• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমৰ্থনত থিয় দিলে অসমৰ বাঙালী দল-সংগঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 12:00 pm
মমতা বেনাৰ্জী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্য এক প্ৰকাৰ নাকচ কৰি অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমৰ্থনত থিয় দিলে অসমৰ বাঙালী দল-সংগঠন। অসমৰ বাঙালী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বহুকেইটা দল-সংগঠনে বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে মমতাৰ মন্তব্য ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ই অসমীয়া আৰু বাঙালীৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিক আঘাত কৰিব।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ পৰ্য্যৱেক্ষণত অসমত চলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ অংশস্বৰূপে যোৱা ৩১ ডিচেম্বৰৰ মাজৰাতি ইয়াৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ তিনিদিন পিছতে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চি উন্নীতকৰণ অসমৰ পৰা বাঙালী লোকসকলক বাহিৰ কৰাৰ ষড়যন্ত্ৰ বুলি ৰাজহুৱা মন্তব্য কৰিছিল। মমতাৰ এই মন্তব্যৰ পিছত অসমত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। অসমৰ থলুৱা লোকৰ বিভিন্ন দল-সংগঠনে বেনাৰ্জীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে একাধিক আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Apply Now

মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰীজনৰ মন্তব্যত অসমত থকা বাঙালী লোকসকলৰ স্বাৰ্থৰ কথা প্ৰকাশ পালেও অসমৰ বাঙালী সম্প্ৰদায়ে তাক সহজভাৱে লোৱা নাই আৰু ই অসমৰ বাঙালী লোকসকলক ক্ষতিহে কৰিব বুলি শংকা প্ৰকাশ কৰিছে।

তিনিচুকীয়াৰ পৰা সদৌ অসম বাঙালী যুৱ ফেডাৰেইশ্যনৰ তিনিচুকীয়া জিলা সভাপতি অজিত দেবনাথ আৰু সম্পাদক প্ৰদীপ নন্দীয়ে কয় যে কেতিয়াও অসমৰ বাঙালীসকলৰ কথাত মাত নমতা মমতা বেনাৰ্জীয়ে কেৱল ৰাজনীতি কৰিবৰ বাবেই এই ধৰণৰ মন্তব্য কৰিছে। তেওঁলোকে বিবৃতিটোত লগতে কয় যে এন আৰ চি উন্নীতকৰণ বিজেপিৰ চৰকাৰৰ নিৰ্দেশত হোৱা নাই, হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত। গতিকে বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ এনেকুৱা মন্তব্য কৰা উচিত নহয়। তেওঁৰ মন্তব্য বাঙালীসকৰল প্ৰতি দৰদৰ পৰিৱৰ্তে নিজৰ ৰাজনৈতিক অভিসন্ধিৰে ভৰা বুলি নেতাদ্বয়ে অভিযোগ কৰে।

আনহাতে নগাওঁ বাঙালী সন্মিলনীৰ সভাপতি ৰবিশংকৰ মজুমদাৰে কয় যে অসমত বাঙালীসকল অসমীয়াৰ সৈতে দীৰ্ঘদিন ধৰি সুখ-শান্তিৰে বাস কৰি আহিছে। তেনেস্থলত মমতা বেনাৰ্জীৰ মন্তব্য অতিকে দুৰ্ভাগ্যজনক। নিজৰ মন্তব্যত তেওঁ অসমৰ বাঙালীসকলৰ বাবে মমতা বেনাৰ্জীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই, ইয়াৰ বাবে বৃহত্তৰ অসমীয়া জাতি আৰু অসম চৰকাৰ আছে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। তেওঁ অসমৰ বাঙালীসকলক এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ থাকিবলৈও আহ্বান জনায়।

নগাৱঁৰ এজন সমাজকৰ্মী কাৰ্তিক সাহাই কয় যে অসমৰ বায়ু-পানীৰ সৈতে বিলীন হৈ থকা বাঙালী সম্প্ৰদায়ে কেতিয়াও আন ৰাজ্যৰ নেতাৰ উচটনিত ভোল যোৱাৰ দৰকাৰ নাই।

উল্লেখযোগ্য যে আছুকে ধৰি অসমৰ দল-সংগঠনবোৰেও মমতাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd