• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ দেশৰ লগতে অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদে কঁপালে ৰাজ্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 11, 2018 7:37 am
গুৱাহাটীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ। ফটো : য়ু বি।

গুৱাহাটীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দাবীত সমগ্ৰ দেশজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাসকলে ১০ জুলাইত ‘ক’লা দিৱস’ পালন কৰে। চিটুৰ সৈতে সংলগ্ন হৈ থকা দেশৰ অগনবাড়ী কৰ্মী-সহায়িকাসকলৰ সংগঠন all india federation of anganwadi workers and helpers (AIFAWH)ৰ দ্বাৰা লোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত  আন আন ৰাজ্যৰ সমান্তৰালকৈ অসমতো চিটু (CITU)ৰ অন্তৰ্ভুক্ত সদৌ ভাৰত অংগনবাড়ী কৰ্মী-সহায়িকা ফেডাৰেইশ্যনৰ আহ্বানত অংগনবাড়ী কৰ্মী-সহায়িকাসকলে এই কাৰ্যসূচী ৰুপায়ণ কৰে।

অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ চাকৰি নিয়মীয়া কৰা, দৰমহা নিম্নতম ১৮ হাজাৰ টকা কৰা, অৱসৰৰ পিছত পেন্সনৰ ব্যৱস্থা কৰা, সংহত শিশু কল্যাণ সেৱাসমূহ (ICDS) অটুট ৰখা আৰু এইবোৰৰ ব্যক্তিগতকৰণৰ পৰা বিৰত থকা, এই সেৱাসমূহৰ হিতাধিকাৰীলৈ পোনপটীয়া ধন হস্তান্তৰৰ আঁচনি বাতিল কৰা, সেৱাসমূহৰ বাবে আধাৰ কাৰ্ডৰ সৈতে সম্পৰ্ক স্থাপন বাধ্যতামূলক নকৰা আদি বহুকেইটা গুৰুত্বপূৰ্ণ দাবীত এই আন্দোলনটো কৰা হৈছিল।

Apply Now

দেশজুৰি চলা আন্দোলনৰ অংশ হিচাপে, ১০ জুলাইত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত পাঁচ শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ডিব্ৰুগড়, যোৰহাট, ধুবুৰী, বঙাইগাঁৱকে ধৰি ৰাজ্যৰ ১৩খন জিলাৰ সদৰসমূহত কৰ্মী আৰু সহায়িকাসকলে অৱস্থান ধৰ্মঘট, প্ৰতিবাদী সমদল, বিক্ষোভ আদি কাৰ্যসূচী গ্ৰহণ কৰে।

আন্দোলনৰ পিছত সংগঠনটোৰ অসমৰ নেতৃত্বই সংহত শিশু বিকাশ সেৱা (আই চি ডি এছ)ৰ শিতানত কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰা, মাননিৰ সলনি মজুৰি আদায় দিয়া আৰু অংগনবাড়ী কৰ্মী-সহায়িকাসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আদিৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। লগতে এই দাবীসমুহ পূৰণ নকৰিলে পূনৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

এক বিবৃতিযোগে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰে কয়, “কেন্দ্ৰীয় চৰকাৰৰ সৌজন্যত চলি থকা সংহত শিশু বিকাশ সেৱাৰ অধীনত সমগ্ৰ দেশৰ ১৪ লাখ আৰু অসমৰ ৬২ হাজাৰ অংগনবাড়ী কেন্দ্ৰৰ মাধ্যমেৰে আনুষ্ঠানিক প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান, পৰিপূৰক পুষ্টিকৰ খাদ্য যোগান, টিকাকৰণ, স্বাস্থ্যসেৱা, প্ৰেৰিত সেৱা, স্বাস্থ্য আৰু পুষ্টিশিক্ষাসেৱাসমূহ আগ বঢ়াই থকা হৈছে। কিন্তু এই আঁচনিখন এতিয়া অস্তিত্বৰ সংকটত ভুগিব লগীয়া হৈছে। কিয়নো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে বাজেট ধাৰ্য নকৰা হৈছে।”

তেওঁ লগতে জনায় যে চৰকাৰৰ পৰামৰ্শদাতা কমিটীয়ে সংহত শিশু বিকাশ আঁচনিৰ শিতানত ২৮,৪৫৪ কোটি টকা ধাৰ্য কৰাৰ পৰামৰ্শ দিছিল। কিন্তু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৮-১৯ চনৰ বাজেটত মাত্ৰ ১৬,০০০ কোটি টকাহে ধাৰ্য কৰে।

সংগঠনৰ ফালৰ পৰা প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা অংগনবাড়ী কৰ্মীয়ে যথেষ্ট কম পৰিমাণৰ মাননি পাই আছে কিন্তু তাৰ বিপৰীতে পূৰ্বৰ তুলনাত তেওঁলোকৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছে। তেওঁলোকৰ নিজৰ কামৰ উপৰি সবলা আঁচনি,PMMSY আঁচনি, NRC, BLO আদি চৰকাৰী কামতো নিয়োগ কৰা হ’য় কিন্তু তেওঁলোকৰ বেমাৰ-আজোৰ হ’লে কোনো ধৰণৰ চিকিৎসা সাহায্য নাপায়।

ইয়াৰ উপৰি শেহতীয়াভাৱে অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ চৰকাৰে অৱসৰ লোৱাৰ বাবে হেঁচা প্ৰদান কৰি থকা বুলি জানিবলৈ দি চৰকাৰে কোনো অৱসৰকালীন সাহায্য ঘোষনা কৰা নাই বুলি কয়।

লগতে সংহত শিশু বিকাশ সেৱাসমূহ আগবঢ়াবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ, বিভিন্ন সামগ্ৰীৰ যোগান নিয়মিত নোহোৱা আৰু অংগনবাড়ী কেন্দ্ৰৰ ঘৰবোৰৰ শোচনীয় অৱস্থাৰ কথাও বিবৃতিটোত প্ৰকাশ পায়।

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এই ‘কলা দিৱস’ কাৰ্যসূচীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰ, ‘চিটু’ৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা আৰু মহানগৰ জিলা সমিতিৰ সম্পাদক বীৰেণ শৰ্মা উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd