কংগ্ৰেছৰ দূৰ্গ ৰূপে খ্যাত নগাঁও জিলাৰ চামগুৰিত মনু বৰা নামৰ এগৰাকী বৃদ্ধা মহিলাই অতি দৰিদ্ৰ জীৱন অতিবাহিত কৰিও এটি আঞ্চলিক ৰাজনৈতিক দল ( অগপ)ৰ সাধাৰণ সমৰ্থক হোৱাৰ অপৰাধতে আই ৱাই ঘৰ, জৱ কাৰ্ড, বিজুলী সংযোগ, বৃদ্ধ পেঞ্চন আদিকে ধৰি বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱা এক কৰুণ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।
ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰতি থকা আস্থাহীনতাৰ বাবে অথবা তৈলমৰ্দনেৰে নিজৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰা মানসিকতাৰ বাবে সমষ্টিটোৰ আঞ্চলিকতাবাদী ভাৱাদৰ্শৰ বহু দৰিদ্ৰ পৰিয়ালে ইতিমধ্যে বিভিন্ন সময়ত ৰাষ্ট্ৰীয়তাবাদী নেতা-কৰ্মীৰ পৰা বিভিন্ন প্ৰকাৰে জীয়াতু ভূগি থাকিব লগা হোৱাটো কোনো নতুন কথা নহয় ৷
পৰিৱৰ্তনৰ সপোন দেখুওৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা বিজেপি দলৰ নেতা- কৰ্মীয়ে স্থানীয় নেতৃত্বৰ জৰিয়তে গাঁৱে গাঁৱে দুখীয়া নিচলাক চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি সহায়ৰ হাত আগবঢ়াবলৈ জৰীপ কাৰ্য অৱ্যাহত ৰাখিলেও প্ৰকৃত হিতাধিকাৰীৰ যোগ্যতা থকা মনু বৰাৰ দৰে বহু লোক বাৰে বাৰে ৰহস্যজনকভাৱে বঞ্চিত হ‘ব লগা হৈ আছে ৷
বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ দলৰ পূৰ্ণ সমৰ্থক হোৱাৰ স্বাৰ্থতে ডেকা বয়সৰ প্ৰায় সকল লোকে বৃদ্ধ পেঞ্চন লাভ কৰি আহিছিল যদিও নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভেলেউগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত গেন্ধালী বেবেজীয়াৰ নিবাসী মনু বৰা নামৰ বিধবা মহিলা গৰাকীয়ে জীৱনৰ প্ৰায় সত্তৰ বছৰ বয়সতো বৃদ্ধ পেঞ্চন পাবলৈ সক্ষম হোৱা নাছিল৷
দিন হাজিৰা কৰি অতি কষ্টৰে জীৱন সংগ্ৰাম অৱ্যাহত ৰখা দুৰ্ভগীয়া মহিলা গৰাকীয়ে বৃদ্ধ পেঞ্চন পোৱাৰ আশাৰে দুবাৰকৈ দুটা বেঙ্ক একাউন্ট খুলিছিল যদিও আজি পৰ্যন্ত চৰকাৰী কোনো সুবিধা নাপালে৷ দুটা পুত্ৰ সন্তানৰ মাতৃ গৰাকীয়ে পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে ভৰা সংসাৰৰ পৰা পৃথকে থাকি বোৱা কটাৰ লগতে মধ্যাহ্ণ সুৰুযৰ প্ৰখৰ তাপ মূৰতলৈ শাওনৰ পথাৰত ভুঁই ৰুই কাম কৰাৰ বিনিময়ত পোৱা পাৰিশ্ৰমিকেৰে কিছু অংশৰে কোনো মতে বেঙ্ক একাউণ্টটো চলাই থকাৰ লগতে মাতৃ স্নেহৰ মমতাৰে দুই পুত্ৰৰ পৰিয়ালকো সাধ্যানুসাৰে সহায় কৰি আহিছে ৷
এই গৰাকী বৃদ্ধা মহিলাৰ বিষয়ে জানিব পাৰি প্ৰাক্তন অগপ নেতা তথা বৰ্তমানৰ বাজিয়া মণ্ডল বিজেপিৰ সভাপতি বীৰেন শইকীয়া আৰু বাজিয়া গাওঁ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই মনু বৰা নামৰ বৃদ্ধা মহিলা গৰাকীক অনাগত দিনত জৱ কাৰ্ড, বৃদ্ধ পেঞ্চন আদি আঁচনিৰ জৰিয়তে পূৰ্ণ সহায় সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে।