• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দুসকলক সেৱা কৰাৰ চলেৰে খ্ৰীষ্টানসকলে ধৰ্মান্তকৰণৰ বাবে টাৰ্গেট কৰি লয় : সুৰেন্দ্ৰ কুমাৰ জৈন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2018 10:04 pm
সুৰেন্দ্র কুমাৰ জৈন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কিয় কাশ্মীৰৰ মুছলমান লোকসকলৰ ঘাটিসমূহত গীৰ্জাসমূহৰ দ্বাৰা এটাও সেৱাকাৰ্য্য সম্পাদন নহয়? ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে খ্ৰীষ্টানসকলে হিন্দুসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিবৰ বাবে টাৰ্গেট কৰি লয়।‘

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি বিশ্ব হিন্দু পৰিষদৰ  কেন্দ্ৰীয় সংযুক্ত মহামন্ত্ৰী সুৰেন্দ্ৰ জৈনে এই বিতৰ্কিত মন্তৱ্য কৰে।

Apply Now

উল্লেখ্য যে, কালি বিশ্ব হিন্দু পৰিষদৰ পৰা বিভক্ত হৈ গঢ় লোৱা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীন ভাই টোগাৰিয়াই অসমত আহি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে বিৰূপ মন্তৱ্য কৰাৰ পাছতেই আজি পুনৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক টাৰ্গেট কৰি লৈ এই বিতৰ্কিত মন্তৱ্য কৰে সুৰেন্দ্ৰ কুমাৰ জৈন নামৰ গোড়া হিন্দুত্ববাদী নেতাজনে।

তেওঁ উক্ত সংবাদমেলতে ‘সমগ্ৰ বিশ্বতে গীৰ্জাবিলাক শিশু আৰু মহিলাৰ ক্ষেত্ৰত দুৰাচাৰ কৰাৰ এক কেন্দ্ৰ হিচাপে গঢ় লৈছে,‘ বুলিও গীৰ্জাসমূহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে।

আনহাতে, ‘উত্তৰ-পূৱত এই গীৰ্জাসমূহৰ অন্য এখন মুখ দেখিবলৈ পোৱা যায়।‘ এইবুলি মন্তৱ্য কৰি তেওঁ লগতে কয়,  ‘এই গীৰ্জাসমূহে সমাজত বিভাজনৰ বীজ ৰোপন কৰাৰ চেষ্টা কৰে। তেওঁলোকে উগ্ৰবাদীক সমৰ্থন দিয়াৰ লগতে আতংকবাদী সংগঠনসমূহৰ সৈতে এই গীৰ্জাসমূহৰ পোনপটীয়া সম্পৰ্ক আছে।‘

‘সেৱা কৰাৰ মানসেৰে খ্ৰীষ্টান লোকসকলে অন্য ধৰ্মৰ লোকসকলক ধৰ্মান্তকৰণ কৰি আছে তাৰো কিছুমান উদাহৰণ চকুৰ আগত আহিছে।‘ এইবুলি মত প্ৰকাশ কৰি জৈনে লগতে কয়,  ‘যদি দুখীয়া মানুহক সেৱা কৰাই এইসকলৰ মুখ্য উদ্দেশ্য তেন্তে মোৰ এটা প্ৰশ্ন আছে{ আজিলৈকে মুছলমানবহুল অঞ্চলত তেওঁলোকে সেৱা কাৰ্য্য কিয় নকৰিলে?’

তেওঁ আকৌ উগ্ৰবাদী সংগঠনৰ সৈতে গীৰ্জাসমূহৰ সম্পৰ্ক থকাৰ কথা ত্ৰিপুৰাৰ পূৰ্বৰ বামপন্থী চৰকাৰেও কৈছিল বুলি উক্ত সংবাদমেলত উল্লেখ কৰে। ত্ৰিপুৰাৰ বামপন্থী চৰকাৰখনে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক গীৰ্জাসমূহৰ ওপৰত নিয়ন্ত্ৰণ আনিবৰ বাবে আবেদনো জনাইছিল বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে, নাগালেণ্ড, মণিপুৰকে ধৰি উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহৰ উগ্ৰবাদী সংগঠনসমূহৰ সৈতে এই গীৰ্জাসমূহৰ সম্পৰ্ক আছে বুলি তেওঁ দাবী জনায়।

‘তেওঁলোকক আমি স্পষ্ট কৰি দিব বিচাৰিছো যে এতিয়াৰ পৰা তেওঁলোকে হিন্দুসকলক টাৰ্গেট কৰি ল’ব নোৱাৰে। তেওঁলোকে নিজৰ সংস্কৃতি, পৰম্পৰাক অজস্ৰ ভাল পাই আৰু তেওঁলোকে এনেভাৱে বেলেগ ধৰ্ম জাপি দিয়া কথাটো কেতিয়াও মানি নলয়।‘ সুৰেন্দ্ৰ জৈনে সংবাদমেলত এইদৰে কয়।

আনহাতে, দেশৰ যি যি প্ৰান্তত গীৰ্জা আছে সেই প্ৰান্তসমূহত বিকাশ নহয় বুলি জৈনে দাবী কৰাৰ লগতে কয়, ‘য’ত বিকাশ নাই তাত বিনাশ হোৱাটো নিশ্চিত। গীৰ্জাসমূহ বিনাশৰ একো-একোটা প্ৰতীক হিচাপে পৰিগণিত হ’ল। উৰিষ্যাত গীৰ্জাৰ প্ৰভাৱ বেছি বাবে তাত বিকাশ কেতিয়াও নহয়। ত্ৰিপুৰা আৰু মণিপুৰতো যিবোৰ অঞ্চলত গীৰ্জা আছে সেই অঞ্চলসমূহৰো বিকাশ হ’ব পৰা নাই।‘

ইয়াৰোপৰি খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে গীৰ্জাসমূহে এক ব্যৱসায় চলাই থকাৰ অভিযোগ তুলি তেওঁ কয়, ‘যেতিয়ালৈকে সমাজ ব্যৱস্থা পিছপৰি থাকিব, তেতিয়ালৈকে খ্ৰীষ্টানসকলৰ ব্যৱসায়-বাণিজ্য ঠিকেই চলি থাকিব।‘

উক্ত সংবাদমেলৰ জৰিয়তে জৈনে কেন্দ্ৰীয় চৰকাৰক মাদ্ৰাছা আৰু গীৰ্জাসমূহৰ গতি-বিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনায়।

আনহাতে, বিশ্ব হিন্দু পৰিষদেও গীৰ্জা আৰু মাদ্ৰাছাসমূহত চলি থকা আতংকবাদী কাৰ্য্যসমূহ বন্ধ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা বুলি তেওঁ সদৰী কৰে।

তদুপৰি একেখন সংবাদমেলতে  সমগ্ৰ বিশ্বই জনগাঁথনিৰ অসন্তুলনক লৈ সমস্যাৰ সন্মুখীন হৈছে বুলি সদৰী কৰি জৈনে কয়, ‘এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদ জনাইছো, তেওঁলোকে কেৱল ভাৰতৰ বাবে নহয় সমগ্ৰ বিশ্বৰ বাবে জনগাঁথনি অসন্তুলন সমস্যাৰ সমাধান দিছে।‘

অসম চৰকাৰে ‘একে জনসংখ্যা নীতি’ৰ জৰিয়তে ধৰ্মনিৰপেক্ষ দেশ এখনত সকলোকে এই নীতিৰ আধাৰত ৰাখিবৰ বাবে চেষ্টা কৰিছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

আনহাতে, বিশ্ব হিন্দু পৰিষদৰ অধীনত ৬৪০২৭ খন কমিটিৰ মাধ্যমেৰে কাম কৰাৰ লগতে ৭০ হাজাৰতকৈও অধিক সেৱামূলক কাম সম্পাদন কৰা বুলিও তেওঁ সংবাদমেলত দাবী কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd