী ৰাধাই মেট্ৰিকত ৮৭ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৮২ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।

ইফালে ছাত্ৰীগৰাকীৰ হত্যাত শোকাহত অসম কৃষি বিশ্ববিদ্যালয় সমাজে ঘটনাটোৰ ক্ষীপ্ৰ আৰু উচিত তদন্ত দাবী কৰিছে।

Recent News

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd