• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত বিদ্যুতৰ লুকা-ভাকু চলি থকাৰ মাজতে শক্তি বিভাগত বহু কামৰ প্ৰতিশ্ৰুতি মন্ত্ৰী তপনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 11, 2018 8:36 pm
তপন গগৈ

বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী তপন কুমাৰ গগৈ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বিদ্যুতৰ লোডশ্বেডিঙ নতুন সমস্যা নহয়। এটা পুৰণি সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদিও বুধবাৰৰ সংবাদমেলৰ জৰিয়তে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ সকলো লোকৰ বাসগৃহতে বিদ্যুৎ যোগান সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, যোৱা ২৭ এপ্ৰিলৰ দিনা নৱ নিৰ্বাচিত মন্ত্ৰীগৰাকীক হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত মহিলা মৰ্চাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল। সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণ আৰম্ভ কৰিবলৈ লওঁতেই তেওঁ লোডশ্বেডিঙৰ সন্মুখীন হৈছিল। উক্ত সভাতে তেওঁ বিদ্যুৎ বিভাগৰ এনেবোৰ গাফিলতি দূৰ কৰাৰো প্ৰতিশ্ৰুতি দিছিল।

Apply Now

আনহাতে, জনসাধাৰণক ২৪ ঘন্টাই বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনৰ কাৰ্যকালত বৰ্তমানো ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ মহানগৰীত কিন-কিনীয়া বৰষুণ এজাকতে ২-৩ ঘন্টা পৰ্য্যন্ত বিদ্যুত কৰ্তন কৰাত জনসাধাৰণ চৰম অস্বস্তিত ভুগিছে। কিছুসংখ্যকে চৰকাৰখনৰ মন্ত্ৰীসকল আশ্বাস আৰু প্ৰতিশ্ৰুতিতে সীমাবদ্ধ বুলি কটাক্ষ কৰাও পৰিলক্ষিত হৈছে।

এনেবোৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি নৱ নিৰ্বাচিত শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে মন্ত্ৰিত্ব কালৰ প্ৰথমখন সংবাদ মেল অনুষ্ঠিত কৰি নতুন নতুন কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উক্ত সংবাদমেলতে এতিয়ালৈকে ৰাজ্যৰ ৬৪ লাখ গৃহত বিদ্যুৎ সংযোগ হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ‘আৰু ২৩ লাখ গৃহত বিদ্যুৎ সংযোগ বাকী আছে। অহা ৫ মাহৰ ভিতৰত এইসমূহ গৃহত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হ’ব।‘

তদুপৰি অসমৰ চুকে-কোণে বহু ঠাইত লাখৰ ওপৰত বাঁহ-কাঠৰ খুটা থকা বুলি স্বীকাৰ কৰে মন্ত্ৰী তপন গগৈয়ে।

তেওঁ কয় ‘বাঁহ-কাঠৰ খুটাৰ পৰিৱৰ্তে পকাৰ খুঁটা লগাবৰ বাবে প্ৰথম পৰ্য্যায়ত ২৫ কোটি টকা ধায্য কৰা হৈছে আৰু ইতিমধ্যে ১২.৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে। পৰ্য্যায়ক্ৰমে এই প্ৰক্ৰিয়া চলাই নিয়া হ’ব যাতে বাঁহৰ আৰু কাঠৰ খুঁটা কোনো ঠাইত নাথাকে।‘

আনহাতে ৰাজ্যৰ চাৰিখন চহৰত পৰীক্ষামূলকভাৱে প্ৰিপেড মিটাৰৰ ব্যৱস্থা কৰিব বুলি তেওঁ উক্ত সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিদ্যুতৰ তাঁৰসমূহ কেব’ল কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘এই কেব’ল কৰিবৰ কাৰণে ইতিমধ্যে ৩২৮৪.০৪ কোটি টকা ধাৰ্য কৰা হৈছে। কেব’ল চিষ্টেম কৰিলে বিশেষকৈ গাওঁ অঞ্চলত বাঁহ পৰিলেও তাঁৰসমূহ চিঙি নাযায়। প্ৰায় ৬০ হাজাৰ কিল’মিটাৰ তাঁৰ সলনি কৰি কেব’ল কৰা হ’ব।‘

উল্লেখ্য যে, যিসকল যুৱক-যুৱতীয়ে নতুনকৈ বিদ্যুত বিভাগৰ অধীনত কাম কৰিব বিচাৰে সেইসকলৰ বাবে ২ মাহ সময় অনলাইনযোগে পঞ্জীয়ন কৰাৰ বাবে ধাৰ্য কৰা হৈছে বুলি সংবাদমেলত মন্ত্ৰী গগৈয়ে কয়।

পঞ্জীয়ন সম্পৰ্কত তেওঁ কয়, ‘চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলে ৫,০০০ টকা দি পঞ্জীয়ন কৰিব লাগিব। তেওঁলোকক স্থানীয় ভিত্তিত ৫০ লাখ টকা পৰ্য্যন্ত কাম কৰিবৰ বাবে সুবিধা প্ৰদান কৰা হ’ব। তৃতীয় বৰ্গৰ সকলে ১০ লাখ টকাৰ পৰা কাম আৰম্ভ কৰিব পাৰিব আৰু তেওঁলোকে ১০ হাজাৰ টকা দি পঞ্জীয়ন কৰিব লাগিব। দ্বিতীয় বৰ্গত নাম পঞ্জীয়ন কৰাসকলে ৫০ লাখ টকাৰ পৰা ২ কোটি টকা পৰ্য্যন্ত কাম কৰিব পাৰিব আৰু তেওঁলোকে ১৫ হাজাৰ টকা দি পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ লগতে প্ৰথম বৰ্গত পঞ্জীয়ন কৰাসকলে ৫ কোটি টকাৰ পৰা ২০ কোটি টকা পৰ্য্যন্ত কাম কৰিব পাৰিব।‘

স্থানীয় তথা কামৰ প্ৰতি আগ্ৰহ থকা যুৱক-যুৱতীসকলৰ সুবিধাৰ বাবে এই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰোপৰি ৩৫০০ গৰাকী প্ৰাৰ্থীক শক্তিবিভাগত নিয়োগ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰে ১০০০ প্ৰাৰ্থীক কাৰ্য্যালয় ও ক্ষেত্ৰ সহায়ক হিচাপে, ৮৭২ গৰাকী সহায়ক আৰু ৫-৭ বছৰ ধৰি যিসকলে বৰ্তমানো শক্তি বিভাগত ঠিকাভিত্তিক কাম কৰি আছে সেইসকলক পুনৰ পৰীক্ষা পাতি নিযুক্তি দিয়া হ’ব।

আনহাতে, কাৰ্য্যালয় ও ক্ষেত্ৰ সহায়ক পদত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজন হোৱাৰ উপৰিও সহায়ক পদৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ আৰু আইটিআই উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

উক্ত সংবাদমেলতে তেওঁ সংশ্লিষ্ট বিভাগত ২৮৬ গৰাকী অভিযন্তা, ৬০ গৰাকী সহকাৰী হিচাপ ৰক্ষকৰ পদ আৰু জুনিয়ৰ এচিষ্টেন্ট অফিচাৰ পদৰ ১০ গৰাকী প্ৰাৰ্থীৰ বাবে অহা কেইদিনমানৰ ভিতৰত  কাকতত বিজ্ঞাপন দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত  ৫২ লাখ গৃহত প্ৰত্যেককে ৪ টাকৈ এল ই ডি বাল্ৱ যোগান ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদমেলত কয়। তদুপৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্দিষ্ট সাজ-পোছাক প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

এই সম্পৰ্কত তেওঁ কয়, ‘গাঁৱৰ ভিতৰুৱা অঞ্চলত কৰ্মচাৰীসকলে বিদ্যুতৰ সমস্যা সমাধানৰ বাবে গ’লে সেই অঞ্চলসমূহৰ জনসাধাৰণে তেওঁলোকক চিনি পোৱাত অলপ কঠিন হয়। সেয়েহে এতিয়াৰ পৰা  নিৰ্দিষ্ট সাজপাৰ দিয়া হ’ব যাতে সেইসমূহ পৰিধান কৰি তেওঁলোকে কৰ্মক্ষেত্ৰত যাব পাৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd