• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰকিবুল হুছেইন আৰু তেওঁৰ আত্মীয়ৰ সম্পত্তিৰ আন এখন তালিকা দিলে অনিল ৰাজাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 8:47 am
anil raja apcc

অনিল ৰাজাৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগত তদন্তৰ মুখামুখি হৈ থকা প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ বাবে অধিক সংকট মাতি আনি অনিল ৰাজাই হুছেইন আৰু তেওঁৰ আত্মীয়ৰ সম্পত্তিৰ আন এখন তালিকা ৰাজহুৱা কৰিছে। ইয়াৰ জৰিয়তে অনিল ৰাজাই বিষয়টোক গম্ভীৰ কৰি তোলাৰ লগতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেওঁ অনা অভিযোগক অধিক সবল কৰিলে।

অনিল ৰাজাই ২৩ এপ্ৰিলত এই নতুন তালিকাখন দি ৰকিবুল হুছেইন, তেওঁৰ মাতৃ লুটফুৰ নাহাৰ হুছেইন আৰু আত্মীয়-স্বজনৰ নামত বিশাল সম্পত্তি থকা বুলি দাবী কৰিছে। অভিযোগকাৰীজনে দিয়া তথ্য অনুসৰি ৰকিবুল হুছেইনৰ নামত কামৰূপ মহানগৰ জিলাৰ বেলতলা মৌজাৰ হাতীগাঁও কিচামতৰ ১৭৬৫নং খেৰাজ ম্যাদী পট্টাৰ ১৬৫৯নং দাগৰ ৮ কঠা মাটি, বেলতলা মৌজাৰ দ্বাৰবন্ধা গাঁৱৰ ৭.১২ কঠা মাটি (পট্টা নং ১৯৪৯, দাগ নং ১৫২৬ আৰু ২৫২৭) আছে।

Apply Now

আনহাতে ২৩ এপ্ৰিলত অনিল ৰাজাই আন এখন তালিকা প্ৰদৰ্শন কৰি বেলতলা মৌজাৰ ১৫৭১ নং পট্টাৰ ১৫২২ দাগৰ ৮.০২ কঠা, ৪৫৫নং পট্টাৰ ১৪৭৭ দাগৰ ৮.৯৯ কঠা মাটিৰ গৰাকীও ৰকিবুল হুছেইনেই বুলি দাবী কৰিছে। আনহাতে শিৱসাগৰ চহৰতো ৰকিবুল হুছেইনৰ নামত ১ কঠা ৫ লেচা মাটি ( পট্টা নং ৩৩২৫, দাগ নং ১৪১৫) আছে বুলি ৰাজাই দাবী কৰিছে।

নগাঁও চহৰত থকা তানজ অল ছুপাৰ মাৰ্কেটৰ গৰাকীও প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন বুলি অনিল ৰাজাই নতুনকৈ প্ৰকাশ কৰা তালিকাত উল্লেখ কৰিছে। ইয়াৰ উপৰি কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিৰ এন টি ৰিজ’ৰ্টখন ৰকিবুল হুছেইনে আত্মীয়ৰ নামত চলাই থকাৰো অভিযোগ কৰিছে ৰাজাই। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ জাকিৰ হুছেইনৰ নামত ৰকিবুলে বহু সম্পত্তি ক্ৰয় কৰা বুলি অভিযোগ তুলি অনিল ৰাজাই দাবী কৰে যে জাকিৰ হুছেইন ওৰফে গামেলক তদন্তৰ আওতালৈ আনিলে বহু তথ্য পোহৰলৈ আহিব।

উল্লেখযোগ্য যে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত অনিল ৰাজাই তৰা গোচৰৰ ভিত্তিত ৰকিবুল হুছেইনৰ আয়বহিৰ্ভূত সম্পত্তিৰ তদন্ত চলি আছে। অনিল ৰাজাই দিয়া সম্পত্তিৰ নতুন তালিকাই এতিয়া এই তদন্তত নতুন মাত্ৰা দিয়াৰ সম্ভাৱনা আছে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে আয়বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগ আনি দলীয় শাস্তি নিলম্বনৰ সন্মুখীন হোৱা অনিল ৰাজা পুনৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৰৱ হৈ পৰাটো বিশেষভাৱে মন কৰিব লগীয়া।

প্ৰসংগক্ৰমে ক’ব পাৰি যে বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনত বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন সমগ্ৰ মন্ত্ৰীসভাখনৰ ভিতৰতে প্ৰভাৱশালী মন্ত্ৰী আছিল। দুয়োৰে সম্পত্তিৰ পৰিমাণ এই কালছোৱাতেই অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটো সকলোৱে মন কৰি আছে। দুয়োজনৰ বিৰুদ্ধেই উত্থাপিত হৈছিল ব্যাপক দুৰ্নীতিৰ অভিযোগ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd