• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন ঠাইত প্ৰশাসনৰ জ্ঞাতেই চলি থকা অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সমিতিয়ে আজি তিনিচুকীয়াত এখন সংবাদমেলৰ আয়োজন কৰি কয় যে মাৰ্ঘেৰিটাৰ বিভিন্ন অংশত কয়লাৰ অবৈধ খনন অব্যাহত আছে আৰু এইবোৰৰ পৰা নিচেই কমেও দৈনিক ৪ কোটি কয়লা অসমৰ বিভিন্ন ঠাইলৈ অবৈধভাৱে সৰবৰাহ হয়। ইয়াৰ ফলত চৰকাৰৰ বহু কোটি টকাৰ ৰাজহ লোকচান হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মতে এই খনিবোৰত কাম কৰিবলৈ নেপাল, তামিলনাডু আৰু অসমৰ গোৱালপাৰাৰ পৰা শ্ৰমিক অনা হয়। কেইটামান অবৈধ খননস্থলীৰ নাম দি সমিতিয়ে কয় যে টিংকুপানি, গুৰডিনি, পাহাৰপুৰী ফানেং, লালপাহাৰ, মাকুমপানী আৰু নামতক অঞ্চলত অবৈধ খনন চলি আছে। ‘শ্ৰমিকসকলক এক টন কয়লা খন্দাৰ বাবত ১০০০ টকা দিয়া হয় আৰু চোৰাং কাৰবাৰীসকলে এইবোৰ ১৫০০ ৰ পৰা ২০০০ টকাত বিক্ৰী কৰে আৰু তাৰ পাছত কয়লা মাফিয়াই এইবোৰ অসমৰ বিভিন্ন ঠাইত ৭০০০ টকাৰ পৰা ১০০০০ টকাত বিক্ৰী কৰে।’ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি লক্ষ্যজ্যোতি গগৈয়ে এইদৰে কয়।

সমিতিয়ে লগতে কয় যে অবৈধ কয়লা খননে অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰ তথা জৈৱ-বৈচিত্ৰ্যতো নেতিবাচক প্ৰভাৱ পেলাইছে।

Apply Now

বন বিভাগে বনাঞ্চলত কয়লা খনন কৰিবলৈ ঠিকা পাইছে বুলি দাবী কৰি অহাৰ প্ৰসংগত সমিতিৰ জিলা সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আৱেদনৰ পৰা এই কথা স্পষ্ট হয় যে ক’ল ইণ্ডিয়া লিমিটেডে অৰণ্যাঞ্চলত কয়লা খননৰ কোনো অনুমতি লাভ কৰা নাই।

গগৈয়ে কয় যে এইবোৰ সম্পূৰ্ণ ৰাজনৈতিক পৃষ্ঠপোষকতাত চলিছে আৰু বন বিভাগৰ সৈতে এইবোৰৰ সন্দেহজনক সম্পৰ্ক আছে। সেয়ে বন বিভাগ নীৰৱ হৈ আছে। তেওঁ আৰু লগতে কয় যে তেওঁ যোৱা ১৯ ডিচেম্বৰতে মাৰ্ঘেৰিটা আৰু লেখাপানী আৰক্ষী থানাত অবৈধ কয়লা খননত জড়িত ব্যক্তিৰ বিৰুদ্ধে এফ আই আৰু দাখিল কৰিছিল যদিও এতিয়ালৈকে গোচৰ ৰুজু নহ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd