• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান’ অনুষ্ঠানত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 7, 2018 9:49 pm

2 min read

মুখ্য মন্ত্ৰী
531
VIEWS
Share on FacebookShare on Twitter

‘বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অবিহনে একবিংশ শতিকাত মানৱ সমাজ দ্ৰুততাৰে আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। বিজ্ঞানক জনপ্ৰিয় কৰিব লাগিব। সাধাৰণ ৰাইজৰ ওচৰলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক ওটৰ চপাই নিয়াৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টাৰে কাম কৰিব লাগিব। বিজ্ঞান আৰু প্ৰযুক্তি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। উৎপাদন, ব্যক্তিত্ব নিৰ্মাণ, অন্ধ বিশ্বাস, কুসংস্কাৰ আঁতৰ কৰাৰ বাবে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যথোচিত প্ৰয়োগ সম্ভৱ কৰি তুলিব লাগিব।’ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান অনুষ্ঠান উপলক্ষে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত তথা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগিতাত গুৱাহাটীৰ নেডফি গৃহত আয়োজিত সভাত মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত অৱসৰপ্ৰাপ্ত বিজ্ঞানী, বিজ্ঞান জনপ্ৰিয়কৰণৰ লগত জড়িত ব্যক্তি, গৱেষক যি সকলে ৰাজ্যৰ বিজ্ঞান জগতখনক সজীৱ কৰি তুলিছে সেই সকলক ৰাজহুৱাভাৱে স্বীকৃতি দিয়া হ’ব বুলি উল্লেখ কৰে।

আনহাতে আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ড০ সৰ্বেশ্বৰ বুজৰবৰুৱাক জীৱনজোৰা সাধনা বঁটা, ড০ অৰুণজ্যোতি বৰাক যুৱ বিজ্ঞানী বঁটা আৰু বিজ্ঞান জনপ্ৰিয় কৰণৰ বাবে অসম ৰাজ্যিক বিজ্ঞান সমিতিক ৰাজ্যিক বঁটা প্ৰদান কৰে। লগতে সৰ্বানন্দই ছাত্ৰ-ছাত্ৰীসকলক আঞ্চলিক পৰ্যায়ৰ বঁটা প্ৰদান কৰাৰ উপৰি ১৬ খন বিদ্যালয়লৈ বৃক্ষ ৰোপণ কৰাৰ বাবে চেক প্ৰদান কৰে।

অনুষ্ঠানটোত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, আই আই আই টিৰ মেণ্টৰ ডাইৰেক্টৰ গৌতম বৰুৱা, মুখ্য সচিব টি ৱাই দাস, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক অৰূপ কুমাৰ দত্তয়ো বক্তব্য ৰাখে।

আনহাতে অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব নীতিন খাৰেৰ উপৰি গণ্য-মান্য ব্যক্তি সকল উপস্থিত আছিল।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd