• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোটেলৰ লেতেৰা পৰিৱেশ : পল্টনবজাৰৰ ৩খন হোটেল বন্ধ ৰখাৰ নিৰ্দেশ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 9, 2018 8:01 pm

2 min read

pijush-hazarika

স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা। ফাইল ফটো।

166
VIEWS
Share on FacebookShare on Twitter

আজি স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই এটা দৃষ্টান্তমূলক পদক্ষেপেৰে অতৰ্কিত পৰিদৰ্শন অভিযান চলায় গুৱাহাটীৰ কেইখনমান হোটেলত। বিশেষকৈ পল্টনবজাৰ অঞ্চলত কেইবাখনো হোটেলত আকস্মিকভাৱে প্ৰৱেশ কৰি ৰাজ্যিক মন্ত্ৰীজনে হোটেলকেইখনৰ খাদ্য ৰন্ধা আৰু পৰিৱেশ ব্যৱস্থাটোৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ত বেছিকেইখন হোটেলতে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য ৰন্ধাৰ কথা মন্ত্ৰীজনৰ চকুত পৰে। জানিব পৰামতে নিম্নতম স্বাস্থ্যকৰ পৰিৱেশ বৰ্তাই নৰখা বাবে আজি মন্ত্ৰীজনে পল্টনবজাৰৰ কামাখ্যা, ৰাজা আৰু গ্ৰীন ভিউ –এই ৩খন হোটেলক শাস্তিস্বৰূপে ৩ দিন পৰ্য্যন্ত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্যবিধি মানি নচলা বাবেই এই হোটেলকেইখনক এই শাস্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

এই অভিযানৰ সময়ত মন্ত্ৰীজনে আন কেইবাখনো হোটেলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশ ঠিক কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। মন্ত্ৰীজনে এই হোটেলবোৰক ১০ দিনৰ সময়সীমা বান্ধি দিয়ে।

মন কৰিব লগীয়া যে মহানগৰীত বহুতো হোটেলে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য ৰন্ধা আৰু পৰিৱেশনৰ কাম কৰি আছে। বহুতো হোটেলে নিম্নতম স্বাস্থ্যবিধি মানি নচলে। এইবোৰত দিয়া আমিষ খাদ্যত বহুতে সন্দেহ প্ৰকাশ কৰি আহিছে। পচা মাছ-মাংস দিয়া, ছাগলীৰ বুলি কুকুৰৰ মাংস দিয়া আদি অভিযোগো সময়ে সময়ে উত্থাপিত হৈ আহিছে।

আনহাতে বহুতো হোটেল আৰু ৰেষ্টুৰেণ্টৰ এই ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় FSSAI Food Business License নাই, যিটোৰ সৈতে জনস্বাস্থ্যৰ দিশ জড়িত হৈ আছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd