DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰহাৰ টোলগেইট পুনৰ মুকলি কৰাক লৈ তীব্ৰ ক্ষোভ; টোলগেইটৰ আঁৰত গড়কাপ্তানী মন্ত্ৰী হিমন্ত থকাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2018 1:24 am
TollGate
99
VIEWS
Share on FacebookShare on Twitter

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰহা অঞ্চলত টোলগেইট পুনৰ স্থাপন কৰাক লৈ অঞ্চলটোত আজি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। কৃষক মুক্তিকে ধৰি মুঠ ১২টা দল-সংগঠন আৰু স্থানীয় ৰাইজক আজি এই টোলগেইটখন স্থাপনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ৰহা চহৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল।

কিন্তু ৰাইজৰ প্ৰতিবাদ সত্ত্বেও কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি টোলগেইটখন কাৰ্যকৰী কৰা হয় আৰু ফ’ৰলেন ৰাষ্ট্ৰীয় পথেৰে অহা-যোৱা কৰা গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰা হয়। ব্যক্তিগত গাড়ীৰ ১০০ টকাৰ পৰা (এবাৰ পাৰ হ’লে) যাত্ৰীবাহী বাছৰ ৬৩৫ টকালৈ ভিন্ন হাৰত এই পথকৰ লোৱা হৈছে। নিৰ্ধাৰণ কৰা হৈছে মাহেকীয়া মাচুলো। এই টোলগেইটৰ কৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সংগ্ৰহ কৰে যদিও প্ৰাধিকৰণে ৰহাৰ টোলগেইটত কৰ সংগ্ৰহৰ দায়িত্ব দিছে বহিৰাগত এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক।

উল্লেখযোগ্য যে ৰহাৰ এই টোলগেইটখন ২০১৫ চনৰ ১৫ এপ্ৰিলত চৰকাৰে বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ৰাইজৰ বিপুল প্ৰতিবাদত সেও মানি। কিন্তু ৪ লেনযুক্ত ৰাষ্ট্ৰীয় পথটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বেই টোলগেইটখন পুনৰ মুকলি কৰিলে চৰকাৰে। কেৱল মুকলি কৰাই নহয়, ইয়াৰ কৰৰ হাৰ অভাৱনীয়ভাৱে বঢ়ায়ো দিলে। টোলগেইটৰ কৰৰ নিৰিখক লৈয়ো ব্যক্তিগত আৰু বাণিজ্যিক গাড়ীৰ স্বত্বাধিকাৰী আৰু চালকসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে।

যাত্ৰীবাহী গাড়ী আৰু অন্যান্য বাণিজ্যিক গাড়ীৰ মালিকসকলে তেলৰ দাম বঢ়োৱাৰ পিছত ইয়াক চৰকাৰখনৰ দ্বিতীয়টো মাধমাৰ বুলি অভিহিত কৰিছে। টোলগেইটৰ হাৰ বেছি হোৱা বুলি অভিযোগ তুলি বহুকেইজন চালকে কৈছে যে দিল্লী, বিহাৰ, কলকাতা আদিতো তেওঁলোকে টোলগেইটৰ কৰ দিয়ে। কিন্তু ইয়াৰ হাৰ অতি বেছি হৈছে। ইফালে স্থানীয় যাত্ৰীবাহী গাড়ীৰ মালিকসকলে ভাড়া বঢ়োৱাৰ হুংকাৰ দিছে।

ক্ষোভ উজাৰিছে ব্যক্তিগত গাড়ী লৈ অহা-যোৱা কৰা নাগৰিকসকলেও। তেওঁলোকে কৈছে যে এতিয়া কোনো কাৰণত এজন ব্যক্তিয়ে যদি ২৪ ঘণ্টাৰ ভিতৰত ৰহা পাৰ হৈ অহা-যোৱা কৰিব লগীয়া হয়, তেন্তে তেওঁ দৈনিক ১৫০ টকাৰ পৰা ২০০ টকাকৈ দি থাকিব লাগিব, আৰু এইদৰে তেওঁ মাহত প্ৰায় ৫-৬ হাজাৰ টকা দিব লাগিব কেৱল টোলগেইটতে।

আনহাতে ৰহাৰ টোলগেইটখন পুনৰ মুকলি কৰাৰ আঁৰত গড়কাপ্তানী মন্ত্ৰী হিমন্তৰ হাত থকা বুলি একাংশই অভিযোগ আনিছে। গড়কাপ্তানী মন্ত্ৰীৰ মন্ত্ৰণাতে ৰাইজৰ প্ৰতিবাদ সত্ত্বেও এইখন পুনৰ মুকলি কৰা হ’ল বুলি দাবী কৰিছে একাংশই।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd